বুধবাৰে সংসদ ভৱনত ‘কালাৰ স্মোক’ নিৰ্গত কৰাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তাৰলভাৱে সমগ্ৰ দেশকেই যেন স্তম্ভিত কৰি তুলিছিল। নতুন সংসদ ভৱনৰ নিৰাপত্তাৰ বেহু ভেদি লগত কিদৰে কেনষ্টাৰ লৈ গৈ সদনত দুজন যুৱকে আতংকৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল, তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে সেইদিনাই গ্ৰেপ্তাৰ কৰে এগৰাকী যুৱতীসহ ৪ জন অভিযুক্তক। 

পৰৱৰ্তী সময়ত তদন্ত চলাই পুনৰ গ্ৰেপ্তাৰ কৰা হয় আন দুজনক। আৰু ইয়াৰ পিছতে এই ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰা আন এজনে নিজেই থানালৈ গৈ কৰে আত্মসমৰ্পণ। বৃহস্পতিবাৰে থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰা যুৱকজন পেছাত এগৰাকী শিক্ষক, নাম তেওঁৰ ললিত ঝা। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ললিতৰ নেতৃত্বতে সদনৰ ভিতৰে-বাহিৰে ৰঙীন ধোঁৱা বিয়পাই শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৪ যুৱক-যুৱতীয়ে।

দৰাচলতে বুধবাৰে লোকসভাত জিৰ’ আৱাৰ চলি থকাৰ সময়তে দৰ্শকৰ গেলেৰীৰ পৰা হলঘৰলৈ জঁপিয়াই সৰু কেনিষ্টাৰৰ পৰা ৰঙীণ ধোঁৱা নিৰ্গত কৰি শ্লোগান দিছিল দুই যুৱকে। একে সময়তে সংসদ ভৱনৰ চৌহদৰ বাহিৰতো হালধীয়া ধোঁৱা এৰি দি ‘একনায়কত্ববাদ বন্ধ কৰক’ ধৰণৰ শ্লোগান দিছিল আমোল শিণ্ডে আৰু নীলম নামৰ দুই প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল চাৰিওজনক। ইয়াৰ পিছতে বৃহস্পতিবাৰে থানালৈ আহি নিজে আত্মসমৰ্পণ কৰে ললিতেও। তাৰ পিছত তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। 

এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, ৩২ বছৰীয়া ললিত মূলতঃ বিহাৰৰ যদিও তেওঁ কলকাতাত শিক্ষক হিচাপে কাম কৰে। আৰক্ষীয়ে জনোৱা মতে, ললিত ঝা স্বাধীনতা সংগ্ৰামী ভগত সিঙৰ পৰা অনুপ্ৰাণিত হৈছিল। 'নীলাক্ষ আইচ' নামৰ এটা বেচৰকাৰী সংস্থাৰ সাধাৰণ সম্পাদকৰ পদতো আছে ললিত। বুধবাৰে যেতিয়া প্ৰতিবাদকাৰীয়ে সংসদ চৌহদত ৰঙীন ধোঁৱা নিৰ্গত কৰিছিল, তেতিয়া ললিতে ইয়াৰ ভিডিঅ’ বনাই এন জি অ’টোৰ প্ৰতিষ্ঠাপকলৈ বাৰ্তা প্ৰেৰণ কৰি লিখিছিল “তেওঁলোক সুৰক্ষিত”।

‘নিৰ্জু স্বভাৱৰ এগৰাকী শিক্ষক ললিত’

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ললিত ঝাৰ পুৰণি চুবুৰীয়াই কয় যে তেওঁ আগতে কলকাতাৰ বড়া বজাৰ অঞ্চলত স্থানীয় শিশুসকলক পঢ়ুৱাইছিল। ওচৰ-চুবুৰীয়াই কয়, “ঝা এজন শান্ত স্বভাৱৰ ব্যক্তি আছিল আৰু আগতে নিজৰ কামতে নিমজ্জিত হৈ আছিল। দুবছৰ আগতে তেওঁ এই অঞ্চল এৰি যায়।”

তেওঁৰ ওচৰ-চুবুৰীয়াৰ এজনে কয়, “আমি তেওঁক শিক্ষক হিচাপেই চিনি পাইছিলোঁ। কেইবছৰমান আগতে তেওঁ এই অঞ্চললৈ আহিছিল, অকলে থাকিছিল, আৰু মানুহৰ লগত খুব কমেইহে কথা-বতৰা পাতিছিল।" অঞ্চলটোত এখন সৰু চাহৰ দোকান চলোৱা ব্যক্তিজনে পুনৰ কয়, “কেতিয়াবা চাহ খাবলৈ মোৰ দোকানলৈ আহিছিল। বহুত লো প্ৰফাইল ৰাখিছিল।এদিন হঠাতে ইয়াৰ পৰা গুচি যায়, তাৰ পিছত আৰু ঘূৰি অহা নাই।”

আন এজন চুবুৰীয়াই পিটিআইক জনোৱা মতে, ললিত ঝাৰ পিতৃয়ে আগতে সেই অঞ্চলত চকীদাৰ হিচাপে কাম কৰিছিল। ললিত দুবছৰ পূৰ্বে উত্তৰ ২৪ পৰগনাৰ বাগুয়াটিলৈ গৈছিল।

ফটোঃ মাষ্টাৰমাইণ্ড শিক্ষক ললিত ঝা

আত্মসমৰ্পণৰ পূৰ্বে মচি পেলালে কাৰিকৰী প্ৰমাণ

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, বৃহস্পতিবাৰে পুৱা আত্মসমৰ্পণৰ পূৰ্বে ললিত ঝাই সকলো কাৰিকৰী প্ৰমাণ নষ্ট কৰে। সংসদ ভৱনৰ পৰা আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত ললিতো তাত উপস্থিত আছিল যদিও তেওঁ কেনেবাকৈ পলায়ন কৰে।

আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে বাতৰি কাকতখনে লিখিছে, “নিশা প্ৰায় ১১.৩০ বজাত তেওঁ বাছেৰে ৰাজস্থানৰ কুচামান চহৰত উপস্থিত হয়, য’ত তেওঁ নিজৰ সংগী মহেশক লগ পায়। মহেশেও এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিব বিচাৰিছিল, কিন্তু মাকে বাধা দিয়াৰ বাবে অৱশেষত তেওঁ যোগদান কৰিব নোৱাৰিলে। মহেশে 'ভগত সিং ফেন পেজ' নামৰ ফেচবুক গ্ৰুপৰ জৰিয়তে ললিত ঝা আদিৰ সৈতে সংযোগ স্থাপন কৰিছিল।"

বাতৰি কাকতখনে পুনৰ লিখিছে, “তদন্তত প্ৰকাশ পাইছে যে মহেশে তেওঁৰ খুলশালীয়েক কৈলাশৰ সৈতে ললিত ঝাক এখন ধাবালৈ লৈ গৈছিল আৰু ধাবাৰ মালিকৰ পৰা এটা কোঠা লৈছিল। ধাবাৰ মালিকে মহেশক চিনি পাই ৰুম এটা দিছিল। বৃহস্পতিবাৰে পুৱা এই দুজনৰ সহায়ত ঝাই ফোনকে ধৰি কাৰিকৰী প্ৰমাণ নষ্ট কৰে। ইয়াৰ পিছত মহেশ আৰু ললিত ঝাই আত্মসমৰ্পণ কৰিবলৈ ওলাইছে বুলি কৈ কৈলাশক এৰি থৈ যায়।"

ইয়াৰ পিছতে বৃহস্পতিবাৰে বিয়লি কৈলাশৰ ফোন নম্বৰৰ জৰিয়তে আৰক্ষীয়ে তেওঁক জিম্মাত লৈ যায়। কৈলাশে আৰক্ষীক জনোৱা মতে, ললিত ঝা আৰু মহেশ ৰেলযোগে জয়পুৰলৈ ৰাওনা হৈছে আৰু তাৰ পৰা দিল্লীলৈ বাছ ধৰিব। ইয়াৰ পিছত আৰক্ষীয়ে বহু ঠাইত অভিযান চলায় যদিও কিছু সময়ৰ পাছত ডিউটি ​​পাথ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে ললিতে।

কি হ’ল আদালতত?

গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ললিত ঝা আৰু আন কেইজন অভিযুক্তৰ বিৰুদ্ধে ইউএপিএৰ ধাৰাৰ অধীনত এফআইআৰ ৰুজু কৰে। বৃহস্পতিবাৰে অভিযুক্তক আদালতত হাজিৰ কৰোৱাত পটিয়ালা হাউছ কোৰ্টে অভিযুক্তক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। সংবাদ সংস্থা 'দ্য হিন্দু’ৰ প্ৰতিবেদন অনুসৰি অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ পূৰ্বে আদালতে অভিযুক্তক এজন অধিবক্তা দিছিল কাৰণ তেওঁলোকৰ প্ৰতিনিধিত্ব কৰিবলৈ কোনো অধিবক্তা নাছিল। খবৰ অনুসৰি এজন অভিযুক্তই আদালতত কয় যে গ্ৰেপ্তাৰৰ পিছত পৰিয়ালৰ সৈতে কোনো কথা পতা নাই।

অতিৰিক্ত লোক অভিযোজক অতুল শ্ৰীবাস্তৱে এন আই এৰ গোচৰৰ বিশেষ ন্যায়াধীশ হৰদীপ কৌৰক কয় যে এই কাৰ্য্য “এটা সুপৰিকল্পিত ষড়যন্ত্ৰ”ৰ অংশ হিচাপে সংঘটিত কৰা হৈছে। অভিযুক্তসকল "সন্ত্রাসবাদী সংগঠন"ৰ সৈতেও জড়িত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে শ্ৰীবাস্তৱে।

শ্ৰীবাস্তৱে আদালতত কয়- “পমফ্লেটখন চাওক, তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইয়াত প্ৰধানমন্ত্ৰীৰ ছবি আছে যাক ‘নিৰুদ্দেশ হোৱা ব্যক্তি’ হিচাপে দেখুওৱা হৈছে। ‘তেওঁক বিচাৰি পোৱাৰ বাবে’ চুইজাৰলেণ্ডৰ বেংকৰ পৰা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে। “এই লোকসকলে প্ৰধানমন্ত্ৰীক ‘ঘোষিত অপৰাধী’ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে।”

ফটোঃ নীলমৰ মাতৃ সৰস্বতী

এই গোচৰত এতিয়ালৈকে কি হৈছে?

বুধবাৰে ভাৰতীয় সংসদত প্ৰতিবাদকাৰীয়ে শ্লোগান দি অট্টালিকাৰ ভিতৰত আৰু বাহিৰত হালধীয়া ধোঁৱা বিয়পাই দিয়াত বিশৃংখলতাৰ সৃষ্টি হয়। এই গোচৰত বৃহস্পতিবাৰলৈকে আৰক্ষীয়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ সন্ত্ৰাসবাদ বিৰোধী আইন ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

ধৃত একাংশ লোকৰ পৰিয়ালৰ লোকে কয় যে তেওঁলোকে দেশৰ নিবনুৱা সমস্যা আৰু অন্যান্য সংকটৰ বাবে উদ্বিগ্ন হৈ পৰিছিল আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। এই ঘটনাৰ তদন্তৰ বাবে গৃহ মন্ত্ৰালয়েও গঠন কৰিছে এখন কমিটী। সংসদৰ নিৰাপত্তা বৃদ্ধিৰ বাবে আৰু কি ব্যৱস্থা কৰিব লাগে সেই বিষয়েও এই কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিব। 

ইফালে বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰ দাবী কৰি সংসদত হুলস্থুলৰ সৃষ্টি কৰাৰ বাবে ১৪জন সাংসদক নিলম্বন কৰা হয়। মণিকম ঠাকুৰ, কনিমোঝি, পাৰ নটৰাজন, ভাক সৰিকান্দন, বেনী ব্ৰাহ্মণ, কে সুব্ৰমণিয়াম, এছ ভেংকটেশ, মহম্মদ জাভেদকে ধৰি মুঠ ১৩ গৰাকী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হয়। আনহাতে ৰাজ্যসভাৰ পৰা টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনকো সমগ্ৰ শীতকালীন অধিবেশনৰ বাবে নিলম্বন কৰা হৈছে।

লোকসভা সচিবালয়েও নিৰাপত্তাৰ ক্ষেত্ৰত এই ভুল সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। নিলম্বিত সাংসদসকলৰ ভিতৰত কংগ্ৰেছৰ ৯জন, চিপিএমৰ ২জন, ডিএমকেৰ এজন, চিপিআইৰ এজন আৰু টিএমচিৰ এজন সাংসদ আছে।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

কি কয় প্ৰতিবাদকাৰীৰ আত্মীয়ই?

দৰ্শক গেলেৰীৰ পৰা জঁপিয়াই পৰাসকলৰ ভিতৰত অন্যতম হৈছে সাগৰ শৰ্মা। তেওঁৰ ঘৰ লক্ষ্ণৌত। সংবাদ সংস্থা পিটিআইৰ মতে, সাগৰৰ পৰিয়ালৰ লোকে জনাইছে যে দিল্লীত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ তেওঁ কিছুদিন পূৰ্বে ঘৰৰ পৰা ওলাই আহিছিল। আৰক্ষীৰ মতে, সাগৰৰ পৰিয়ালটো মূলতঃ উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ। পৰিয়ালৰ লোকৰ উদ্ধৃতিৰে আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ বেংগালুৰুৰ পৰা লক্ষ্ণৌলৈ উভতি আহিছিল সাগৰ।

সাগৰৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, "মোৰ ভাইটিয়ে ই-ৰিক্সা চলাইছিল। আগতে সি বেংগালুৰুত কাম কৰিছিল।" সাগৰৰ মাতৃ ৰাণীয়ে কয়, “সি দুদিন আগতে ঘৰৰ পৰা ওলাই গৈছিল। বন্ধু-বান্ধৱীৰ সৈতে কিবা কামৰ বাবে দিল্লীলৈ যোৱা বুলি কৈছিল।”

দৰ্শক গেলেৰীৰ পৰা লোকসভাৰ মজিয়ালৈ জপিয়াই পৰা দ্বিতীয়জন ব্যক্তিৰ নাম মনোৰঞ্জন ডি। তেওঁ বিজেপি সাংসদ প্ৰতাপ সিম্হাৰ সমষ্টি মহীশূৰৰ নিৱাসী। জানিব পৰা মতে, বিজেপি সাংসদগৰাকীৰ ৰেফাৰেন্সতে মনোৰঞ্জনে লোকসভাত প্ৰৱেশৰ পাছ লাভ কৰিবলৈ সক্ষম হৈছিল।

বাতৰি অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ পিছতে পুত্ৰ মনোৰঞ্জনৰ এই কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে পিতৃ দেৱৰাজু গৌড়াই। পিতৃয়ে সাংবাদিকৰ আগত কয় যে তেওঁলোকৰ পৰিয়ালটোৰ মূল জীৱিকা হৈছে কৃষি। মনোৰঞ্জনে আভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ পিছত হাছান জিলাত অৱস্থিত নিজ গাঁৱত খেতি কৰিবলৈ আৰম্ভ কৰিছিল। দেৱৰাজু গৌড়াই কয়, "সি স্বামী বিবেকানন্দৰ বিষয়ে বহু অধ্যয়ন কৰিছে। সি কেৱল সমাজৰ বাবে, অভাৱগ্ৰস্তৰ বাবে ভাল কাম কৰিব বিচাৰিছিল।"

ইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰাৰ পিছত গাঁওলৈ ঘূৰি আহি কুকুৰা, ভেড়া আৰু মীন পালনত মনোনিৱেশ কৰিছিল মনোৰঞ্জনে। পিতৃয়ে কয় যে মনোৰঞ্জনে আগতে দিল্লীলৈ গৈছিল যদিও তাত কি কৰিছিল, সেয়া পৰিয়ালৰ কাকো জনোৱা নাছিল।

ইফালে সংসদৰ বাহিৰত হালধীয়া ধোঁৱা বিয়পাই আৰু প্ৰতিবাদী শ্লোগান দি গ্ৰেপ্তাৰ হোৱা নীলমৰ মাতৃ সৰস্বতীয়ে সংবাদ সংস্থা এএনআইক জনোৱা মতে, চাকৰি নোপোৱাৰ বাবে তেওঁৰ কন্যা মানসিকভাৱে অস্থিৰ হৈ পৰিছিল। নীলমৰ কনিষ্ঠ ভাতৃয়ে কয়, "তাই বি এ, এম এ, বি এড, এম এড, চি টি ই টি, এমফিল আৰু নেটৰ যোগ্যতা অৰ্জন কৰিছিল। কিন্তু নিবনুৱা সমস্যাক লৈ তাই বহু চিন্তিত আছিল আৰু সেয়ে বাৰে বাৰে এই বিষয়টো উত্থাপন কৰিছিল। দিল্লীত সাব্যস্ত হোৱা কৃষক আন্দোলনতো অংশ লৈছিল নীলমে।"

ফটোঃ সংবাদ মাধ্যমৰ সমুখত সাগৰৰ মাতৃ

এবিপি নিউজৰ সন্মুখত নীলমৰ মাতৃ সৰস্বতীয়ে কয়, "মই অনুশোচনা অনুভৱ কৰা নাই। নীলমে যিয়েই নকৰক কিয়, তাই মোৰ মতে সঠিক কামেই কৰিছে। তাই ইমান শিক্ষিত হৈও নিবনুৱা আছিল, চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। তাইৰ দৰে আন বহু ল'ৰা-ছোৱালী আছে, যিয়ে এটা সংস্থাপনৰ বাবে চিন্তিত হৈ পৰে। নীলমে কাৰো ওপৰত মাৰাত্মক আক্ৰমণ চলোৱা নাই। নিবনুৱা সমস্যা অনুসৰি  তাই পদক্ষেপ লৈছে।"

মাতৃয়ে লগতে কয়, "তাই কৰ্ম সংস্থাপনৰ বাবে বহুত চিন্তিত হৈ পৰিছিল আৰু অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল যে তাই পৰিয়ালটোৰ ওপৰত এটা বোজাহে মাথো।  মই মোৰ ছোৱালীক বুজাইছিলো যে চাকৰি নাপালেও কোনো কথা নাই। আমি তোমাক বোজা বুলি নাভাৱো। কিন্তু তাই বৰ বিচলিত হৈছিল, আনকি তাই এবাৰ নে দুবাৰ মোৰ সন্মুখত মৰাৰ কথাও কৈছিল।" নীলমৰ মাতৃয়ে কয়, “আমাৰ কাৰো লগত কোনো সম্পৰ্ক নাই। চৰকাৰে তাইক এটা সংস্থাপন দিয়ক, তেতিয়া আমি বিনাদ্বিধাই ক্ষমা খুজিম। তাইক অকাৰণত ৰাজনীতিৰ সৈতে জড়িত কৰা হৈছে।"

অন্যহাতে সংসদ ভৱনৰ বাহিৰত নীলমৰ সৈতে প্ৰতিবাদ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা আমোল শিণ্ডে মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ বাসিন্দা। বুধবাৰে কেইবাটাও আৰক্ষীৰ দলে শিণ্ডেৰ গাঁৱত উপস্থিত হৈ তেওঁৰ ঘৰত তালাচী চলায়। তথ্য অনুসৰি আমোল শিণ্ডেয়ে  কেইবছৰমান আগলৈকে আৰক্ষী নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু আৰক্ষীয়ে জনোৱা মতে, তেওঁ বাৰে বাৰে পৰীক্ষাত ব্যৰ্থ হৈছিল।