মাৰ্ঘেৰিটাঃ বনৰীয়া হাতীয়ে ৰাজ্যৰ বহু পৰিয়ালক গৃহহাৰা কৰাৰ সময়তে শনিবাৰে নিশা তিনিচুকীয়া জিলাত কেইবাটাও পৰিয়ালক গৃহহাৰা কৰে হাতীৰ জাকে৷

জানিব পৰা মতে, খাদ্যৰ সন্ধানত প্ৰায়ে পাহাৰৰ নামি অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই যদিও বন বিভাগে হাতীৰ জাক খেদিবলৈ কিঞ্চিত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

যোৱা কিছুদিন ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে জিলা খনৰ অসম-অৰুণাচল সীমান্তৰ ৪নং জাগুন-ৱাগুনত নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি পেলাই৷

৪নং জাগুনৰ কেইবাটাও পৰিয়াল গৃহহাৰা হ’ব লগা হয়৷ আনহাতে, পৰিয়াল সমূহে হাতীৰ আক্ৰমণৰ পৰা নিজকে বুদ্ধিৰে ৰক্ষা কৰে৷

সাতঁটাকৈ পৰিয়ালৰ সদস্যই কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এগৰাকী লোক হাতীৰ আক্ৰমণত আহত হয়৷ ইতিমধ্য গৃহহীন পৰিয়াল সমূহে হাতীৰ আক্ৰমণৰ পৰা জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যোৱা বুলি জানিব পৰা গৈছে৷

সুখৰাম মাহলি নামৰ লোকজনে হাতীৰ আক্ৰমণত আহত হৈ জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে বুলি জানিব পৰা গৈছে৷ বন বিভাগৰ গাফিলতিৰ বাবে প্ৰায়ে অঞ্চলটোত এনে কাণ্ড সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷