গুৱাহাটীঃ আন ১০গৰাকী যুৱতীৰ দৰে প্ৰিয়ংকাৰো (নাম সলনি কৰা হৈছে) অনেক সপোন আছিল। মেধাৰ বলত লাভ কৰা চৰকাৰী চাকৰি কৰি পোৱা দৰমহাৰ ধনেৰে পৰিয়াল তথা ভ্ৰাতৃ-ভগ্নী আৰু পিতৃ-মাতৃৰ অভাৱ-অনাটন দূৰ কৰাৰো প্ৰয়াস কৰিছিল যুৱতীগৰাকীয়ে।

এটা ভিতৰুৱা অঞ্চলৰ এই যুৱতীগৰাকীয়ে পৰিয়ালৰ পছন্দক অগ্ৰাধিকাৰ দি  এটা চহকী পৰিয়ালৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ত্ৰিদীৱ নামৰ সুন্দৰ-সুঠাম চেহেৰাৰ যুৱকজনক প্ৰিয়ংকাৰো পছন্দ হৈছিল। কইনা চাবলৈ অহাৰ সময়ত প্ৰিয়ংকাই সপোনতো ভাবিব পৰা নাছিল যে দেখাত ধীৰ-স্থিৰ ত্ৰিদীৱ প্ৰকৃততে অতি উচ্ছৃংখল প্ৰকৃতিৰ।

অনেক যুৱতীৰে তেওঁৰ অবৈধ সম্পৰ্ক আছিল। যি কথা বিয়াৰ পূৰ্বে ঘূণাক্ষৰেও জনা নাছিল প্ৰিয়ংকাই। অৱশেষত প্ৰিয়ংকাৰ সন্মতিতে ধুমধামেৰে দুয়োৰে বিয়া সম্পন্ন হয়। কিন্তু বিয়াৰ কিছুদিন পাছতে ত্ৰিদীৱ এক আচহুৱা ৰোগত আক্ৰান্ত হোৱাত প্ৰিয়ংকাই নিজেই স্বামীক এজন বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ নিয়ে।

বিশেষজ্ঞজনে ত্ৰিদীৱৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত বিধান দিয়া এটা ৰক্ত পৰীক্ষাত যি তথ্য পোহৰলৈ আহিল সেয়া দেখি প্ৰিয়ংকাৰ জ্ঞান হেৰাই যোৱাৰ উপক্ৰম ঘটিল। কাৰণ প্ৰিয়ংকাৰ স্বামী ত্ৰিদীপ আক্ৰান্ত হৈছিল মাৰাত্মক এইড্‌ছত, যাৰ কোনো চিকিৎসা নাই। চিনাকী-অচিনাকী অসংখ্য যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ পৰিণতিত ত্ৰিদীপ এই মাৰাত্মক ৰোগত আক্ৰান্ত হয়।

ত্ৰিদীপ এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে প্ৰিয়ংকাই জীৱনক লৈ দেখা সকলো সপোন ভাঙি চুৰমাৰ হয়। ততোধিক হতাশ হয় যেতিয়া ত্ৰিদীপে এইড্‌ছত আক্ৰান্ত অৱস্থাতো বিভিন্ন যুৱতীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকাৰ কথা তেওঁ জানিব পাৰে।

অৱশেষত প্ৰিয়ংকাই জীৱনৰ সকলো মায়া-মোহ এৰি আত্মঘাতী হয়। বিবাহৰ পূৰ্বে কিঞ্চিত সাৱধানতা অৱলম্বন কৰি নিজৰ লগতে তেতিয়ালৈ অচিনাকী ত্ৰিদীৱৰ ৰক্ত পৰীক্ষা কৰোৱা হ’লে সপোন দেখাৰ বয়সতে প্ৰিয়ংকাৰ ক্ষেত্ৰত এনে দুৰ্ভাগ্যজনক ঘটনা নঘটিলহেঁতেন বুলি চিকিৎসকে আঙুলিয়াই দিছে।