ডিজিটেল ডেস্কঃ শাস্তি কেতিয়াও শিকনৰ আহিলা হ’ব নোৱাৰে। কিন্তু এই শাস্তিয়ে কি ভয়াৱহ পৰিণাম আনিব পাৰে সেয়া প্ৰমাণত হ’ল এগৰাকী কাণ্ডজ্ঞানহীন মহিলাৰ কৰ্মকাণ্ডত। 

চিন্থিয়া মেৰী নামৰ মহিলাগৰাকীয়ে নিজৰ চৌহদতে পাৰ্ক কৰি থোৱা গাড়ীখনৰ ভিতৰত খেলি আছিল নিজৰ পানীকেচুৱা পুত্ৰক লৈ ২ বছৰীয়া জীয়ৰী জুলিয়েট।

চিন্থিয়াই গাড়ীৰপৰা ওলাই আহি খেলিবলৈ কোৱাত অমান্তি হোৱা দেখিয়ে এশিকনি দিম বুলিয়ে গাড়ীখনৰ ভিতৰত দুয়োজনকে আবদ্ধ কৰি থৈ দিয়ে। তাৰ পিছতে ঘটে অঘটন। 

টেক্সাছত তেতিয়া উষ্ণতা ৯৬ ডিগ্ৰী ফাৰেণহাইট! ৱেদাৰফ’ৰ্ড এলেকাৰ ঘৰৰ চৌহদত পাৰ্ক কৰি থোৱা গাড়ীখনৰ ভিতৰৰ উষ্ণতা অকল্পনীয়। তেনেতে ঘটিল অঘটন। 

ঘৰৰ কাম-কাজ সামৰি এঘণ্টামানৰ পিছত আহি চিন্থিয়াই দেখে যে দুয়োজনেই সংজ্ঞান হেৰুৱাই গাড়ীত পৰি আছে। পিছত হস্পিতাললৈ নিয়া হয় যদিও ইতিমধ্যে দুয়োজনৰে মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰে। 

উল্লেখ্য যে ২৬ মে’ত এই ঘটনা ঘটিছিল যদিও ২৪ বছৰয়ী চিন্থিয়াই ঘটনাৰ অইন ভাষ্যহে আৰক্ষীৰ আগত ব্যক্ত কৰি আহিছিল।

বাৰম্বাৰ ভাষ্যৰ ভিন্নতা দেখিয়ে আৰক্ষীৰ সন্দেহ উপজিছিল চিন্থিয়াৰ ওপৰত। আৰক্ষীৰ নেৰানেপেৰা জেৰাত অৱশেষত সত্য উন্মোচন হয়।