ডিজিটেল ডেস্কঃ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে এটি অট্টালিকা, ভিতৰত শ শ মানুহ আবদ্ধ হৈ আছে। এনেকুৱা এটা সময়ত নিজৰ প্ৰাণ যেনি-তেনি বচাই উদ্ধাৰ পোৱাৰ কথাহে হয়তো সকলোৰে মনলৈ আহিব।

কিন্তু এগৰাকী মাতৃয়ে কেনেদৰে নিজ সন্তানক এৰি যাব পাৰিব! সেয়ে কিংকৰ্তব্য বিমূঢ় হোৱা মাতৃয়ে অৱশেষত সিদ্ধান্ত ল’লে যে নিজে বাচক বা নাবাচক, কোলাৰ সন্তানটি বাচিব লাগিব। সেয়ে দহ মহলাৰ পৰা তলত দেখা ভিৰলৈ দলিয়াই দিলে নিজ শিশুটো। এই ভাষ্য প্ৰত্যক্ষদৰ্শীৰ।

তলত কোনোবাই ধৰিলে নে নাই, সেয়া নিশ্চিত নহ’লেও এটা কথা নিশ্চিত হ’ল যে জুইত জাহ যোৱাৰ পৰা শিশুটি বাচিল। এনেকুৱাই দৃশ্য দেখা গ’ল বুধবাৰে লণ্ডনৰ এটা ব্যস্ত জনবসতিপূৰ্ণ এলেকাৰ এটা বৃহৎ অট্টালিকাত।  

পুৱাৰ ভাগতে ২৭ টা মহলাৰ বৃহৎ অট্টালিকাটোত লাগিল জুই। হোৱাইট চিটি জিলাৰ লেটিমাৰ ৰোডস্থিত গ্ৰেনফেল টাৱাৰত এই জুই দ্বিতীয় মহলাৰপৰা একেবাৰে ওপৰ মহলা পৰ্যন্ত বিয়পি পৰাত অসহায় হৈ পৰিল শ শ পৰিয়াল। 

আকাশ লংঘী লেলিহান শিখাই আগুৰি ধৰা অট্টালিকাটোত অগ্নিনিৰ্বাপক বাহিনীৰ দুই শতাধিক কৰ্মীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলালে। তাৰ মাজতে দেখা গ’ল অট্টালিকাটোত আবদ্ধ হৈ থকা মানুহবোৰে টিশ্বাৰ্ট, ৰঙা কাপোৰৰ টুকুৰা আদি লৈ খিৰিকীৰ কাষত কোনোমতে থিয় হৈ হাত বাউল দি সহায়ৰ বাবে চিঞৰিছে। 

উক্ত অট্টালিকাটোৰে বাসিন্দা জো ৱালেশ্ব নামৰ ৬৮ বছৰীয়া লোকজনে দেখিছিল সেই দৃশ্য। এগৰাকী ক্ৰন্দনৰতা মাতৃয়ে নিজহাতে খিৰিকীৰে দলিয়াই দিছিল বাহিৰলৈ দুটিকৈ শিশুক। তেনেদৰে বহুতেই নিজৰ ল’ৰা-ছোৱালীক খিৰিকীৰে দলিয়াই দি ধোৱাৰ মাজত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱতি লৈছিল।