লক্ষ্ণৌঃ চলন্ত ৰেলতে বলপূৰ্বক এচিড পান কৰালে মহিলাক৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে লক্ষ্মৌত৷ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত গংগা-গোমতী এক্সপ্ৰেছত উদ্ধাৰ হয় মহিলাগৰাকী৷ ৰেলৱে আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে ৰায়বৰেলীৰ পৰা যাত্ৰা কৰিছিল৷

ৰেলতে দুজন অচিনাক্ত ব্যাক্তিয়ে তেওঁক বলপূৰ্বকভাৱে এচিড পান  কৰোৱায় আৰু পলায়ন কৰে৷ মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷  উত্তৰ প্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চিকিৎসালয়ত মহিলাগৰাকীক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়৷

তদুপৰি মহিলাগৰাকীক বিনামুলীয়া চিকিৎসা তথা ১ লাখ টকাৰ ক্ষতিপুৰণ দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি চিকিৎসকক মহিলাগৰাকীৰ বিশেষ যত্ন ল’বলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷

উল্লেখ্য যে এই মহিলাগৰাকীয়ে ২০০৮ চনত গণধৰ্ষণৰ বলি হৈছিল। ইতিমধ্যে মহিলাগৰাকীক তিনিবাৰকৈ আক্ৰমণ হৈছে। একেটা গোটেই এই অপৰাধত জৰিত থকা বুলি সন্দেহ কৰা হৈছে।