এয়া যেন এক দুঃস্বপ্ন! আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নীলা সমুদ্ৰত দেওবাৰে সন্ধিয়া হঠাৎ নামি আহিছিল কাঁহ পৰি জিন যোৱা নিস্তব্ধতা! সেই সন্ধিয়া হিয়া ভাগিছিল ১৪০ কোটি ভাৰতীয়ৰ। বিশ্বকাপ ফাইনেলৰ খেলপথাৰত অষ্ট্ৰেলিয়া বাহিনীৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছতে বেজাৰত উচুপি উঠিছিল ভাৰতৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ অন্তৰাত্মাই।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আইচিচি বিশ্বকাপ পুৰুষ, ২০২৩ৰ চূড়ান্ত খেলখন। এই খেলখনত খেলপথাৰত সন্মুখ সমৰত অৱতীৰ্ণ হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়া। ছেমি ফাইনেলকে ধৰি বিশ্বকাপৰ ১০ খন খেলত একেৰাহে বিজয় লাভ কৰি অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোৰ ওপৰত এইবাৰৰ বিশ্বকাপ জয়ৰ বিশ্বাস সুদৃঢ় কৰিছিল কোটি কোটি ভাৰতীয়ই। আনহাতে বিশ্বকাপৰ প্ৰথম দুখন মেচত পৰাজয় বৰণ কৰিও পৰৱৰ্তী সময়ত উত্থান ঘটাই একেৰাহে ৮ খন খেলত জয়লাভ কৰি ফাইনেলত অৱতীৰ্ণ হোৱা অষ্ট্ৰেলিয়াৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰ মাজতো আছিল প্ৰবল আত্মবিশ্বাস।

বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা এই ৰোমাঞ্চকৰ ফাইনেলৰ বাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভিৰ কৰিছিল লক্ষাধিক ভাৰতীয়ই। ১ লাখ ৩২ হাজাৰ আসন থকা ষ্টেডিয়ামখনত যেন ঢৌ তুলিছিল ভাৰতীয় দলৰ নীলা ৰঙৰ জাৰ্চী পৰিহিত সমৰ্থকৰ উছাহ আৰু কোৰ্হালে। টছত জিকি প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল অষ্ট্ৰেলিয়াই। 

দুৰ্দান্ত বেটিঙেৰে প্ৰথম ১০ অভাৰতে স্কৰ বোৰ্ডত ৮০ ৰান সংগ্ৰহ কৰি নিজৰ ক্ৰীড়া পৰাক্ৰম প্ৰদৰ্শন কৰিছিল ভাৰতে। অপেনাৰ শুভমন গীল সোনকালে পেভিলিয়নমুখী হ’লেও অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ভালদৰেই চম্ভালি লৈছিল পৰিস্থিতি। কিন্তু... মাত্ৰ ৩১ বলত ৪৭ ৰানৰ ইনিংছ সামৰি ৰোহিত শৰ্মাই খেলপথাৰ এৰিবলগা হোৱাৰ পিছতে ক্ৰমাৎ মন্থৰ হৈ পৰে ভাৰতৰ গতি। বিৰাট কোহলিয়ে ৬৩ বলত ৫৪ ৰান আৰু কে এল ৰাহুলে ১০৭ বলত ৬৬ ৰানৰ ইনিংছ খেলি কোনোমতে ২৪০ ৰানৰ স্কৰত উপনীত কৰোৱায় ভাৰতীয় দলটোক। ভাৰতৰ ইনিংছত ফাইনেলৰ খেলখনত কোবায় মাত্ৰ ৩টা ছয়, তাকো সেয়া ৰোহিত শৰ্মাই।

২৪১ ৰানৰ লক্ষ্য সন্মুখত ৰাখি অষ্ট্ৰেলিয়া বাহিনী খেলপথাৰত নামি ট্ৰেভিছ হেডৰ ১৩৭ ৰানৰ দুৰ্দান্ত ইনিংছ আৰু মাৰ্নাছ লাবুছেনৰ ৫৮ ৰানৰ দৰ্শনীয় ইনিংছেৰে ৭ অভাৰ বাকী থকা সময়তে ৬ উইকেটত সাব্যস্ত বিজয়। অষ্ট্ৰেলিয়া বাহিনীয়ে বেটে-বলে কৰা দুৰ্দান্ত প্ৰদৰ্শনে দেওবাৰৰ বিশ্বকাপ ফাইনেলত ধৰাশায়ী কৰে অপ্ৰতিৰোধ্য ৰোহিত বাহিনীক। কিন্তু ভাৰতীয় ক্ৰিকেট দলৰ এই পৰাজয় যেন কেৱল খেলপথাৰতে নহয়, এই পৰাজয়ে হতাশা কঢ়িয়াই আনে তৃতীয়বাৰৰ বাবে বিশ্বকাপ বিজয়ৰ সপোন দেখা কোটি কোটি ভাৰতীয়ৰ মনলৈও। আহমেদাবাদাৰ ষ্টেডিয়ামত ৰোহিত বাহিনীৰ পৰাজয়ে বাকৰুদ্ধ কৰি তোলে উপস্থিত ১ লাখ ৩০ হাজাৰ দৰ্শকক।

অপ্ৰতিৰোধ্য ভাৰতৰ কিয় পৰাজয় ফাইনেলত?

বিশ্বকাপৰ লীগ মেচৰ পৰা ছেমি ফাইনেলৈকে- প্ৰতিখন খেলতে দুৰ্দান্ত প্ৰদৰ্শন কৰি এইবাৰৰ বিশ্বকাপৰ অপ্ৰতিৰোধ্য দল হিচাপে পৰিগণিত হৈছিল ভাৰতীয় ক্ৰিকেট দল। ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীল, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাৰ বেটিং প্ৰদৰ্শনে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল অগনন ক্ৰীড়া প্ৰেমীক। সেইদৰে মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদ্বীপ যাদৱ আৰু জাডেজাৰ বলিং প্ৰদৰ্শনে এইবাৰ ভাৰতৰ বিশ্বকাপ বিজয়ৰ সপোনক যেন অধিক দৃঢ় কৰি তুলিছিল। কিন্তু ফাইনেলত ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ বিশ্বাস ভংগ হ’ল। প্ৰথমে বেটিং কৰি ব্যৰ্থ হ’ল শুভমন গীল, শ্ৰেয়ছ আয়াৰ, সূৰ্যকুমাৰ যাদৱৰ দৰে বেটছমেন। বলিঙতো ভাৰতীয় দলটোৱে সক্ষম নহ’ল উন্নত প্ৰদৰ্শন কৰিবলৈ। 

কিন্তু ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে, ভাৰতীয় দলটোৰ এই ব্যৰ্থতাৰ অন্যতম কাৰণ ফাইনেল খেলখন অনুষ্ঠিত হোৱা আহমেদাবাদৰ এই খেলপথাৰখন। ক’লা মাটিৰ পিটছৰ খেলপথাৰখনত বলিং আৰু বেটিং দুয়োটাই মন্থৰ হ’ব বুলি পূৰ্বেই মন্তব্য কৰিছিল ক্ৰিকেট বিশ্লেষকসকলে। খেলৰ ৰণাংগনতো সেয়া সত্য প্ৰমাণিত হ’ল। ভাৰতীয় বেটছমেন সকলে শ্বট খেলিবলৈ গৈ বাৰে বাৰে থমকি ৰ’বলগীয়া হৈছিল। প্ৰথম ১০ অভাৰত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বেটৰ পৰা অহা ৪ আৰু ৬ বাউণ্ডেৰীৰ পিছত পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ বল বাউণ্ডেৰী লাইনলৈ ঠেলি পঠিয়াবলৈ বেটৰ সৈতে যুঁজিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। 

কিন্তু ভাৰতৰ বিপৰীতে অষ্ট্ৰেলিয়া বাহিনীয়ে যেন সঠিকভাৱেই ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল এই মন্থৰ গতিৰ পিটছখন। প্ৰথম ১০ অভাৰত অষ্ট্ৰেলিয়াই লেহেমীয়া আৰম্ভণি কৰি ৩টাকৈ উইকেট হেৰুৱাবলগীয়া হ’লেও পৰৱৰ্তী সময়ত ট্ৰেভিছ হেডে ১৩৭ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি অষ্ট্ৰেলিয়াক বিজয়ৰ দুৱাৰদলিত থিয় কৰোৱায়। মন্থৰ পিটছত অষ্ট্ৰেলিয়ায়ো ৰানৰ বাবে যুঁজিবলগীয়া হ’লেও ভাৰতৰ তুলনাত সেই যুঁজ যেন আছিল কম প্ৰত্যাহ্বানজনক।

হৃদয় ভাগিল ১৪০ কোটি ভাৰতীয়ৰ!

যি সময়ত ৰোহিত শৰ্মা খেলপথাৰত আছিল, সেই সময়ত ষ্টেডিয়ামৰ নীলা সমুদ্ৰত যেন উচাহৰ লহৰ উঠিছিল। ৰোহিত শৰ্মাৰ বেটৰ প্ৰতিটো শ্বটত ষ্টেডিয়াম মুখৰ হৈ পৰিছিল। সেই সময়ত ভাৰতৰ জয়ৰ সম্ভাৱনা আছিল প্ৰায় ৭৫ শতাংশ আৰু অষ্ট্ৰেলিয়াৰ আছিল ২৫ শতাংশ। কিন্তু ৰোহিত শৰ্মা পেভিলিয়নমুখী হোৱাৰ পিছৰে পৰাই যেন লাহে লাহে কম হ’বলৈ ধৰে নীলা সমুদ্ৰৰ কোলাহল। বিৰাট কোহলীয়ে ৫৪ ৰান কৰি আউট হোৱাৰ পিছতে সম্পূৰ্ণ ষ্টেডিয়ামত বিৰাজ কৰে নিস্তব্ধতাই। সেই সময়ত কেৱল শুনা গৈছিল খেলপথাৰৰ ১১ গৰাকী অষ্ট্ৰেলিয়ান সেনাৰ হৰ্ষোল্লাস। আৰু তাৰ পিছৰে পৰাই লাহে লাহে ভাৰতৰ জয়ৰ সম্ভাৱনাও কমি আহিবলৈ আৰম্ভ কৰে।

ভাৰতৰ প্ৰতিটো উইকেট পতনৰ পিছত সম্পূৰ্ণ নিৰৱতাই বিৰাজ কৰা ষ্টেডিয়ামখন পুনৰ এবাৰ গুঞ্জৰিত হয়, যেতিয়া অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আহে। অষ্ট্ৰেলিয়াৰ প্ৰতিটো উইকেট পতনৰ লগে লগে ষ্টেডিয়ামৰ হৰ্ষোল্লাসে আকাশ স্পৰ্শ কৰে। অপেনাৰ বেটছমেন ডেভিড ৱাৰ্ণাৰৰ উইকেট পতনৰ সময়ত ষ্টেডিয়ামত হোৱা হৰ্ষোল্লাসৰ মাত্ৰা আছিল ১২৭ ডেচিবেল। একেদৰে মিচেল মাৰ্ছ আউট হোৱাৰ সময়ত এই মাত্ৰাই স্পৰ্শ কৰে ১২৬ ডেচিবেল। উল্লেখ্যে যে,  ৬৯ ডেচিবেলতকৈ অধিক শব্দ লাউডৰ শ্ৰেণীত আহে। ১২০ ডিবিতকৈ অধিক শব্দক বিপজ্জনক বুলি গণ্য কৰা হয়। ত্ৰিশ ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে শব্দৰ এই মাত্ৰাই শ্ৰৱণ ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে।

কিন্তু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ দেওবাৰৰ সন্ধিয়াৰ এই আনন্দোত্সৱ বেছি সময় নিটিকিল। ট্ৰেভিছ হেড আৰু লাবুচেনৰ প্ৰদৰ্শনে একাদিক্ৰমে নিস্তব্ধ কৰি তোলে সমগ্ৰ ষ্টেডিয়াম। ভাৰতে যিমানেই পৰাজয়ৰ কাষ চাপিবলৈ আৰম্ভ কৰে, সিমানেই ম্লান পৰিবলৈ আৰম্ভ কৰে ষ্টেডিয়ামত বহি ভাৰতীয় দলক উত্সাহিত কৰি অহা অনুৰাগীৰ মুখমণ্ডল। সেই সময়তে বহু ভাৰতীয় অনুৰাগীয়ে ষ্টেডিয়ামো ত্যাগ কৰে। তেতিয়া সকলোৰে মুখত হতাশাই বিৰাজ কৰিছিল।

বিশ্বকাপত ভাৰতৰ ব্যৰ্থতা! গুৱাহাটীত যুৱকৰ মৃত্যু ৰহস্য

বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়ে বেজাৰ দিছে কোটি কোটি ভাৰতীয় ক্ৰীড়াপ্ৰেমীক। ৰোহিত বাহিনীৰ ওপৰত বিশ্বজয়ৰ সপোন জাপি দি অৱশেষত ক্ৰীড়াংগনত ব্যৰ্থ হোৱাৰ পিছত বিষাদেৰে ভৰি পৰে ভাৰতীয়ৰ মন। সামাজিক মাধ্যমতো মুকলিকৈ ক্ৰীড়াপ্ৰেমীয়ে ব্যক্ত কৰিছে এই বেজাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মমতা বেনাৰ্জী, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুকাৰেও ভাৰতৰ ব্যৰ্থতাত বিষণ্ণ হৈ পৰা ভাৰতীয় দলটোৰ কাষত থিয় হৈ সাহস প্ৰদানৰ চেষ্টা চলায়।

কিন্তু সমগ্ৰ দেশজুৰি ভাৰতৰ পৰাজয়ে নমাই অনা বিষাদৰ মাজতে গুৱাহাটী মহানগৰীত এগৰাকী যুৱকৰ মৃত্যুক লৈ সৃষ্টি হয় ৰহস্যৰ। একাংশ সংবাদ মাধ্যমে বিশ্বকাপত ভাৰতৰ পৰাজয়ত ভাগি পৰিয়েই যুৱকজনৰ মৃত্যু ঘটা বুলি বাতৰিও পৰিৱেশন কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱকজনৰ নাম মৃণাল মজুমদাৰ। গুৱাহাটীৰ বিৰুবাৰীৰ নিৱাসী মৃণাল আছিল এজন আইটিআইৰ ছাত্ৰ।

স্থানীয় সংবাদ সংস্থা 'প্ৰতিদিন টাইমে’ মৃত যুৱকজনৰ পিতৃ-মাতৃৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি মতে, দেওবাৰে নিশা বিশ্বকাপ খেলখন চোৱাৰ পিছত ঘৰলৈ উভতি আহিছিল মৃণাল। খেলখনত ভাৰতৰ পৰাজয়ৰ বাবে মানসিকভাৱে ভাগি পৰিছিল যুৱকজন। পৰাজয়ৰ দুখত কান্দি কান্দি নিশা খালী পেটেৰেই শুই পৰিছিল তেওঁ। কিন্তু পুৱা পিতৃ-মাতৃয়ে বাৰাম্বাৰ মতাৰ পিছতো মৃণালৰ পৰা কোনো সঁহাৰি নোপোৱাত কোঠাৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰে আৰু যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে লগে লগে যুৱকজনক হাস্পতাললৈ লৈ যায় যদিও চিকিত্সকে ইতিমধ্যে মৃত ঘোষণা কৰে মৃণালক। 

কিন্তু মৃণালৰ একাংশ বন্ধুৰ মন্তব্য সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰিৰ সম্পূৰ্ণ বিপৰীত। বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখতেই মৃণালৰ মৃত্যু ঘটাৰ দাবী অস্বীকাৰ কৰে যুৱকজনৰ বন্ধুৱে। তেওঁলোকৰ মতে, দেওবাৰে সন্ধিয়া বন্ধুৰ সৈতে খেল চাই নিশা ৯ মান বজাত ঘৰলৈ উভতি আহিছিল মৃণাল। গেষ্ট্ৰিকৰ বাবে আহোঁতে তিনিটা টেবলেটো লৈ আহিছিল তেওঁ। নিশা পিতৃ-মাতৃৰ সৈতেই একেলগে ভাত খাই শুবলৈ আহিছিল মৃণালে। নিশা প্ৰায় ১২ বজালৈকে বন্ধুৰ সৈতে ফোনত কথা পাতি শুই পৰিছিল তেওঁ। কিন্তু পুৱা পিতৃ-মাতৃয়ে মৃণালৰ পৰা কোনো সঁহাৰি নোপোৱাত কোঠাৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰি পুত্ৰক অচেতন অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় আৰু তাতেই চিকিত্সকে মৃত ঘোষণা কৰে। মৃণালৰ বন্ধুৱে যুৱকজনৰ মৃত্যু উচ্চ ৰক্তচাপজনিত কাৰণত হোৱাৰ সন্দেহ কৰে। 

অন্যহাতে মৃণালৰ বন্ধুসকলে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰা মতে, ক্ৰিকেট খেলৰ প্ৰতি বিশেষ আগ্ৰহী নাছিল মৃণাল। তেওঁ ভাল পাইছিল কাবাডী খেল। সকলোৱে চোৱা বাবেই বিশ্বকাপৰ ফাইনেল খেলখন বন্ধুৰ সৈতে উপভোগ কৰিছিল মৃণালেও। যুৱকজনৰ মৃত্যু ক্ৰিকেটৰ কাৰণে ঘটা বুলি কৰা একাংশ সংবাদ মাধ্যমৰ দাবী অবাস্তৱ বুলিও মন্তব্য কৰে তেওঁৰ বন্ধুৱে। 

কিন্তু মৃণাল মজুমদাৰৰ মৃত্যু এতিয়া ৰহস্য। ক্ৰিকেটত ভাৰতৰ পৰাজয়ৰ দুখ নে অন্য কোনো কাৰণ সেয়া এতিয়াও স্পষ্ট নহয়। আৰক্ষীয়ে ইতিমধ্যে মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যুৱকজনৰ মৃতদেহ। বিশ্বকাপত ভাৰতৰ পৰাজয়ক লৈ সৰ্বত্ৰে চলি থকা চৰ্চাৰ মাজত গুৱাহাটীৰ মাজমজিয়াত এজন যুৱকৰ এনে ৰহস্যঘন মৃত্যু সন্দৰ্ভত NNOৰ তৰফৰ পৰা যোগাযোগৰ চেষ্টা কৰা হৈছিল মৃণাল মজুমদাৰৰ পৰিয়ালৰ সৈতে। কিন্তু পৰিয়ালৰ কোনো সদস্যৰ পৰা সঁহাৰি পোৱা নগ’ল।
  
খেলৰ পূৰ্বে পেট কামিন্সৰ মন্তব্য আখৰে আখৰে পালন খেলপথাৰত

বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন লীগ মেচত পৰাজিত হোৱাৰ পিছত ক্ৰমাগতভাৱে দলৰ উত্থান ঘটাই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অষ্ট্ৰেলিয়াই। ডেভিড ৱাৰ্ণাৰ, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, ট্ৰেভিছ হেডৰ দৰে বেটছমেনৰ প্ৰদৰ্শন আৰু অধিনায়ক পেট কামিন্স, হেজলহুড, এডম জাম্পাৰ বলিঙৰ সহায়ত ফাইনেলত নিজৰ স্থিতি শক্তিশালী কৰিছিল দলটোৱে। ২০২৩ৰ পূৰ্বেও  ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭ আৰু ২০১৫ চনত পাঁচবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰা অষ্ট্ৰেলিয়াৰ দলটো এইবাৰো বিশ্বকাপৰ ফাইনেলক লৈ আছিল আত্মবিশ্বাসী। উল্লেখ্য যে, এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১২ খন বিশ্বকাপ ফাইনেল খেলৰ ৮ খনতে প্ৰৱেশ কৰিবলৈ যোগ্যতা অৰ্জন কৰা অষ্ট্ৰেলিয়াই হৈছে একমাত্ৰ ক্ৰিকেট টীম। 

দলটোৰ এই প্ৰবল আত্মবিশ্বাস প্ৰকাশ পাইছিল এইবাৰ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সম্বোধন কৰা সংবাদ মেলতো। সেই সংবাদমেলত অধিনায়ক পেট কামিন্সে মন্তব্য কৰিছিল, “আমি জানো যে ভাৰতৰ বিপুল সংখ্যক সমৰ্থকৰ সন্মুখত খেলাটো আমাৰ বাবে প্ৰত্যাহ্বানজনক হ’ব। কিন্তু ভাল প্ৰদৰ্শন কৰি বিশাল ভিৰ এটাক নিস্তব্ধ কৰিব পৰাতকৈ  বেছি সন্তুষ্টিদায়ক একোৱেই নাই৷ ভাৰতত আমি কেইবাবাৰো সেইটো অনুভৱ কৰিছো আৰু ই এক ডাঙৰ অনুভৱ৷ আমি কোলাহলৰ প্ৰতি ভয় খোৱা নাই, আচলতে আমি ইয়াৰ বাবে উত্তেজিত হৈছো।”

পেট কামিন্সৰ সেই মন্তব্য যেন আখৰে আখৰে অষ্ট্ৰেলিয়ান বাহিনীয়ে পালন কৰি দেখুৱালে খেলপথাৰত। খেলপথাৰত ভাৰতীয় উইকেটৰ পতন আৰু ট্ৰেভিছ হেড আৰু লাবুছেনৰ দৰ্শনীয় ইনিংছে ষ্টেডিয়ামৰ নীল সমুদ্ৰত সঁচাকৈয়ে সৃষ্টি কৰিবলৈ সক্ষম হ’ল বেজী এটা পৰাৰো শব্দ শুনিবলৈ নোপোৱা নিৰৱতাৰ। ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে দেওবাৰৰ সন্ধিয়া কেৱল মৌন হৈ পৰাই নাছিল, অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত প্ৰদৰ্শন দেখি হৃদয়ৰ পৰা উচুপিও উঠিছিল।

ফাইনেলৰ অন্তত ভাৰতীয় ক্ৰিকেটাৰৰ আচৰণক লৈ বিতৰ্ক

বিশ্বকাপত চূড়ান্ত খেলখনত ভাৰতীয় দলক ৬ উইকেটত পৰাস্ত কৰাৰ পিছত নিয়মানুসৰি অষ্ট্ৰেলিয়া বাহিনীৰ হাতত তুলি দিয়া হয় বিশ্বকাপ, ২০২৩ৰ বিজয়ৰ ট্ৰফী। কিন্তু খেল চলি থকা সময়ত লক্ষাধিক ক্ৰীড়াপ্ৰেমীৰে জনসমুদ্ৰৰ সৃষ্টি হোৱা ষ্টেডিয়ামখন অষ্ট্ৰেলিয়াৰ হাতত ট্ৰফী তুলি দিয়াৰ সময়ত একেবাৰে শূন্য হৈ পৰিছিল। আশাভংগ হোৱা ভাৰতীয় অনুৰাগীয়ে ষ্টেডিয়াম এৰি থৈ যোৱাৰ পিছত একপ্ৰকাৰ নিমাওমাও পৰিৱেশত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৰ হাতত তুলি দিয়া হৈছিল বিশ্বকাপ জয়ৰ ঈৰ্ষণীয় ট্ৰফীটো। আনকি সেই সময়ত খেলপথাৰত উপস্থিত নাছিল ভাৰতীয় দলটোৰ কোনো এজন খেলুৱৈও। যাৰ বাবে ভাৰতীয় দলটোৰ আচৰণক লৈ এতিয়া বিভিন্নজনে বিভিন্ন ধৰণেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অষ্ট্ৰেলিয়াৰ ইংৰাজী কাকত 'দ্য ক্ৰনিকেল’-এ এই সন্দৰ্ভত প্ৰকাশ কৰা বাতৰিত লিখিছে, "এই আঘাত অতি গভীৰ আছিল। যি সময়ত অষ্ট্ৰেলিয়াৰ দলটোৱে ট্ৰফী লৈ উদযাপন কৰি আছিল, সেই সময়ত ভাৰতীয় খেলুৱৈসকলৰ বিৰুদ্ধে অভদ্ৰ আচৰণৰ অভিযোগ উত্থাপন হৈছে। অষ্ট্ৰেলিয়াৰ বাবে এই জয় বিশেষ আছিল, কাৰণ এতিয়ালৈকে কোনো মেচত পৰাস্ত নোহোৱা আয়োজক ভাৰতীয় দলৰ বিৰুদ্ধে জয়ী হৈছিল। কিন্তু এই বিশাল কৃতিত্বৰ পৰিসৰ হয়তো অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু তেওঁৰ দলটোৱে উপলব্ধি কৰিব পৰা নাছিল, কাৰণ তেওঁলোকক ১ লাখ ৩০ হাজাৰ দৰ্শক বহিব পৰা এখন খালী ষ্টেডিয়ামত প্ৰদান কৰা হৈছিল এই ট্ৰফী। অথচ কেই মুহূৰ্তমান আগলৈকে সেই ষ্টেডিয়ামখন দৰ্শকেৰে ঠাহ খাই আছিল।"

কাকতখনত পুনৰ লিখা হৈছে, "খেলৰ সময়ত ভাৰতীয় খেলুৱৈসকলৰ উদাসীনতাক আওকাণ কৰিব পাৰি, কিয়নো তেওঁলোক তেতিয়া আৱেগিক আছিল বুলি বুজা যায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই আচৰণ খেলৰ মনোভাৱৰ বিৰুদ্ধে নাছিল।" ক্ৰনিকলে লিখিছে যে ইংলেণ্ডৰ প্ৰাক্তন টেষ্ট অধিনায়ক মাইকেল ভ’গানে এই কথা মুকলিকৈ সমালোচনা কৰিছে। তেওঁ পোষ্ট কৰি লিখিছে, “অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে ট্ৰফী গ্ৰহণ কৰা চাবলৈ ভাৰতীয় দলটো খেলপথাৰত নথকাটো ভাল নালাগিল।” অৱশ্যে পিছত এই পোষ্টটো তেওঁ ডিলিট কৰে।  

বিশ্বকাপৰ ফাইনেল বনাম শাসক-বিৰোধীৰ ৰাজনীতি

ইফালে বিশ্বকাপৰ এই চূড়ান্ত খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বেই গৰম হৈ পৰিছিল দেশৰ ৰাজনীতি। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত থাকিব বুলি প্ৰকাশ পোৱাৰ পিছতে শাসক-বিৰোধীৰ মাজত আৰম্ভ হয় ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ। প্ৰধানমন্ত্ৰীয়ে সততে সকলো বিষয়ৰ শ্ৰেয় ল’ব বিচৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই এটা পোষ্ট কৰিছিল। প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁক কটাক্ষ কৰি তেওঁ লিখিছিল- “বিশ্বকাপত ভাৰতৰ বিজয়ৰ পিছত কেৱল অধিনায়ক ৰোহিত শৰ্মাই নহয়, আন এজন ব্যক্তিয়েও ভাষণ দিবলৈ ৰৈ আছে।’’

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতেও খেলখন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্তি কৰি কৈছিল, “ক্ৰিকেট বিশ্বকাপত কিয় ৰাজনীতিক জড়িত কৰিব লাগে? কিন্তু আহমেদাবাদত এতিয়া সেয়াই চলি আছে। এনে লাগে যেন মোদীয়ে বলিং কৰিব, অমিত শ্বাহে বেটিং কৰিব আৰু বিজেপিৰ অন্য নেতা-কৰ্মীসকলে ফিল্ডিং কৰিব। তাৰ পিছত আমি শুনিবলৈ পাম যে আমি বিশ্বকাপ এই কাৰণেই জিকিলোঁ, কাৰণ প্ৰধানমন্ত্ৰী মোদী তাত আছিল। আজিকালি এই দেশত যিকোনো কথাই সম্ভৱ হ’ব পাৰে।” সঞ্জয় ৰাউতে পুনৰ কয়, “এই দেশত সকলো কথা ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই কাৰোবাৰ মৃত্যু হওক বা ক্ৰীড়া উৎসৱ হওক, সকলোকে ইভেণ্ট সজোৱা হৈছে। ইয়াত মৃত্যুকো ইভেণ্ট সজাই ঘৰিয়ালৰ চকুপানী টুকা হৈছে।”

আনফালে শাসকীয় দল বিজেপিয়ে খেল পূৰ্বে টিম ইণ্ডিয়াক উত্সাহিত কৰি সামাজিক মাধ্যমত শুভেচ্ছা প্ৰদান কৰিছিল। বিজেপিয়ে পোষ্টত লিখিছিল, "কাম অন টীম ইণ্ডিয়া... তোমালোকৰ ওপৰত আমাৰ বিশ্বাস আছে।" বিজেপিৰ এই পোষ্টৰ পিছতে ৰাজনৈতিক ৰণাংগনত নামি পৰে কংগ্ৰেছো। বিৰোধীৰ ঐক্যজোঁট ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ ‘ইণ্ডিয়া’ৰ সৈতে বিজেপিয়ে উল্লেখ কৰা ইণ্ডিয়া শব্দক সাঙুৰি কংগ্ৰেছে ছ’চিয়েল প্লেটফৰ্ম এক্সত লিখে, “ঠিকেই কৈছে, ‘ইণ্ডিয়া’ জয়ী হ’ব।” ইয়াৰ এদিন পূৰ্বে অৰ্থাত্ শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি লিখে, “ভাৰত জুড়েগা, ইণ্ডিয়া জিতেগা।''

ইফালে বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি এই পৰাজয়ক ৰাজনৈতিক বিষয় কৰি তোলে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰা আহমেদাবাদৰ এই ষ্টেডিয়ামখনৰ নাম এতিয়া ভাৰতৰ পৰাজয়ৰ পিছত সলনি কৰি জৱাহৰলাল নেহৰু কৰা হ’ব বুলি মন্তব্য কৰে মহুৱা মৈত্ৰাই। সামাজিক মাধ্যমত তেওঁ লিখে, “এতিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম সলনি কৰি জৱাহৰলাল নেহৰু ষ্টেডিয়াম কৰা হ’ব। এতিয়া সকলোৱে কৈ আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতৰ পৰাজয়। পৰাজয় শব্দটোৰ সৈতে নিজৰ নাম প্ৰধানমন্ত্ৰীয়ে জড়িত কৰিব নিবিচাৰে। সেয়ে নাম সলনি কৰি জৱাহৰলাল নেহৰুৰ নামত ৰখা হ’ব।’’

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সাক্ষী আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহত্ ষ্টেডিয়াম গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পূৰ্বৰ নাম আছিল চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম। মটেৰা ষ্টেডিয়াম হিচাপেও পৰিচিত ১ লাখ ৩২ হাজাৰ আসনৰ ক্ষমতাসম্পন্ন এই ষ্টেডিয়ামখন পুনৰ নিৰ্মাণৰ পিছত ২০২১ চনৰ ফেব্ৰুৱাৰীত উদ্বোধন কৰে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। তেতিয়াই ষ্টেডিয়ামখনৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হয়।

আহমেদাবাদৰ এই ষ্টেডিয়ামতে টেষ্ট কেৰিয়াৰৰ ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। এই ষ্টেডিয়ামখনতে ৮৩ৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে দখল কৰিছিল ৪৩২ টেষ্ট উইকেট আৰু এইখন ষ্টেডিয়ামতে এদিনীয়া শৃংখলাত প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে।

খেলৰ মাজতে প্ৰিয় খেলুৱৈক চুই চাবলৈ হঠাৎ খেলপথাৰত উপস্থিত এজন অনুৰাগী

তেতিয়া বিশ্বকাপ ফাইনেল খেলখন চলিয়েই আছিল। খেলপথাৰত তেতিয়া হাতত বেট লৈ ভাৰতৰ হৈ যুঁজ দিছে বিৰাট কোহলি আৰু কে এল ৰাহুলে। সেই সময়তে হঠাৎ ষ্টেডিয়ামৰ ভিৰ ভাঙি বিৰাট কোহলীৰ কাষলৈ দৌৰি আহে এজন অষ্ট্ৰেলিয়ান অনুৰাগী। পিন্ধি থকা টি-চাৰ্টৰ পিছফালে “ফ্ৰী পেলেষ্টাইন” লিখা থকা যুৱক জনে হঠাৎ আহি কোহলিৰ কান্ধত হাত থয়। সেই সময়ত কোহলি কিছু অপ্ৰস্তুত হৈ পৰাও পৰিলক্ষিত হয়। অৱশ্যে ততাতৈয়াকৈ খেলপথাৰত নিয়োজিত সুৰক্ষা কৰ্মীয়ে যুৱকজনক খেলপথাৰৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয়। এই ঘটনাৰ বাবে কিছু সময়ৰ বাবে ব্যাঘাত জন্মে খেলখনতো।

পৰৱৰ্তী সময়ত আহমেদাবাদ আৰক্ষীয়ে আটক কৰা অনুৰাগী যুৱকজনৰ নাম জনছন বুলি জানিব পৰা গৈছে। যুৱকজনে প্ৰকাশ কৰা মতে, তেওঁৰ ঘৰ অষ্ট্ৰেলিয়াত আৰু ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলিৰ তেওঁ অনুৰাগী। ইজৰাইলে পেলেষ্টাইনীৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰি এই নৃশংস আক্ৰমণৰ ঘটনা বন্ধ কৰিবলৈ দাবী জনোৱা জনছনে পেলেষ্টাইনৰ সমৰ্থনত পৰিধান কৰিছিল “ফ্ৰী পেলেষ্টাইন” লিখা থকা টি-চাৰ্ট।

অন্যহাতে ষ্টেডিয়ামৰ ভিৰৰ মাজৰ পৰা এনেদৰে এজন যুৱক খেলপথাৰলৈ দৌৰি অহা বিষয়টোক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বহুতে এয়া আয়োজকৰ সুৰক্ষাৰ গাফিলতি বুলি দাবী কৰিছে। অৱশ্যে বিৰাট কোহলিয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

বিশ্বকাপৰ স্বপ্নৰ ট্ৰফীৰ ওপৰত ভৰি ৰাখি ফটোৰ বাবে প’জ মিচেল মাৰ্শ্বৰ

বিশ্বকাপৰ ট্ৰফীটো হাতত লৈ এবাৰ চুমি চোৱাৰ সপোন থাকে প্ৰতিগৰাকী খেলুৱৈৰ। কিন্তু সেই সপোন পূৰণ কৰিবলৈ লাগে কঠোৰ পৰিশ্ৰম, সঠিক ৰণনীতি আৰু পৰিকল্পনাৰ। পূৰ্বে ৫ বাৰকৈ বিশ্বজয়ৰ খিতাপ দখল কৰি ষষ্ঠবাৰৰ বাবেও হাতত বিশ্বকাপৰ সোণালী ট্ৰফী তুলি লৈ পুনৰ এবাৰ কঠোৰ পৰিশ্ৰম, ৰণনীতি আৰু প্ৰবল ইচ্ছাশক্তিৰ পৰিচয় দিবলৈ সক্ষম হ’ল অষ্ট্ৰেলিয়াই। কিন্তু এই বিজয়ৰ উন্মাদনাৰ মাজতে এতিয়া বিতৰ্কৰ সূচনা হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মিচেল মাৰ্শ্বক লৈ। বিশ্বকাপ জয়ৰ পিছত তেওঁ সেই মুহূৰ্ত উদযাপন কৰি সামাজিক মাধ্যমত পোষ্ট কৰা কেইখনমান ফটোক লৈয়ে এতিয়া সৃষ্টি প্ৰতিক্ৰিয়াৰ।

দৰাচলতে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বিশ্বকাপ বিজয় উদযাপনৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল অধিনায়ক পেট কামিন্সে। সেই ফটোসমূহৰ এখনত দেখা গৈছে মিচেল মাৰ্শ্বক। ‘আমি কৰি দেখুৱাইছোঁ’ ধৰণৰ ভংগীমাত বহি থকা ক্ৰিকেটাৰজনৰ দুভৰি তুলি থোৱা আছিল অলেখ ক্ৰিকেটাৰৰ সপোনৰ বিশ্বকাপৰ ট্ৰফীটোৰ ওপৰত। এই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মিৰ্চেল মাৰ্শ্বক সমালোচনাৰে থকাসৰকা কৰে নেটিজেনে। 

সাধাৰণতে বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈয়ে ট্ৰফীত চুমা খাই থকা দেখা যায়। যি খেলেই নহওক কিয়, ট্ৰফীৰ আবেগ বেলেগ, মৰ্যাদা বেলেগ। ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পাছত লিয়নেল মেছিয়ে বুকুত ট্ৰফী লৈ শুইছিল। একেদৰে কাটাৰ বিশ্বকাপৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ গ’লকীপাৰ ইমিলিয়ানো মাৰ্টিনেজে গল্ডেন গ্লোভ লাভ কৰাৰ পিছত সেই গল্ডেন গ্ল’ভছক লৈ এক্স ৰেটেড প’জ দিও সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছিল। সামাজিক মাধ্যমত তেতিয়া এই লৈয়ো অলেখ চৰ্চা চলিছিল। কিন্তু এতিয়া মিচেল মাৰ্শ্বে ট্ৰফীৰ ওপৰত ভৰি থৈ বহা কাৰ্য কেনেধৰণৰ উদযাপন বুলি প্ৰশ্ন কৰিছে ভাৰতীয় নেটিজেনসকলে।