ডিজিটেল ডেস্কঃ 'প্ৰিয় ৰং কি?’ এই প্ৰশ্নৰ উত্তৰ নিশ্চয় জীৱনত এবাৰ নহয় এবাৰ সকলোৱে দিছেই। বিশেষকৈ শৈশৱত স্কুলীয়া দিনত। ডাঙৰ হোৱাৰ লগে লগে নিজৰ প্ৰিয় ৰঙৰ লগতে অইনৰ পছন্দ-অপছন্দৰ ৰঙৰ কথাও মন ৰাখিবলগীয়া হৈছে। সি যি নহওক, এনে কোনো ৰং কাৰোবাৰ চকুত পৰিছেনে, যি ৰং দ্বিতীয়বাৰ চোৱাৰ কথা ভাবিলেই অজান এক আশংকাত চকু দুটি নিজে নিজে মুদ খাই যায়? অৰ্থাৎ কুৎসিত ৰং দেখা মনত পৰিছেনে কেতিয়াবা?

পৃথিৱীৰ আটাইতকৈ দেখিবলৈ বেয়া লগা কুৎসিত ৰং কি? এই প্ৰশ্ন মনলৈ আহিলেও, উত্তৰ পিছে কাৰো হাততেই নাই।  কিন্তু শেহতীয়াকৈ সন্ধান পোৱা গৈছে এই প্ৰশ্নৰ উত্তৰটোৰ।

পেন্ট’ন ৪৪৮চি। এক বিশেষ ধৰণৰ গাঢ় মুগা ৰং। আৰু এইটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ কুৎসিত ৰং। তিনি মাহৰ পৰীক্ষা-নীৰিক্ষাৰ অন্তত দেখিবলৈ বেয়া লগা এই ৰং বিধৰ সন্ধান কৰি উলিয়াইছে গৱেষণা সংস্থা জি এফ কেৰ বিজ্ঞানীসকলে। অষ্ট্ৰেলিয়া চৰকাৰে দিয়া নিৰ্দেশৰ ভিত্তিতে এই সংস্থাটোৱে বহু পৰীক্ষা-নীৰিক্ষাৰ অন্তত সন্ধান লাভ কৰে পৃথিৱীৰ আটাইতকৈ দেখিবলৈ আপচু ৰংবিধৰ।

কুৎসিত এই ৰং এতিয়া ধপাত জাতীয় সামগ্ৰীৰ পেকেজিঙত ব্যৱহাৰ কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে। এই আপচু ৰং দেখি দ্বিতীয়বাৰ যাতে ধপাত জাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মন নকৰে তাৰ বাবেই এনে পৰিকল্পনা হাতত লৈছে দেশখনৰ চৰকাৰে। ইতিমধ্যে চিগাৰেটসহ ধপাত জাতীয় অন্যান্য সামগ্ৰীৰ পেকেটত এই ৰং ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।

অষ্ট্ৰেলিয়াৰ এনে পৰিকল্পনাৰ কথা জানিব পাৰি ফ্ৰান্স আৰু আয়াৰলেণ্ড চৰকাৰেও উক্ত পদ্ধতি ব্যৱহাৰ কৰিবলৈ যো-জা চলোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে এই দুখন দেশৰ চৰকাৰেও হেনো অষ্ট্ৰেলিয়াৰ পথকে অনুসৰণ কৰি  চিগাৰেটৰ পেকেটত পেন্ট’ন ৪৪৮চি ব্যৱহাৰৰ নিৰ্দেশ জাৰি কৰিছে।

এতিয়া উক্ত পদ্ধতিৰে দেশকেইখন ধূমপান ৰোধত সফল হ’লেই এয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰিব যে বিজ্ঞানীসকলে অনুমান কৰাৰ দৰে এই ৰং বিধ সঁচাকৈয়ে দেখিবলৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ কুৎসিত ৰং।