ডিজিটেল ডেস্কঃ য়েমেনত জীৱন বিপন্ন কৰি তুলিছে মহামাৰী কলেৰাই৷ বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ৮ জুনত প্ৰকাশ কৰা প্ৰতিবেদন মতে এতিয়ালৈ ১ লাখৰো অধিক লোক গ্ৰাসত পৰিছে কলেৰাৰ৷

ইয়াৰে ৮৫৯ জন লোকে ইতিমধ্যে এই ৰোগত প্ৰাণ হেৰুৱাইছে৷ বিগত তিনিটা দিনত ৭০ জন আক্ৰান্তই মৃত্যুমুখত পৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ৷

বিগত এপ্ৰিলত সূত্ৰপাত ঘটা এই ৰোগ য়েমেনৰ ২২ খন প্ৰদেশত দ্ৰুত গতিত বিয়পা বুলি তথ্য প্ৰকাশ পাইছে৷ বিশেষকৈ ৰাজধানী চহৰ চান্নাত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি সংস্থাটোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।