লিডুঃ NSCN-এ অসমৰ লোকক হাৰশাস্তি কৰি অহাৰ সময়তে সেনাই ওলোটাই অসমীয়া যুৱকক NSCNৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিৰ্দোষী যুৱকক সেনাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়া জিলাত৷

অসম ৰাইফলচে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং লালপাহাৰ গাঁৱত অভিযান চলাই এনএছচিএন আৰৰ সৈতে জৰিত থকাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মুনু আউ (৩৩) নামৰ যুৱকজনক সোমবাৰে নিশা অসম ৰাইফলচে নিজ ঘৰৰ পৰা উঠাই আনে৷

সেনাই যুৱকজনক এন এচ চি এন আৰৰ সৈতে দীৰ্ঘদিন ধৰি যোগাযোগ ৰক্ষা কৰি অহাৰ লগতে উগ্ৰপন্থী সংগঠনটোক ধন সংগ্ৰহ কৰি দিয়া বুলি প্ৰকাশ কৰে৷ যুৱকজনক সেনাই জাগুনৰ সেনা শিবিৰত ৰাখি জেৰা কৰাৰ অন্তত মঙলবাৰে লেখাপানী আৰক্ষী থানাত গতাই দিয়ে৷

ইফালে যুৱকজনক ঘৰৰ পৰা উঠাই অনাৰ পিছৰে পৰা টিপং লালপাহাৰ গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি লালপাহাৰ গাঁৱৰ শতাধিক ৰাইজ লেখাপানী আৰক্ষী থানাত উপস্থিত হৈ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনক নিৰ্দোষী বুলি দাবী কৰে৷ নিৰীহ যুৱকজনক আৰক্ষীক বিনা চৰ্তত এৰি দিবলৈ দাবী জনায়৷ আটক যুৱকজন নিৰ্দোষী বুলি দাবী কৰে যদিও আৰক্ষীয়ে যুৱকজনক ইতিমধ্যে আটক কৰে৷