কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সিম্বৰগাঁৱত যুৱ বিপিএফ আৰু বডোলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ)ৰ যৌথ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা যুৱ মহোৎসৱৰ আজি সামৰণি পৰে৷

বিপিএফ দলৰ ভাতৃ সংগঠন বি এছ ইউ আৰু যুৱ বিপিএফৰ যৌথ উদ্যোগত যোবা ৩ এপ্ৰিলৰ পৰা  উদুলি মুদলি পৰিৱেশত আৰম্ভ হোবা যুৱ মহোৎসৱৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী অনুযায়ী আজি পুৱা ১০ বজাত সিম্বৰগাৱঁত  বাৰেবৰণীয়া এক বিশাল  সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ দলৰ লগতে কেইবা সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে  বিপিএফৰ যুব গোটৰ কোকৰাঝাৰ জিলা সভাপতি তথা বিটিএডিৰ কাৰ্যবাহী সদস্য  ৰাজীৱ কুমাৰ ব্ৰহ্মই৷

ব্ৰহ্মই নিজৰ চমু ভাষণত আজিৰ সন্ধিক্ষণত নৱপ্ৰজন্মক শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক দিশত প্ৰতিযোগিতাৰে আগবাঢ়ি যোৱাৰ আহ্বান জনায় ৷ আনহাতে যুৱ মহোৎসৱৰ অন্যান্ন কাৰ্যসূচী অনুসৰি আজি পুৱাৰ পৰা সন্ধিয়া পৰলৈ ফুটবল, ভলীবল, কাবাডী, ৰছী টনা আদিকে ধৰি বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সমান্তৰালভাবে উদযাপন থলীত বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত প্ৰৰ্দশন কৰা হয়৷

যুৱ মহোৎসৱৰ আজিৰ অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , বিপিএফৰ পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী,  কাৰ্যবাহী সদস্য  ৰাজীব কুমাৰ ব্ৰহ্ম,  প্ৰাক্তন বিএল টি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি  উপস্থিত থাকে ৷