তিনিচুকীয়াঃ ২০০৬ চনৰ পুনৰাবৃত্তি ঘটিব নেকি তিনিচুকীয়া জিলাৰ কাকপথাৰত৷ অজিত মহন্ত কাণ্ডৰ স্মৃতি পাহৰিব নোৱাৰা কাকপথাৰত সম্প্ৰতি এনে প্ৰশ্নই উত্থাপন হ’ব কৰিব ধৰিছে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰ মাইথং গাঁৱৰ সুৰঞ্জিত কোৱঁৰ (ভাই) নামৰ যুৱকজনক শুকুৰবাৰৰ নিশা কেইজনমান অস্ত্ৰধাৰীয়ে শোৱাপাটীৰ পৰা উঠাই নিয়া ঘটনাৰ পিছৰে পৰা পুনৰ অস্ত্ৰৰ ঝনঝননি আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ 

পিতা-পুত্ৰক গুলীয়াই হত্যা, ব্যৱসায়ীৰ পুত্ৰক অপহৰণ, মাইনিং কোম্পোনীত আক্ৰমণ, ৰাজ পথত ডাম্পাৰত অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হোৱা জিলা খনত পুনৰাই এনে ঘটনা সংঘটিত হোৱাত জীৱনআৰু সম্পত্তিৰ চিন্তাত পৰিছে জিলাবাসী৷ উল্লেখ্য যে  দুখন চু'মত অহা অস্ত্ৰধাৰী দল এটাই সুৰঞ্জিতক হিন্দীতে কিবা বাৰ্তালাপ কৰি তেওঁলোকৰ লগত লৈ যায় যদিও পুৱালৈকে কোনো তেওঁক নিলে সেই কথা পোহৰলৈ অহা নাই৷

স্বাভাৱিকতে পৰিয়ালবৰ্গই অজান আশংকা কৰি কাকপথাৰ থানাত গোচৰ তৰাৰ উপৰিও স্থানীয় কপাহতলী সেনা চাউনীত যোগাযোগ কৰিছে যদিও আশ্বস্ত হ'ব পৰাকৈ নিশ্চিত তথ্য লাভ নাই কৰা৷ ইপিনে অৰুণাচল প্ৰদেশৰ ডায়ুনত গাড়ীচালকৰ কাম কৰা সুৰঞ্জিতৰ জ্যেষ্ঠ ভাতৃ সূৰ্য কোৱঁৰ (প্ৰীতি) কো চৌখামস্থিত সেনাই আটক কৰা বুলি জানিবলৈ পাই পৰিয়ালৰ মাজত হুৱাদুৱা সৃষ্টি হোৱাৰ লগতে মিতিৰ কুটুম লগ হৈ চৌখাম সেনা চাউনীলৈ ৰাওনা হৈছে৷

২০০৬ চনৰ অজিত মহন্তৰ হত্যাকাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছিল৷ ভাৰতীয় সেনাৰ ১৩নং গোৰ্খা ৰেজিমেন্টৰ এটা দলে কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক সোনজানৰ দুটি এমা ডিমা সন্তানৰ পিতৃ ২৩ বছৰীয়া মহন্তক ৪ ফ্ৰেবুৱাৰীত আটক কৰি নি ৬ ফ্ৰেবুৱাৰীত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা কৰি পিছত মৃতদেহ ঘূৰাই দিয়া কাৰ্যৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৭ ফেব্ৰুৱাৰীত মহন্তৰ হত্যাৰ ন্যায়সংগত বিচাৰ আৰু দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ দাবীত পথ অৱৰোধ কৰে৷

বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰে যদিও চৰকাৰী কৰ্তৃপক্ষই কোনো সহাঁৰি নজনোৱাত ১০ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় পঞ্চাশ হাজাৰৰো অধিক প্ৰতিবাদী ৰাইজে কাকপথাৰত বিক্ষোভ কাৰ্যসূচী ল'বলৈ আহোঁতে চৰকাৰৰ দ্বাৰা নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত ৯জনকৈ নিৰপৰাধী লোকৰ প্ৰাণ যোৱা ঘটনাক আজিও পাহৰিব পৰা নাই কাকপথাৰবাসী ৰাইজে৷

গণতান্ত্ৰিক দেশ এখনত জনতাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে খোদ নিজ দেশৰ নিৰাপত্তাৰক্ষীয়ে তপত সীহৰ বুলেট চলোৱা ঘটনা ইতিহাসত বিৰল৷ সম্প্ৰতি কোৱঁৰ ভাতৃদ্বয়ৰ বেলিকাও যাতে এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটক সেয়া মনে প্ৰাণে কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ৷