প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | নগাঁওঃ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে অসমৰ দৌৰৰ ৰাণী হিমা দাসক গো-মাংস ভক্ষণ কৰিবলৈ দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে৷ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে নিজা নিজা মত ব্যক্ত কৰাৰ সময়তে দেওবাৰে এই বিষয়টোক লৈ হিমাৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ হিমাৰ মাতৃ জোনালী দাস আৰু বৰমাক পুষ্পলতা দাসে সাংবাদিকৰ আগত কয় যে এই বিষয়টোক লৈ অধিক হৈ চৈ কৰিব নালাগে৷

জুবিনে আমাৰ হিমাক অত্যন্ত ভাল পায়৷ হিমাৰ এনে ইতিহাস সৃষ্টিকাৰী সাফল্যত অতিকে আনন্দিত আৰু উৎসাহিত হৈহে আচলতে স্ফূৰ্তিত থাকিব নোৱাৰিয়েই এনেধৰণৰ মন্তব্য কৰিছে৷ ই কেতিয়াও সম্ভৱপৰ নহয়৷ যিহেতু আমি হিন্দু আৰু অসমীয়া সমাজৰ নীতি-নিয়মৰ মাজত আছোঁ৷ গতিকে গো-মাংসৰ কথা আহিবই নোৱাৰে৷ প্ৰসংগক্ৰমে হিমাৰ পৰিয়ালৰ আন জ্যেষ্ঠ লোকসকলেও জুবিন এই মন্তব্য কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি স্পষ্ট কৰি দি সকলোকে এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ অহ্বান জনায়৷ 

ইফালে, স্থানীয় বহুকেইটা দল-সংগঠনেও জুবিনৰ মন্তব্যক লৈ অযথা বিতৰ্কৰ সূত্ৰপাত নকৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে এনে বিতৰ্কই হিমাৰ বিশ্ব জয়ৰ অভিযানত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে৷ উল্লেখ্য শনিবাৰে এক অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গে মূৰ্গী, পাৰ আদিৰ মাংস খাবলৈ এৰি গো-মাংস খাবলৈ হিমাৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছিল৷ গো-মাংস খালে এতিয়াতকৈ অধিক বেছি দৌৰিব পাৰিব বুলি উল্লেখ কৰি সংগীত শিল্পীগৰাকীয়ে হিমাক এতিয়াই কোনো চাকৰিত নোসোমাই দৌৰত মনোনিবেশ কৰিবলৈ লগতে পৰামৰ্শ দিছিল