নৈ গুমগুমায়…মাজুলীত মগেন নৰহৰ নীৰৱ আন্দোলন

Nituparna Rajbongshi's picture
Printer-friendly versionSend by email
♦ নিতুপৰ্ণ ৰাজবংশী

‘নৈ গুমগুমায়। তাৰ বুকু কঁপে পাৰ ভঙা মাটিৰ শব্দত। ধানৰ পথাৰত সাঁতোৰে ঘৰৰ নিজান ছাঁ। কাতৰ মাটিৰ উশাহে ঘোলা কৰে মেঘ পানী আকাশ। নৈ গুমগুমায় থাউনি হেৰোৱা পানীৰ তলত।’ – কবি ‘হীৰু’ৰ নিজান মাতে নৈৰ ঘাটে ঘাটে মাতে। মানুহ আৰু নি:সৰ্গৰ অমল যোজনাই এই মাটিক ব্যাকুল কৰি তুলিছে।

চিৰকাল নৈয়ে গুমগুমায়। মাটি ভাঙে। মানুহৰ বুকু কঁপে। তথপি নৈ প্ৰিয় কাল মানুহৰ। তেনে কথা, তেনে সময়তে নৈৰ সেই নিজান ঘাটে ঘাটে নাবিক, জীৱনৰ ঘাটে ঘাটে পদাতিক খেতিয়কৰ ল’ৰাটোৱে পিতপিতকৈ জীৱনৰ মহত্বক উপলব্ধি কৰি নৈ আৰু পাৰৰ মানুহক জীৱন দিবলৈ, দিশহাৰা নহ’বলৈ অহৰহ বুকুত গুজি লৈ ফুৰা সপোনটোকে জীয়াই তুলিছে নৈ আৰু মানুহৰ বুকুত। আৰু কি আশ্বৰ্য সেই সপোনে মলিয়াইছে মাজুলীত।

♦ Exclusive Report ♦

যেন ইয়াতেই আৰম্ভণি। আৰু শেষ নাই। সৌ পৃথিৱীৰ শেষ প্ৰান্তলৈ যেন কেৱল পীতবৰ্ণ পথাৰ। মাথোঁ সৰিয়হ। সেয়া সপোন নাছিল। এখন ছবি নাছিল। আছিল একোটাহঁত জীৱনৰ মেহগনি শ্ৰম। আৰু নৈয়ে, নৈৰ সেই গুমগুমনিয়ে তেনে মেহগনি ‘মেহনত’ এদিন, কেইবাদিন কৰি খামুচি কাঢ়ি লৈ গ’ল । এতিয়া সেই নৈ য’ত, এদিন তাত সৰিয়হৰ কথকতা আছিল। ঐনিতমৰ কলিয়া ভোমোৰাই গুণগুণাইছিল। আপং ৰাগীত বতাহে পথাৰলৈ মূ কৰি বৈ পৰিছিল। তেনেকুৱাত আজি এক বিধ্বস্ত ৰূপ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সুঁতিৰ বাঢ়নি পানীয়ে ক্ৰমাৎ মাজুলীক খহাইছে। ঐতিহ্যৰ ঐশ্বৰ্য বৈভৱত গদগদ মাজুলী আজি ম্ৰিয়মান।

...সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত মাজুলীত একাংশ ধৰ্মভীৰু আৰু অন্ধবিশ্বাসী নেতৃস্থানীয় লোকে গুৰুজনাৰ আদৰ্শক একাষৰীয়া কৰি নৈ খহনীয়া কিম্বা বানৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা-পাতলেৰে মানুহক বিভ্ৰান্ত কৰি সমস্যাক তাতেই জী ৰখাৰ বিপৰীতে মগেন নৰহৰ এই বিজ্ঞানসন্মত ব্যৱস্থা সেই সকল পশ্চাদমুখী অন্ধবিশ্বাসী মানুহৰ বাবে যথোচিত উত্তৰ...

বছৰৰ পাছত বছৰ জুৰি মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ পালমৰা প্ৰক্ৰিয়াই মাজুলীৰ ভৱিষ্যৎ সন্দিহান কৰি তুলিছে। ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই বিগত সময়ত কেৱল মাজুলীক লৈ হেতালি খেলিলে। আনকি ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ আৰু উদ্বিগ্নতাকো ভেঙুচালি কৰিবলৈ কুণ্ঠাবোধ নকৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মাজুলীবাসীক মাথোঁ প্ৰতাৰণাই কৰিলে। এক বৃহৎ ভূ-খণ্ড ব্ৰহ্মপুত্ৰই মাজুলীৰ পৰা কাঢ়ি নিছে। অথচ ব্ৰহ্মপুত্ৰ আছে বাবেই মাজুলীৰ ঐতিহ্য আছে। এনে এক সন্ধিক্ষণত মাজুলীক, মাজুলীৰ ঐতিহ্য আৰু জীৱনক সুৰক্ষিত কৰিবলৈ। ব্ৰহ্মপুত্ৰৰ উদভ্ৰান্ত ৰূপটোক ক্ষান্ত কৰিবলৈ আগবাঢ়ি আহিছে এজন উদ্দীপ্ত যুৱক।

সেই উদ্দীপনাৰ নাম মগেন নৰহ। লখিমপুৰৰ ঘিলামৰা ক’লী গাঁৱৰ নৈপৰীয়া ল’ৰাটোৱে নৈৰ স’তেই ঢৌ খেলি পূৰঠ হ’ল আজি। খেতিয়কৰ ল’ৰা, জীৱন আৰু জগত তেওঁৰ তেনেই নিকট চিনাকী। দেউতাকৰ অকাল বিয়োগত নিজক চম্ভালি লৈ টিউচন কৰিয়েই পঢ়াৰ যোগাৰ উলিয়াই তেওঁ আহি আজি এনে এক স্থানত থিয় হ’ল যিটো আছিল অতিশয় কষ্টসাধ্য। এতেকে তেওঁ বাৰুকৈ বুজি পায় জীৱন আৰু যাতনা কি। দু:সময়ৰ কোবাল, কঠোৰ, নিৰ্দয় সোঁতত তেওঁ নিজক খহিবলৈ নিদিলে। নিজক, নিজৰ স্থানত ৰাখিবলৈ ভিতৰৰ মানুহটোৰ শিপা সাম্প্ৰতিক নিকপকপীয়া। সেয়ে তেওঁ বুজি পায় মাটিৰ শিপা নিকপকপীয়া হ’লেহে ৰ’ব নৈ পাৰৰ জীৱন।

ব্ৰহ্মপুত্ৰই দুৰ্বাৰ ৰূপ লৈ মাজুলীত মাটি কাঢ়ি নি থকা নিৰ্মম সত্যটোক ৰুধিবলৈ তেনেতে তেওঁ ‘শিপা’ক আধাৰ কৰিলে। কাজেই যোৱা বছৰ তেওঁ মাজুলীৰ ভোগপুৰৰ পোহাৰদিয়া, কৰতিপাৰ আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ নামনি ক’লীয়া গাঁৱত সম্পূৰ্ণ নিজা পৰিকলল্পনা, প্ৰচেষ্টা আৰু অৰ্থ ব্যয়ৰে আৰম্ভ কৰিলে খহনীয়া প্ৰতিৰোধৰ কাম। গঞাৰ সহযোগত তেওঁ সংশ্লিষ্ট প্ৰতিটো এলেকাৰ প্ৰায় এক ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যত আমি সততে দেখি থকা মাটি কলমৌ, বিৰিণা আৰু কাঞ্চন গছ ৰোপনেৰে চেষ্টা কৰিছে খহনীয়া প্ৰতিৰোধৰ বাবে।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰোপন কৰা এই উদ্ভিদসমূহ এতিয়া লহপহকৈ বাঢ়ি পুৰঠ হৈছে। আৰু ইয়াৰ শিপাই সেই এলেকাত দৃঢ়তাৰে খোপনি পুতি সম্প্ৰতি বাঢ়নি ব্ৰহ্মপুত্ৰৰ সুঁতিৰ কোবাল গতিক উফৰাই খহনীয়া ৰোধত আশাতীতভাৱেই সফল হৈছে। গুৰুত্বপূৰ্ণ যে, মাটি কলমৌ, বিৰিণা আৰু কাঞ্চন গছৰ গুৰিভাগ তথা ইয়াৰ শিপাভাগে মাটি খামুচি ধৰাত সহায় কৰে। তাৎপৰ্যপূৰ্ণ যে, অপতৃণ হিচাপে পৰিচিত মাটি কলমৌৰ ব্যাপ্তিয়ে মাটি ভাঙি যোৱাত প্ৰতিৰোধক হিচাপে কাম কৰে যদিও এই বিষয়টো সততে আওকাণ কৰা যায়, সেইদৰে বিৰিণা বনৰো আছে খহনীয়া প্ৰতিৰোধৰ প্ৰবল ক্ষমতা।

মগেন নৰহে এই দুইবিধ উদ্ভিদৰ কাৰ্যদক্ষতাক সুক্ষ্মভাৱে নজৰ আন্দাজ কৰি এই মাটি কলমৌ আৰু বিৰিণা বনক এতিয়া সম্পদ হিচাপে ব্যৱহাৰ কৰি মানুহ আৰু প্ৰকৃতিৰ সুৰক্ষাত প্ৰয়োগ কৰা উদ্ভাৱনী কাৰ্যই মাজুলীৰ সংশ্লিষ্ট গঞাক দিছে গহন সকাহ। উল্লেখযোগ্য যে, এই প্ৰক্ৰিয়াটো কাৰ্যকৰণৰ লগতে ইয়াক অনাগত দিনলৈ আগুৱাই নিবলৈ তেওঁ নিজৰ গাঁঠিৰ ধন ব্যয় কৰাৰ লগতে শ্ৰম দান কৰা গঞাক মজুৰি দিবলৈ এমএনৰেগা আঁচনিৰ শিতানৰ পৰা তেওঁ কিছু ধন পঞ্চায়ত প্ৰতিনিধিৰ সহায়ত ব্যয় কৰিছে। আৰু এই সমগ্ৰ প্ৰক্ৰিয়টোৱে সমজুৱা ৰূপ লৈ এক নীৰৱ আন্দোলনৰ ৰূপ লৈছে, যিয়ে অনাগত দিনত মাজুলীৰ খহনীয়া প্ৰতিৰোধত এক জাগৰণ সৃষ্টি কৰিব পাৰে।

যোৱা বছৰৰ কথা। নৈকেই বুকুত কঢ়িয়াই লৈ ফুৰা মগেন নৰহ নামৰ তৰুণজন মাজুলীলৈ আহিছিল নিৰ্বাচনী বিষয়া হিচাপে। মাজুলীৰ সৈতে নিবিড় নৰহে মাজুলীৰ বিধ্বস্ত ৰূপটো দেখি বিমৰ্ষ হৈ পৰিছিল। পিছে তেওঁ হা-হুতাশ নকৰি গঞাৰ সৈতে একাত্মতাৰে আলাপ কৰি আগবঢ়ালে এই দৃঢ় দীৰ্ঘম্যাদী পদক্ষেপ। অনাগত দিনত তেওঁ আৰু অধিক সক্ৰিয়তাৰে আৰু নতুন পৰিকল্পনাৰে এই কাৰ্যক অধিক ব্যাপ্তি ঘটাব। আচলতে খহনীয়া বা বান প্ৰতিৰোধ তেওঁৰ চৰকাৰী দায়িত্ব আৰু এক্তিয়াৰৰ আওতাত নপৰে, কিন্তু এজন দায়িত্বশীল মানুহ হিচাপে তেওঁ আগবাঢ়ি আহিল মাজুলীৰ বাবে, মানুহৰ বাবে।

চৰকাৰী ‘ভেম’ পৰিত্যাগ কৰি তেওঁ বন্ধৰ দিনত ‘পৰিয়াল’ক সময় দিবলৈ ল’লে এইদৰে। কাৰণ ‘মাজুলী’য়েই এতিয়া তেওঁৰ পৰিয়াল। মগেন নৰহৰ এই নিষ্ঠা আৰু সমাজমুখী উদ্ভাৱনী পদক্ষেপ নিতান্তই যোগাত্মক। তেওঁৰ এই চিন্তা আৰু কৰ্মৰ সুফল প্ৰয়োগ ৰাজ্যব্যাপী বিস্তাৰিত হ’লে খহনীয়া প্ৰবল এলেকাত সুফল প্ৰয়োগ হোৱাৰ সম্ভাৱনা গাঢ়।

সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত মাজুলীত একাংশ ধৰ্মভীৰু আৰু অন্ধবিশ্বাসী নেতৃস্থানীয় লোকে গুৰুজনাৰ আদৰ্শক একাষৰীয়া কৰি নৈ খহনীয়া কিম্বা বানৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা-পাতলেৰে মানুহক বিভ্ৰান্ত কৰি সমস্যাক তাতেই জী ৰখাৰ বিপৰীতে মগেন নৰহৰ এই বিজ্ঞানসন্মত ব্যৱস্থা সেই সকল পশ্চাদমুখী অন্ধবিশ্বাসী মানুহৰ বাবে যথোচিত উত্তৰ।

মাজুলী এতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি। এই চেগতে তেওঁ এই প্ৰক্ৰিয়াটো যদি সজভাৱে নজৰ আন্দাজ কৰে তেন্তে কওঁ যে, মাজুলীয়ে এক নতুন জীৱন পাব। তেওঁৰ ভাষাতেই কওঁ ‘ৰাইজৰ নিমিত্তে’ মুখ্য মন্ত্ৰী ডাঙৰীয়াই পূজা-পাতলত অধিক ধন ব্যয় কৰাৰ বিপৰীতে নৰহৰ দৰে বিজ্ঞান মানসিকতাৰে মাজুলীকে ধৰি ৰাজ্যত এই ধৰণে কাম কৰাৰ মানসিকতা গঢ় দিব পাৰে। আৰু মাজুলী অসমৰে প্ৰাণ। সেই প্ৰাণ অধিক সঞ্জীৱিত কৰাটোহে মূল কথা।