ডিজিটেল ডেস্কঃ ভংগ হ’ল বিহাৰৰ মহামিত্ৰজোঁট। লালুপ্ৰসাদৰ মন্তব্যৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ কথা কথা ঘোষণা কৰে নীতিশ কুমাৰে। এই অনুযায়ী ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীক সাক্ষাৎ কৰি পদত্যাগপত্ৰ দাখিল কৰে নীতিশে।

বিহাৰত নীতিশৰ দলৰ সহযোগী আৰ জে ডিৰ মূৰব্বী লালুপ্ৰসাদৰ বাসগৃহত চিবিআইয়ে অভিযান চলোৱাৰ পিছতে মহামিত্ৰজোটক লৈ বৃদ্ধি পাইছিল জল্পনা-কল্পনা। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছতে জে ডি ইউৰ সদস্যসকলে ভিতৰি তেওঁৰ পদত্যাগ দাবী কৰিছিল।

কিন্তু লালুৰ আপত্তিৰ বাবে তেজস্বীক আতৰাবলৈ সমৰ্থ হোৱা নাছিল নীতিশ। বিষয়টোক লৈ জে ডি ইউৰ ভিতৰুৱা সূত্ৰই সদৰী কৰিছিল যে দুই-এদিনৰ ভিতৰতে নীতিশে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

আজি দুপৰীয়াৰ ভাগত বিষয়টো সন্দৰ্ভত সাংবাদিকৰ আগত লালুৱে সদম্ভে ঘোষণা কৰে যে তেজস্বীয়ে পদত্যাগ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। চৰকাৰত তেওঁৰ দলৰ সদস্যৰ সংখ্যা অধিক বুলিও মন্তব্য কৰে লালুৱে। আনকি নীতিশকো তেঁৱেই মুখ্যমন্ত্ৰী পাতিছে বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে লালুৱে।

ইয়াৰ পিছতে নাটকীয় পৰিৱৰ্তন দেখা দিয়ে বিহাৰৰ ৰাজনীতিত। লালুৰ এই মন্তব্য কাণত পৰাৰ লগে লগে গুজৰি-গুমৰি উঠে নীতিশ। কিছুসময় পিছতে পদত্যাগ পত্ৰ লৈ হাজিৰ হয় ৰাজ্যপালৰ কাষত। ৰাজভৱনৰ বাহিৰত নীতিশে কয় যে বিহাৰৰ ভালৰ স্বাৰ্থতে তেওঁ পদত্যাগ কৰিছে। 'মোৰ সমুখত আৰু কোনো বিকল্প পথ মুকলি হৈ থকা নাই। কিয়নো দুৰ্নীতিক মই কোনো কাৰণতে প্ৰশ্ৰয় দিব নোৱাৰো।’-নীতিশে কয়।

তেজস্বীক পদত্যাগ কৰিবলৈ কোৱা নাছিল বুলিও তেওঁ সদৰী কৰে। 'মই পদত্যাগ কৰিবলৈ কেতিয়াও দাবী কৰা নাছিলো। মই জবাবদিহি কৰিছিলো। কিন্তু এশাৰী উত্তৰো নাপালো। পৰিস্থিতি এনে হৈ পৰিছিল যে একেলগে কাম কৰাতো অসম্ভৱ হৈ পৰিছিল।’

► ক'লা ৰাজহাঁহ... কিয় ৰুদ্ৰসাগৰত নজ্বলে জুই?

ইফালে পদত্যাগৰ পিছতে নীতিশক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে নীতিশক প্ৰশংসা কৰে। বিজেপি দলেও নীতিশক সাহসী সিদ্ধান্তৰ বাবে শুভেচ্ছা জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও নীতিশক প্ৰশংসা কৰা দেখা গৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এনে হ’ব বুলি তেওঁ আগতেই অনুমান কৰিছিল। এনে সৎ সাহসৰ বাবে নীতিশক দেশবাসীয়ে ধন্যবাদ জ্ঞাপন কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। আনহাতে 'টাইমছ নাউ’ত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে বিজেপিয়ে বাহিৰৰ পৰা নীতিশৰ চৰকাৰক সমৰ্থন জনাবলৈ সিদ্ধান্ত লৈছে। এই লৈ নতুন দিল্লীত শীৰ্ষ বিজেপি নেতৃত্বই বৈঠকত মিলিত হৈছে বুলিও বাতৰিটোত কোৱা হৈছে।