ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এইবাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বেডমিণ্টন তাৰকা জ্বালা গুট্টা। টুইটাৰত দেশদ্ৰোহী বুলি ঘোষণা কৰা হৈছে তাৰকা খেলুৱৈগৰাকীক।

যিসকলে দেশদ্ৰোহী আখ্যা দিছে তেওঁলোকৰ যুক্তি হৈছে যে জ্বালাৰ মাতৃ চীনৰ নাগৰিক। সেয়েই তেওঁ দেশদ্ৰোহী। লগতে মোদীবিৰোধী। পিছে তেনে নেটিজেনকেইজনকো ভালকৈয়ে এসেকা দিছে এইগৰাকী অলিম্পিয়ানে।

ডোকালামক লৈ ভাৰত-চীনৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে জ্বালা গুট্টাৰ মাকক সাঙুৰি আনিছে এজন টুইটাৰ ইউজাৰে।

Xerox Boy নামৰ এটি টুইটাৰ হেণ্ডলৰ পৰা শনিবাৰে তাৰকা খেলুৱৈগৰাকীক উদ্দেশ্যি টুইট কৰা হয়, 'আপুনি কেতিয়াবা ভাবেনে যে আপুনি চীনৰ নাগৰিক হোৱা হ’লে বেডমিণ্টনত আৰু অধিক সা-সুিধা পালেহেতেন? ভাৰতীয় হোৱা বাবে চাগে আপোনাৰ অনুশোচনা হয়। নহয়নে?’

আন এজনে আকৌ টুইট কৰিছে এইদৰে, 'আপোনাৰ মা হৈছে চীনৰ নাগৰিক। সেয়ে আপুনি প্ৰায়েই মোদীৰ বিৰুদ্ধে কথা কৈ থাকে।’

♦ CLICK HERE ♦ SBIৰ আকৌ নতুন নিয়ম, সুতৰ হাৰ হ্ৰাস

♦ CLICK HERE ♦ মাৰ্চত বন্ধ হ'ব ৰন্ধন গেছৰ ৰাজসাহায্য

উল্লেখ্য যে জ্বালা গুট্টাৰ মাতৃ ইয়েলান গুট্টাৰ জন্মস্থান হৈছে চীনৰ টিয়ানজিন। হায়দৰাবাদৰ ক্ৰান্তি গুট্টাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে তেওঁ। মাকক এনেদৰে সাঙুৰি দেশদ্ৰোহী আখ্যা দিয়াত ক্ষোভত ফাটি পৰে জ্বালা গুট্টা। লগে লগে তেওঁ টুইটেৰে প্ৰত্যুত্তৰ দিয়ে।