ডিব্ৰুগড়ঃ অসমীয়াৰ মনত জাতীয়তাবাদৰ নতুন আশাৰ সঞ্চয় কৰি ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত গঠন হৈছিল দুটা নতুন আঞ্চলিক জাতীয়তাবাদী দল। সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষৰ পৰা জন্ম হোৱা এটা আঞ্চলিক দল আছিল অসম জাতীয় পৰিষদ। আনহাতে কাৰাগাৰৰ কুঠৰীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে গঠন কৰিছিল ৰাইজৰ দল নামেৰে আন এটা ৰাজনৈতিক দলৰ। 

বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় লাভ কৰিলেও পিছে স্থবিৰ হৈ পৰিছিল অসম জাতীয় পৰিষদৰ গতি। দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও আঞ্চলিক দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰাজয় বৰণ কৰিবলগীয়া হোৱাত স্তিমিত হৈ পৰিছিল জাতীয়তাবাদী সত্ত্বাৰ আলোক। 

কিন্তু এতিয়া ৰঙালীৰ উছাহৰ মাজতে অনুষ্ঠিত হ'বলগীয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে পুনৰ এবাৰ গা পোনাইছে লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদে। অকলে নোৱাৰিলেও বিৰোধী ঐক্যৰ সহায়ত সাজু হৈছে তেওঁ নিৰ্বাচন খেলিবলৈ। ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী দুন্দুভি বজাই এখন মহাৰণৰ ইংগিত প্ৰদান কৰা লুৰিণজ্যোতি গগৈলৈ সমৰ্থন আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও।

চৰ্চা চলিছে যে ডিব্ৰুগড়ত এইবাৰ অসমীয়াৰ জাতীয়তাবাদী সত্ত্বাক জাগ্ৰত কৰাত সফল হৈছে লুৰিণজ্যোতি গগৈয়ে। সৰ্বানন্দ সোণোৱালৰ দৰে বিজেপিৰ এগৰাকী অতি প্ৰভাৱশালী প্ৰাৰ্থীৰ বিৰুদ্ধে লুৰিণজ্যোতিৰ নিৰ্বাচনী যুঁজখন সহজ নহ'লেও এই যুঁজত নিজকে প্ৰতিপন্ন কৰিবলৈ তেওঁ পূৰ্ণদ্যমে চেষ্টা চলাইছে। সমষ্টিটোৰ চুকে-কোণে দৌৰি দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছে গগৈ আৰু তেওঁৰ সমৰ্থকসকলে।

স্বাভাৱিকতে গগৈৰ বাবে এই যুঁজ তেওঁৰ নিজৰেই পৰাজয়ৰ বিৰুদ্ধে বিদ্ৰোহো। ২০২১ৰ বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰে অন্তৰ্গত দুলীয়াজান আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় মূৰ পাতি ল'বলগীয়া হৈছিল লুৰিণজ্যোতি গগৈয়ে। এইবাৰ তেওঁ যুঁজিছে বিধানসভা সমষ্টিৰ বাবে নহয়, বৰং লোকসভা সমষ্টিৰ বাবেহে। ২০২১ৰ নিৰ্বাচনত জনতাৰ যি আস্থা তেওঁ জয় কৰিব নোৱাৰিলে, তাকেই পুনৰ এবাৰ জয় কৰাৰ প্ৰয়াসত লুৰিণজ্যোতিৰ বাবে এইবাৰৰ নিৰ্বাচনী যুঁজ অতি লক্ষণীয় হৈ পৰিছে।

ইফালে পিছ পৰি ৰোৱা নাই বিধায়ক অখিল গগৈও। এইবাৰ যেন তেওঁ নিজেইহে নামিছে ৰণাঙ্গনত, যেন প্ৰাৰ্থী তেঁও নিজেই। বিজেপিৰ শক্তিক প্ৰতিহত কৰিবলৈ বিৰোধী ঐক্যৰ সৈতে হাত মিলাই মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে অখিল গগৈক। যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ হৈ তেওঁ প্ৰতিমুহূৰ্ত সষ্টম হৈ পৰা দেখা গৈছে। সমষ্টিয়ে সমষ্টিয়ে ঘূৰি তেওঁ ভাগ লৈছে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত।

বিৰোধী মিত্ৰজোঁটৰ হৈ চলোৱা এই প্ৰচাৰৰ মাজতে এতিয়া চৰ্চিত হৈছে আন এটা বিষয়। লোকসভা নিৰ্বাচনৰ ঠিক পিছতে হয়তো এক হৈ পৰিব পাৰে জাতীয়তাবাদৰ দোহাই দি গঠন হোৱা দুটা আঞ্চলিক দল। এই ইংগিত প্ৰদান কৰিছে খোদ অখিল গগৈয়েও। আঞ্চলিকতাবাদৰ প্ৰসাৰৰ স্বাৰ্থত নিৰ্বাচনৰ পিছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক একত্ৰিত কৰি এটা নতুন ৰাজনৈতিক দল গঠন হোৱাৰ ইংগিত প্ৰদান কৰিছে অখিল গগৈয়ে। 

শুকুৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে এক বিশেষ ইংগিত বহন কৰিছে৷ দুয়ো নেতাই এটা বিৰোধী ঐক্য মঞ্চৰ বেনাৰত একত্ৰিত হোৱাতে ক্ষান্ত নাথাকি এতিয়া দুয়োটা দলকে একত্ৰিত কৰাৰ ইংগিত প্ৰদান কৰিছে৷  এই খবৰ প্ৰকাশ পোৱাৰ পাছতে জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী মনৰ লোকসকলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ পৰৱৰ্তী সময়ত কেবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপতো অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰীকৰণৰ বাবে সাজু হৈছে বুলি দল দুটাৰ নেতাদ্বয়ে স্পষ্ট কৰি দিয়া দেখা গৈছে। লোকসভা নিৰ্বাচনৰ পিছতে এই একত্ৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও বিৰোধী ঐক্য মঞ্চৰ এটি ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে। 

নামৰূপৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চত লুৰীণৰ হাতত ধৰি অখিলে উপস্থিত ৰাইজক উদ্দেশ্যি কয়, 'আমি দুইটাই হাতত হাত ধৰি এটা কথা কৈছো। লুৰীণে এজেপি কৰে, মই ৰাইজৰ দল কৰো। কিন্তু যদি আপোনালোকে লুৰীণক জিকাই দিয়ে আমি অতি সোনকালে দুইটা দল একলগ হৈ যাব পাৰো।' একলগ হ'লে ভাল হ'বনে নাই বুলিও ৰাইজক প্ৰশ্ন কৰি অখিল গগৈেয়ে আৰু কয়, 'হিমন্তই এতিয়া আমাক দেখি যিমান হিলি গৈছে, আৰু যদি আমি দুইটা দল একলগ হৈ যাও তেতিয়াহ'লে আৰু বেয়াকৈ হিলাই দিম।' তাৎপৰ্যপূৰ্ণ যে অখিলে এই মন্তব্য কৰাৰ সময়ত লুৰীণে একো নক'লেও স্বভাৱসূলভ হাঁহিৰে একপ্ৰকাৰ উক্ত মন্তব্যৰ প্ৰতি সন্মতি আগবঢ়োৱা পৰিলক্ষিত হৈছিল।

উল্লেখ্য যে ৮০-৯০ৰ দশকত অসমীয়াৰ মন আঞ্চলিকতাবাদৰ প্ৰতি ব্যাকুল হৈ পৰিছিল। ১৯৮৩ৰ অসম আন্দোলনৰ পিছত অসমীয়াৰ আৱেগক চৰম পৰ্যায়ত উপনীত কৰাই প্ৰথমবাৰৰ বাবে অসমত উকমুকনি ঘটিছিল আঞ্চলিকতাবাদী শক্তিৰ। সেই সময়ত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি অসমৰ জনতাই আঁকোৱালি লৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ বীজেৰে গজি উঠা অসম গণ পৰিষদক। প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে নেতাক কম বয়সতে মুখ্যমন্ত্ৰীৰ সিংহাসনত বহুৱাই অৱশ্যে পিছত পৰিতাপো কৰিবলগীয়া হৈছিল অসমৰ জনতাই। কিন্তু তাৰ পিছতো আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ আস্থা ম্লান পৰা নাছিল।

কিন্তু সেই অসম গণ পৰিষদেই শেহতীয়াকৈ নাগপুৰীয়া শক্তিৰ ওচৰত শিৰ নত কৰি জনতাৰ আকুণ্ঠ আবেগক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ক্ষমতাৰ বাবে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনকো অসমীয়াৰ মূৰৰ ওপৰত জাপি দিবলৈ দুনাই নভৱা এই আঞ্চলিকতাবাদৰ প্ৰতি ক্ৰমান্বয়ে মোহভংগ ঘটিবলৈ আৰম্ভ কৰে অসমৰ খিলঞ্জীয়া জনতাৰ।

এনে পৰিস্থিতিতে নাগৰিকত্ব সংশোধনী আইনৰ পটভূমিত জন্ম হোৱা দুটা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে পুনৰ এবাৰ জনতাৰ মাজত শিপাবলৈ যত্পৰোনাস্তি চেষ্টা চলাই গৈছে। সন্মুখৰ লোকসভা নিৰ্বাচনত পুনৰ এবাৰ জাতীয়তাবাদী ভাৱনাক ভোটলৈ পৰিৱৰ্তন কৰি নিৰ্বাচনী দেওনা অতিক্ৰম কৰাৰ মন মেলিছে লুৰিণজ্যোতি গগৈয়ে।

নিৰ্বাচনৰ পিছতে দুয়োটা আঞ্চলিক দলৰ একত্ৰিকৰণৰ ইংগিত দিয়াৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ভিতৰি ভিতৰি তোলপাৰ লগা পৰিলক্ষিত হৈছে। বিশেষকৈ সদ্যসমাপ্ত মিজোৰামৰ বিধানসভা নিৰ্বাচনতো ৰাজ্যখনৰ আঞ্চলিকতাবাদী শক্তিয়ে একত্ৰিত হোৱাৰ পিছতে দিল্লী-নাগপুৰৰ দ্বাৰা পৰিচালিত দলসমূহে  থৰকাছুটি হেৰুৱাৰ দৰে অসমতো তেনে পৰিঘটনা দেখা যাব পাৰে বুলি চৰ্চা চলিছে।