ট্ৰাকখনৰ বিষয়ে বহুতেই এতিয়াও নাজানে। কিন্তু জানিবলৈ প্ৰতিজন সচেতন অসমীয়াই এতিয়া আগ্ৰহী। অথচ তথাকথিত মুখ্য ধাৰাৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা হোৱা নাই ট্ৰাকখনৰ বিষয়ে। ক’ৰ পৰা ক’লৈ গৈ আছিল, কিমান কয়লা কঢ়িয়াই নিয়া হৈছিল, সৰবৰাহ কৰা কয়লাখিনি বৈধ আছিল নে অবৈধ, কিয় পুৱতি নিশা ভুল দিশেৰে যাত্ৰা কৰিছিল ট্ৰাকখনে আদি অনেক প্ৰশ্নই অৱতাৰণা ঘটিছে মানুহৰ মনত। এনে প্ৰশ্নৰ উত্তৰ বিচাৰি ঘটনাৰ গভীৰতালৈ শিপাবলৈ আগ্ৰহী প্ৰতিজন সচেতন নাগৰিক।

দেৰগাঁৱৰ বালিজানৰ হৃদয় বিদাৰক ঘটনাৰ পিছতে চৰ্চালৈ আহিছে ৰাজ্যত চলি থকা অবৈধ কয়লাৰ চিণ্ডিকেট। দেৰগাঁৱত ৩ জানুৱাৰীৰ পুৱা বনভোজলৈ বুলি ৰাওনা হোৱা এখন আল্ট্ৰা বাছৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটিছিল এখন কয়লা সৰবৰাহ কৰা ট্ৰাকৰ। দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিছিল শিশুসহ ১২ জনকৈ লোকৰ।  আনহাতে আহত হৈছিল  ৩৩ জন। এতিয়াও হাস্পতালৰ বিচনাত সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে কেইবাজনেও। সেই নিশাই গোলাঘাটৰ বছা ভৰলুৱা গাঁৱৰ ৰাজহুৱা শ্মসানত যেতিয়া ১২ জন গাঁওবাসীৰ চিতা দাও দাওকৈ জ্বলিছিল, একে সময়তে হৃদয় জ্বলিছিল ৩ কোটি অসমীয়াৰ!

দুৰ্ঘটনাৰ পিছত প্ৰায় প্ৰতিটো সংবাদ মাধ্যমতে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ বিষয়ে বাতৰি প্ৰকাশ পায়। বাছখনৰ জন্ম পঞ্জিকা উদ্ধাৰ কৰি বাতৰিৰ শিৰোনামত স্থান দিয়া হয়। একে সময়তে পুৱাই বনভোজলৈ উলহ-মালহেৰে ওলাই অহা ১২ জন অসমীয়াৰ মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি ৰাখে সকলোকে। আৰু এই সকলোবোৰৰ মাজত যেন হেৰাই যায় দুৰ্ঘটনাত পতিত আনখন বাহনৰ খবৰ! সেই কয়লাভৰ্তি বাহনখনৰ বিষয়ে খুব কম সংখ্যক বাতৰিহে প্ৰকাশ পোৱাত ট্ৰাকখনৰ বিষয়ে অধিক জানিবলৈ উত্কণ্ঠা বাঢ়ে সচেতন নাগৰিকৰ।  

ট্ৰাকখনৰ চালক আছিল নুৰ আলম

গোলাঘাটৰ বছা ভৰলুৱা গাঁৱৰ পৰা বনভোজ বুলি ৪৫ জন যাত্ৰীক লৈ ৰাওনা হোৱা আল্ট্ৰা বাছখনৰ সৈতে দেৰগাঁৱৰ বালিজানত সংঘৰ্ষ ঘটিছিল বিপৰীত দিশৰ পৰা অহা এখন ১৪ চকীয়া ট্ৰাকৰ। সময় তেতিয়া আছিল পুৱাৰ প্ৰায় ৪.৩০ বজা। ভয়ংকৰ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা বাছখনৰ ১১ জন যাত্ৰীৰ লগতে থিতাতে প্ৰাণ হেৰুৱাইছিল ট্ৰাকখনৰ চালক নুৰ আলম আহমেদেও। অভিযোগ উঠিছিল- পুৱতি নিশা মাৰ্ঘেৰিটাৰ পৰা কয়লা সৰবৰাহ কৰি আহি আছিল নুৰ আলম আহমেদ।

অভয়াপুৰীৰ বেহুলাপাৰাত ঘৰ নুৰ আলম আহমেদৰ। এএছ ০১ পিচি ০৬৪৮ নম্বৰৰ ১৪ চকীয়া ট্ৰাকখনো আছিল তেওঁৰ নিজৰে। দুই সন্তানৰ পিতৃ নুৰে নিজেই চলাইছিল ট্ৰাকখন। তথ্য অনুসৰি, ২০২২ চনৰ এপ্ৰিল মাহত গুৱাহাটীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ট্ৰাকখন পঞ্জীয়ন কৰা হৈছিল। নুৰ আলমে পিতৃ আব্দুল বাৰেকৰ নামত ট্ৰাকখন পঞ্জীয়ন কৰিছিল বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে। ইফালে প্ৰাথমিক অনুসন্ধানৰ অন্তত ট্ৰাকখনৰ ফিটনেছ, ইঞ্চুৰেন্সকে ধৰি যাৱতীয় নথি-পত্ৰ ঠিকেই আছে বুলি জনাইছিল আৰক্ষীয়েও। 

জানিব পৰা মতে, দুৰ্ঘটনাৰ পূৰ্বে ভাড়াৰ বাবে ট্ৰাকখন লৈ তিনিচুকীয়াৰ তিৰাপ গাঁওলৈ গৈছিল নুৰ আলম আহমেদ। তাত থকা মেচাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজৰ পৰা কয়লা বোজাই কৰি আহি থকাৰ সময়তে ৩ জানুৱাৰীৰ পুৱা সংঘটিত হয় লোমহৰ্ষক দুৰ্ঘটনাটো। যি দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে নুৰ আলমৰো। এতিয়া নুৰ আলমৰ অভয়াপুৰীৰ বেহুলাপাৰাৰ ঘৰতো বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

অভাৰলোড! ইনভইচ​তো খেলিমেলি...

দেৰগাঁৱৰ এই দুৰ্ঘটনাৰ অন্যতম কাৰণ ট্ৰাকখনৰ অত্যাধিক লোড বুলি সন্দেহ কৰা হৈছে। সংবাদ সংস্থা ‘নিউজ১৮ অসম’ৰ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাত পতিত ১৪ চকীয়া ট্ৰাকখনত অনুমোদিত ওজনতকৈ প্ৰায় ৩ গুণ অধিক কয়লা সৰবৰাহ কৰা হৈছিল।  প্ৰতিবেদন অনুসৰি, ট্ৰাকখনত থকা মুঠ কয়লাৰ ওজন আছিল ৮৫ টন। কিন্তু ১৪ চকীয়া ট্ৰাকৰ বাবে অনুমোদিত সৰ্বাধিক ওজন হৈছে কেৱল ৩০ টন। এনে পৰিপ্ৰেক্ষিতত অত্যাধিক বোজাই লৈ ৰাওনা হোৱাৰ বাবেই ট্ৰাকখনে এই দুৰ্ঘটনা সংঘটিত কৰা বুলিও একাংশই দাবী কৰিছে। 

সংবাদ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, দুখন ইনভয়চত ট্ৰাকখনৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল এই ৮৫ টন কয়লা। অত্যাধিক কয়লা বোজাই কৰি নিয়া এই ট্ৰাকখনে তিনিচুকীয়াৰ তিৰাপ গাঁৱৰ মেচাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজৰ পৰা ২ জানুৱাৰীত গোলোকগঞ্জৰ অজয় কুমাৰ মণ্ডলক দিবলৈ ৫৬.৫৩ টন কয়লাৰ বাবে লৈছিল ইৱে বিল। ঠিক সেইদৰে ট্ৰাকখনে ৩ জানুৱাৰীতো বঙাইগাঁৱৰ বেলতলা বালাপাৰাৰ এটা ইটাভাটাত দিবৰ বাবে মেচাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজৰ নামত লৈছিল ২৯.১৯ টনৰ ইৱে বিল। ২ জানুৱাৰীৰ ৫৬.৫৩ টন কয়লাৰ ইনভইচৰ মূল্য ২,৮৯,৭১৬ টকাৰ বিপৰীতে ইৱে বিলখন ইছ্যু কৰা হৈছিল ২ জানুৱাৰীত বিয়লি প্ৰায় ৫ বজাত।

দুৰ্ঘটনাৰ সন্ধিয়াহে ইছ্যু সৰবৰাহ কৰা কয়লাৰ বাবে  ইৱে বিল

ট্ৰাকখনে সৰবৰাহ কৰা ৮৫ টন কয়লাৰ ভিতৰত ৫৬.৫৩ টন কয়লাৰ বাবে ইৱে বিল ২ জানুৱাৰীৰ সন্ধিয়া ইছ্যু কৰা হ’লেও বাকী ২৯.১৯ টনৰ বাবে ইৱে বিল ইছ্যু কৰা হৈছিল ৩ জানুৱাৰীৰ বিয়লি ২ বজাৰ পিছতহে। কিন্তু আচৰিত কথাটো হ’ল সেইদিনা পুৱাৰ ভাগতেই দেৰগাঁৱৰ বালিজানত দুৰ্ঘটনাত পতিত হৈছিল এই ট্ৰাকখন। এনে পৰিপ্ৰেক্ষিতত দুৰ্ঘটনাৰ পিছত কিদৰে ট্ৰাকখনে কঢ়িয়াই নিয়া কয়লাৰ বাবে ইৱে বিল ইছ্যু কৰা হ'ল’সেয়া এক ৰহস্য হৈ পৰিছে।

ইফালে ট্ৰাকখনৰ ৫৬.৫৩ টন কয়লাৰ বাবে ২ জানুৱাৰীত এছ বি মেচাৰ্ছ এণ্টাৰপ্ৰাইজে ইৱে বিল ইছ্যু কৰিছিল গোলকগঞ্জৰ নিৱাসী অজয় কুমাৰ মণ্ডলৰ নামত। কিন্তু ইয়াক লৈও সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। কিয়নো গোলকগঞ্জৰ অজয় কুমাৰ মণ্ডলে দাবী কৰা মতে, তেওঁ কোনো ধৰণৰ কয়লা আমদানি কৰাই নাছিল। আনকি তিনিচুকীয়াৰ এছ বি এণ্টাৰপ্ৰাইজৰ বিষয়েও নাজানে তেওঁ।

গেজ এজেন্সীৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ী অজয় কুমাৰ মণ্ডলে কয় যে তেওঁ কোনো ফালৰ পৰাই কয়লাৰ ব্যৱসায়ৰ সৈতে জড়িত নহয়, অথবা কয়লা বা অন্য কোনো বিষয়ক লৈ এছ বি এণ্টাৰপ্ৰাইজৰ সৈতে যোগাযোগো কৰা নাছিল তেওঁ। সৰুতেই এবাৰ তিনিচুকীয়াখন দেখা অজয় মণ্ডলে ডাঙৰ হোৱাৰ পিছত তিনিচুকীয়ালৈ এবাৰো অহা নাই বুলিও স্পষ্ট কৰে সংবাদ মাধ্যমৰ সন্মুখত। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ জি এছ টি নম্বৰ ব্যৱহাৰ কৰি কয়লা সৰবৰাহ কৰা কাৰ্যক লৈ নিজেও আশ্বৰ্যচকিত হৈ পৰে অজয় মণ্ডল। 

সমান্তৰালভাৱে এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে দুৰ্ঘটনাগ্ৰস্ত সেই ট্ৰাকখনে সৰবৰাহ কৰা কয়লাৰ আঁৰৰ কাহিনী। ইফালে বিভিন্ন সূত্ৰই দাবী কৰা মতে, ট্ৰাকখনে যি কয়লা সৰবৰাহ কৰিছিল, সেয়া আছিল কেঁচা কয়লা। ভাৰত চৰকাৰে কেঁচা কয়লা সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিছতো কিদৰে পুৱতি নিশা নুৰ আলম আহমেদে ট্ৰাকেৰে ৮৫ টন কেঁচা কয়লা সৰবৰাহ কৰিব পাৰিলে, সেয়াও এক প্ৰশ্নৰ বিষয় হৈ পৰিছে।

অবৈধ আছিল নেকি সৰবৰাহ কৰা কয়লা?

৩ জানুৱাৰীৰ দুৰ্ঘটনাৰ পিছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক ফেচবুক পোষ্টযোগে কয়লা চিণ্ডিকেট আৰু অবৈধ কয়লা সৰবৰাহৰ প্ৰসংগ উত্থাপন কৰিছিল।  পোষ্টটোত তেওঁ লিখিছিল, “দেৰগাঁৱৰ বনভোজ দলৰ বাছখনৰ সৈতে সংঘৰ্ষ হোৱা ১২ চকীয়া ট্ৰাকখনত কঢ়িয়াই অনা কয়লাখিনি মাৰ্ঘেৰিটাৰ চোৰাং কয়লা নেকি? কয়লাখিনি যদি চোৰাং কয়লা, তেন্তে কাৰ আশীৰ্বাদপুষ্ট হৈ মাৰ্ঘেৰিটাৰ পৰা দেৰগাঁৱলৈ প্ৰায় ২৫০ কিলোমিটাৰজোৰা এই দীঘলীয়া পথছোৱা কয়লাবাহী ট্ৰাকখন পাৰ হৈ আহিল? অৰ্থাৎ, ইয়াৰ পৰাই ৰাজ্যত কয়লাৰ অবৈধ বেহা চলি থকাৰ কথাটো পুনৰবাৰ স্পষ্ট হৈ পৰিল৷ কয়লাৰ অবৈধ খননে অকল প্ৰাকৃতিক সম্পদৰ বিলুপ্তিকৰণ, জৈৱ-বৈচিত্ৰ্যকেই ধ্বংস কৰা নাই, এয়া এতিয়া মৃত্যুদূতলৈও পৰ্যবসিত হৈছে৷ অসমৰ জনগণৰ বৃহত্তৰ স্বাৰ্থত বিষয়টো মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক স্পষ্ট কৰিবলৈ আমি দাবী জনাইছো৷”  

লুৰিণজ্যোতি গগৈৰ এই প্ৰাসংগিক প্ৰশ্নৰ পিছতে এতিয়া পুনৰ এবাৰ উত্থাপন হৈছে ৰাজ্যত অব্যাহত থকা অবৈধ কয়লাৰ চিণ্ডিকেট। এজন গেছ এজেন্সীৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ীৰ জিএছটি নম্বৰৰ নামত ইনভয়চ আৰু দুৰ্ঘটনাৰ প্ৰায় ৮ ঘণ্টা পিছত ইছ্যু কৰা দ্বিতীয়খন ইৱে বিলে ৰাজ্যত চলি থকা অবৈধ চিণ্ডিকেটৰ বিষয়টো অধিক দৃঢ় কৰি তুলিছে। 

প্ৰণিধানযোগ্য যে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা এক বৃহত্ কয়লা চিণ্ডিকেট চলি থকাৰ অভিযোগ পূৰ্বৰে পৰাই উত্থাপন হৈ আহিছে। বিগত সময়ত যথেষ্ট চৰ্চিত হৈ পৰা এই চিণ্ডিকেটৰ নেতৃত্ব দিয়াৰ অভিযোগ বিজেপিৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে। আনহাতে যোৱা বছৰৰ নৱেম্বৰত বিধায়ক ভাস্কৰ শৰ্মা বাহিনীয়ে নিশা কয়লা সৰবৰাহকাৰী ট্ৰাকক সুৰক্ষা প্ৰদান কৰাৰ ভিডিঅ’ও যথেষ্ট চৰ্চিত হৈ পৰিছিল সামাজিক আৰু সংবাদ মাধ্যমত। পোহৰলৈ আহিছিল কয়লা চিণ্ডিকেটৰ কমিছনক লৈ শাসকীয় দলটোৰ দুই বিধায়ক ক্ৰমে- মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ মাজৰ শীতল যুদ্ধও।

শাসকীয় দলৰ বিধায়কৰ নেতৃত্বত চলে কয়লাৰ অবৈধ চিণ্ডিকেট

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু সৰবৰাহৰ এতিয়া একচত্ৰী সম্ৰাট হিচাপে পৰিচিত হৈছে শাসকীয় দলৰ বিধায়ক ভাস্কৰ শৰ্মা। ইতিমধ্যেই বিধায়কগৰাকীৰ এই চিণ্ডিকেটৰাজৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিৰোধী দল। কিন্তু ক্ষমতাৰ বাঘজৰী নিজৰ লগত ৰখা বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে থিয় দিয়া ইমান সহজ নহয়।  

২০২২ চনৰ ১৮ ডিচেম্বৰত সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। মাৰ্ঘেৰিটাৰ নিশাৰ ৰাজপথত ট্ৰাকৰ দীঘলীয়া শাৰীৰ ফটোখনৰ সৈতে গগৈয়ে লিখিছিল, “ৰাতি ১১ বজাৰ মাৰ্ঘেৰিটাৰ দৃশ্য এয়া। আজি ১৮ ডিচেম্বৰ ২০২২ৰ ছবি এইখন।মাৰ্ঘেৰিটাত ১ কি: মি:তকৈ দীঘলীয়া ট্ৰাকৰ শাৰী। অবৈধ কয়লা কঢ়িওৱা ট্ৰাকৰ শাৰী। ক’লা হীৰা কঢ়িওৱা ট্ৰাকৰ শাৰী।জাতীয় সম্পদ ডকাইতিৰ দৃশ্য এয়া। ৩০০ খনতকৈ অধিক ট্ৰাকে এই মুহূৰ্তত কয়লা চুৰি কৰি নি আছে।  মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু কিমান লুটিব? আপোনাক আৰু কিমান টকা লাগে মুখ্যমন্ত্ৰী?”

কিন্তু অখিল গগৈৰ এই প্ৰশ্নৰ প্ৰতি জবাবদিহি নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিয়নো অখিল গগৈৰ এই প্ৰশ্নৰ এবছৰ পূৰ্বেই অৰ্থাৎ ২০২১ চনৰ ডিচেম্বৰতে মুখ্যমন্ত্ৰীয়ে একপ্ৰকাৰ স্পষ্ট কৰি দিছিল অবৈধ চিণ্ডিকেট বন্ধৰ বাবে চৰকাৰৰ হেমাহিৰ কথা। চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সম্পৰ্ক ৰক্ষাৰ দোহাই দি মুখ্যমন্ত্ৰী শৰ্মাই তেতিয়া কৈছিল, “অসমৰ মাজেৰে পাৰ হৈ যোৱা সকলো ট্ৰাকত বাধা দিয়াটো আমাৰ বাবে সম্ভৱ নহয়। ইয়াৰ ফলত চুবুৰীয়া ৰাজ্যৰ সৈতে আমাৰ সম্পৰ্ক বেয়া হ’ব পাৰে। আৰু আমি চুবুৰীয়া ৰাজ্যৰ সৈতে সম্পৰ্ক বেয়া কৰিব নিবিচাৰো।” মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল, “আমাৰ ট্ৰাক যদি আন ৰাজ্যই ৰখাই থয়, আমাৰ কেনে লাগিব?”

কয়লা চিণ্ডিকেট ৰোধৰ বাবে মুখ্যমন্ত্ৰী বা অসম চৰকাৰে অপাৰগতা দেখুৱালেও কিন্তু মাৰ্ঘেৰিটাৰ পৰা চলি থকা অবৈধ কয়লাৰ চিণ্ডিকেটক লৈ সময়ে সময়ে সৰৱ হৈ আহিছে বিৰোধী আৰু ব্যক্তিবিশেষ। এই সন্দৰ্ভত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণে কয়, “মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই কয়লা চিণ্ডিকেটৰ সৰ্বেসৰ্বা। সেই কথা সকলোৱে জানে। বিধায়কৰ একেবাৰে নিজৰ পৰিয়ালৰ ভতিজা ৰুচি শৰ্মা আৰু বিষ্ণু শৰ্মাই এই চিণ্ডিকেটৰ নেতৃত্ব দি আহিছে। এই কথা আমি দায়িত্বসহকাৰে ক’ব পাৰো। অইল ইণ্ডিয়াৰ এজন চাহু উপাধিৰ বিষয়াও এই চিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে। আৰক্ষী-প্ৰশাসন সকলো তেওঁলোকৰে হাতত। গতিকে প্ৰতিবাদ বা বিৰোধিতা কৰি এই চিণ্ডিকেট বন্ধ কৰিব নোৱাৰে, ইয়াৰ বাবে চৰকাৰৰ সদিচ্ছা লাগিব।” ইফালে অবৈধ কয়লাৰ এই চিণ্ডিকেট গুৱাহাটীৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ একেবাৰে ঘনিষ্ঠ হাজৰিকা উপাধিৰ লোকে চলাই থকা বুলিও বিস্ফোৰক দাবী কৰে উমানন্দ মুদৈ মৰাণে। তেওঁ লগতে কয় মন্ত্ৰীৰ ঘনিষ্ঠ হাজৰিকা উপাধিৰ এইজন চিণ্ডিকেট মাফিয়া এইবাৰ নগাঁও সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ।

দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনাইহে প্ৰকৃততে পুনৰ এবাৰ চৰ্চিত কৰি তুলিছে অবৈধ কয়লাৰ এই চিণ্ডিকেটৰ প্ৰসংগ। ট্ৰাকখনৰ চালক নুৰ আলমৰ মৃত্যুৱে নিশ্চিতভাৱে বহু প্ৰশ্নত যতি পেলাইছে। কিন্তু এতিয়া প্ৰশ্নৰ আঙুলি উঠিছে তিনিচুকীয়াৰ তিৰাপ গাঁৱৰ মেচাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানখনৰ ওপৰত, যিয়ে দুখন ইনভয়চত ট্ৰাকখনেৰে সৰবৰাহ কৰিছিল মুঠ ৮৫ টন কয়লা। আনহাতে গোলকগঞ্জৰ যিগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ নামত ইৱে বিল ইছ্যু কৰা হৈছিল, কয়লাৰ ব্যৱসায়ৰ সৈতে দূৰ দূৰণিলৈ তেওঁৰ কোনো সম্পৰ্ক নথকা বুলি কৰা দাবীয়েও ট্ৰাকখনত সৰবৰাহ কৰা কয়লা আৰু ৰাজ্যত অব্যাহত থকা কয়লা চিণ্ডিকেটক লৈ নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে।