ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্ট মুখ্যমন্ত্ৰীজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰীজন। তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্য, লাগিলে সেয়া তেওঁৰ সন্তানেই হওক বা তেওঁৰ পত্নীয়ে হওক, সকলোৱে একেলগে দুৰ্নীতি সংঘটিত কৰি আছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি পঞ্চম দিনা যোৰহাটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

১৪ জানুৱাৰীত মণিপুৰৰ থৌবালৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণি কৰি নাগালেণ্ডৰ মাজেৰে আজি অসমত উপস্থিত হয় ৰাহুল গান্ধী। আজি পুৱা ৮ বজাত নাগালেণ্ডৰ তুলি ডাকঘৰৰ সমীপৰ এই ন্যায় যাত্ৰা পুনৰাম্ভ কৰি নাগালেণ্ডৰ মাজেৰে প্ৰায় ১.৫ কিলোমিটাৰ অতিক্ৰম কৰি পুৱা ৯.৩০ বজাত উপস্থিত হয় অসম সীমান্তত। ইয়াৰ পিছতে আন্তঃৰাজ্যিক সীমান্তত আনুষ্ঠানিকভাৱে ‘পতাকা হস্তান্তৰ’ কৰা হয়। 

পুৱাৰ কাৰ্য্যসূচীত যোৰহাটৰ নকচাৰী দেবাৰাপাৰাৰ পৰা যোৰহাট টাউনৰ লাহটী পেট্ৰল পাম্পৰ পৰা আৰম্ভ কৰি নেহৰু পাৰ্ক চাৰিআলিলৈ যাত্ৰা আৰম্ভ হয়। তাৰ পিছতে এখন ৰাজহুৱা সভা সম্বোধন কৰে ৰাহুল গান্ধীয়ে। যোৰহাটৰ পুঠিনদীত পুৱাৰ বিৰতিৰ পিছত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মুখপাত্ৰ তথা জনসংযোগ প্ৰভাৰী জয়ৰাম ৰমেশৰ উপস্থিতিত অনুষ্ঠিত হয় এক সংবাদ মেল। এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন, বেদব্ৰত বৰা আৰু জাকিৰ হুছেইন শিকদাৰো উপস্থিত থাকে।

সংবাদ মেলত ২০ জানুৱাৰী পৰ্যন্ত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীৰ বিষয়ে সাংবাদিকক অৱগত কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় যে আজি নিশাটো যোৰহাটৰ নিমাতীঘাটত পাৰ কৰাৰ পিছত কাইলৈ পুৱা ৭ বজাত যাত্ৰা মাজুলী অভিমুখে নাৱেৰে আৰম্ভ হ'ব। মাজুলীত ৰাহুল গান্ধীয়ে দৰ্শন কৰিব আউনীআটী সত্ৰ। তাত এখন ৰোড শ্ব আৰু জনসভাও সম্বোধন কৰিব ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতে ঢকুৱাখনা অভিমুখে যাত্ৰা আৰম্ভ কৰি নিশা গোগামুখত কটোৱা হ’ব। পিছদিনা অৰ্থাত্ ২০ জানুৱাৰীত ৰাহুল গান্ধীয়ে ঐতিহাসিক পদুমণি থানত সেৱা লৈ বগীনদী হৈ যাত্ৰা আৰম্ভ কৰি লখিমপুৰত এখন ৰোড শ্ব’ সম্বোধন কৰিব। পৰৱৰ্তী সময়ত নাওবৈচা হৈ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাব ৰাহুল গান্ধীয়ে।

চৰকাৰী কাৰ্যসূচী এৰি ৰাহুল গান্ধীক সাক্ষাৎ

সংবাদমেলত জানিবলৈ দিয়া মতে, মুঠ ৭ দিন চলিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা। গান্ধীয়ে অসমত ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰাৰ সম্ভাৱনা আছে। ২৫ জানুৱাৰীত এই যাত্ৰাই অসম অতিক্ৰম কৰি পশ্চিম বংগত প্ৰৱেশ কৰিব। সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা বিফল কৰিবলৈ সৰ্বোতপ্ৰকাৰে প্ৰয়াস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে যিটো যিটো অঞ্চলৰ মাজেৰে যাত্ৰা কৰিব, সেই অঞ্চলটোত সেইদিনাই আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰী আঁচনিৰ ফৰ্ম প্ৰদানৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও অভিযোগ কৰে জয়ৰাম ৰমেশে।

পুৱাই জয়ৰাম ৰমেশে তেওঁৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰে, বহু মহিলাই ৰাহুল গান্ধীৰ সৈতে ফটো উঠিবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টো পোষ্ট কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে অসমত বিজেপি চৰকাৰে আৰম্ভ কৰা কল্যাণমূলক আঁচনিৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে সমবেত হোৱা মহিলাসকলে মৰিয়নীত ৰাহুল গান্ধীক সাক্ষাত্ কৰিবলৈ উথপথপ লগায়। জয়ৰাম ৰমেশে লিখিছে, "ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পঞ্চম দিনটোত অসমৰ মুখ্যমন্ত্ৰীয়ে মৰিয়নীত আয়োজন কৰা এক অনুষ্ঠানত মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে আৰু উৎসাহেৰে ৰাহুল গান্ধীক লগ কৰে।"

সূত্ৰ অনুসৰি, ৰাজ্যত বিজেপি চৰকাৰে আৰম্ভ কৰা কল্যাণমূলক আঁচনিৰ প্ৰ-পত্ৰ প্ৰদানৰ বাবে মৰিয়নীৰ এখন বিদ্যালয়ত অনুষ্ঠিত চৰকাৰী অনুষ্ঠানত সমবেত হৈছিল অৰ্ধশতাধিক মহিলা। আৰু সেই বিদ্যালয়তে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাছখন ৰোৱাত প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে সমবেত হোৱা মহিলাসকলে কংগ্ৰেছ নেতাগৰাকীক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰে।   

খবৰ অনুসৰি অসম চৰকাৰে গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ উদ্যোগী হোৱাত সহায় কৰিবলৈ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাক সবলীকৰণৰ বাবে অভিলাসী "লাখপতি বাইদেউ" আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ন্যায় যাত্ৰা বিফল কৰাৰ উদ্দেশ্যৰেই যাত্ৰা প্ৰভাৱিত অঞ্চলসমূহত প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে মাত্ৰ এটা দিন বান্ধি দিছে বিজেপি চৰকাৰে।

‘হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী’

যোৰহাটত বিয়লি এখন জনসভা সম্বোধন কৰি বিজেপি-আৰএছএছ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাহুল গান্ধী। যোৱা বছৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰি কাশ্মীৰত অন্ত পেলোৱা ভাৰত জোড়ো যাত্ৰাৰ কথা সুঁৱৰি ৰাহুল গান্ধীয়ে কয় যে সেই যাত্ৰাৰ লক্ষ্য আছিল বিজেপি আৰু আৰএছএছে যি ঘৃণা দেশত বিয়পাইছে তাৰ বিৰুদ্ধে থিয় হোৱা। বিজেপি-আৰএছএছে জাতি, ধৰ্ম আৰু ভাষাৰ মাজত ব্যৱধান আনি ভাৰতবৰ্ষক খণ্ডিত কৰাৰ অভিযোগ তোলে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “আমি বিচাৰো সমগ্ৰ দেশ হাতে-হাত ধৰি আগবাঢ়ক। প্ৰতিটো ধৰ্ম, প্ৰতিটো জাতি আৰু ৰাজ্যৰ লোকে একেলগে আগবাঢ়ক।”

ভাৰত জোড়ো যাত্ৰাৰ যথেষ্ট প্ৰভাৱ ভাৰতীয় ৰাজনীতিৰ ওপৰত পৰা বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয় যে যি সময়ত তেওঁ ভাৰত জোড়ো যাত্ৰা কৰিছিল সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বাকী ৰাজ্যত যাত্ৰা কৰিবলৈ বহুতে তেওঁক পৰামৰ্শ দিছিল। আৰু তাৰ বাবেই এই ন্যায় যাত্ৰা বাহিৰ কৰা বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমত প্ৰৱেশ কৰা এই যাত্ৰাই ৮ দিন অসমৰ বিভিন্ন স্থানৰ মাজেৰে আগবাঢ়িব বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “এই যাত্ৰাৰ সময়ত আমি আপোনালোকৰ সমস্যাসমূহ বুজিম আৰু সমগ্ৰ দেশৰ সন্মুখত সেয়া তুলি ধৰিম।”

ৰাহুল গান্ধীয়ে কয় যে, অসম আৰু ভাৰতৰ অন্য ৰাজ্যত কেন্দ্ৰৰ বিজেপি চৰকাৰে অন্যায় সংঘটিত কৰিছে। মণিপুৰৰ কথা উল্লেখ কৰি ৰাহুলে কয়, “প্ৰথমবাৰ এখন ৰাজ্যত চিভিল ৱাৰ জাৰি হৈ আছে। মাহ মাহ ধৰি জ্বলি আছে, হিংসাই দ্বিখণ্ডিত কৰিছে। কিন্তু কেইবামাহ অতিক্ৰম কৰাৰ পিছতো প্ৰধানমন্ত্ৰী এবাৰলৈ মণিপুৰলৈ যোৱা নাই।” কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয়, “হিংসাক অসমতকৈ অধিক ভালদৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে। এটা সময় আছিল যেতিয়া আপোনালোক বাহিৰলৈ ওলাব পৰা নাছিল। হিংসা আছিল, ঘৃণা বিয়পি আছিল আৰু মানুহৰ হত্যা কৰা হৈছিল। আৰু মনত ৰাখক, সেই সময়ত কংগ্ৰেছ দল আপোনালোকৰ কাষত থিয় হৈছিল। কংগ্ৰেছে হিংসাৰ পৰিৱেশ আঁতৰাই অসমবাসীক একত্ৰিত কৰিছিল। কিন্তু আজি বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমখন বিভক্ত কৰাৰ কাম কৰি আছে।”

ৰাহুল গান্ধীয়ে কয়, “মই কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে জানেই যে চাগে ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্ট মুখ্যমন্ত্ৰীজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰীজন। তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্য, লাগিলে সেয়া তেওঁৰ সন্তানেই হওক বা তেওঁৰ পত্নীয়ে হওক, সকলোৱে একেলগে দুৰ্নীতি সংঘটিত কৰি আছে। আৰু তেওঁ ভাৱে যে টকাৰে গোটেই অসমৰ জনতাক কিনি ল’ব পাৰি। কাৰণ তেওঁক টকাৰে ক্ৰয় কৰিব পাৰি, সেইবাবেই তেওঁ ভাৱে যে সমগ্ৰ অসমৰ জনতাকে টকাৰে ক্ৰয় কৰিব পাৰি। কিন্তু অসমৰ জনতাক টকাৰে ক্ৰয় কৰিব নোৱাৰি। অসমৰ জনতাৰ কোনো মূল্য লগাব নোৱাৰি। অসমৰ জনতা শংকৰদেৱৰ জনতা। তেওঁ আপোনালোকক পথ দেখুৱাইছে আৰু আপোনালোকে আন দেশক পথ দেখুৱাইছে।”

উজনিত ৰাহুল গান্ধীক এবাৰ লগ পাবলৈ হেতা-ওপৰা স্থানীয় মহিলাৰ

নিবনুৱা সমস্যাৰ কথা ভাষণত উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মৰ মাজত এতিয়া আটাইতকৈ ডাঙৰ বিষয়টোৱে হৈছে সংস্থাপনহীনতা।  পুনৰ এবাৰ আদানী প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, “দুই তিনিজন উদ্যোগপতিৰ বাবেই চৰকাৰ চলাই থকা হৈছে। বিমান বন্দৰ হওক বা বন্দৰ হওক, নৰেন্দ্ৰ মোদীয়ে সকলো আদানীৰ হাতত তুলি দিছে। আৰু ইফালে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে সকলোবোৰ নিজৰ কৰি লৈছে। যাৰ দ্বাৰা সংস্থাপন সৃষ্টি হয়, তেনে ক্ষুদ্ৰ আৰু মাধ্যমিক ব্যৱসায় জিএছটি আৰু  বিমুদ্ৰাকৰণেৰে ধ্বংস কৰি পেলোৱা হৈছে। ইয়াৰ পৰিণামস্বৰূপে দেশৰ সকলো উদ্যোগ এটাৰ পিছত এটাকৈ বন্ধ হ’বলৈ ধৰিছে আৰু নিবনুৱাৰ মাজত সংস্থাপনহীনতা বাঢ়িবলৈ ধৰিছে।”

অংকিতা দত্তৰ বেনাৰ পহৰা দিছে আৰক্ষীয়ে!

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পিছতে পুনৰ এবাৰ চৰ্চিত হৈ পৰা এটা নাম আছিল অংকিতা দত্ত। প্ৰায় ১০ মাহ পূৰ্বে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কৃত হোৱা অংকিতা দত্তই আজি পুৱাৰে পৰা ৰাহুল গান্ধীৰ পৰা ন্যায় লাভৰ আশাৰে বিক্ষোভ প্ৰদৰ্শন কৰিছিল আমগুৰিত। শতাধিক সমৰ্থকক লগত লৈ ‘নাৰীয়ে ন্যায় নাপাব নেকি?’ শীৰ্ষক বেনাৰ আঁৰি ৰাহুল গান্ধীৰ বাবে অপেক্ষাৰত আছিল অংকিতা দত্ত। ন্যায় যাত্ৰাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি আমগুৰিত ৰোৱাৰ কথা আছিল ৰাহুল গান্ধীৰ বাহন।

কিন্তু লক্ষণীয়ভাৱে পুৱা আমগুৰিত নোৰোৱাকৈয়ে মৰিয়নীলৈ যায় ৰাহুল গান্ধী। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত আক্ষেপ ব্যক্ত কৰি কান্দি উঠে প্ৰয়াত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অঞ্জন দত্তৰ দুহিতা। পুৱা তেওঁ কৈছিল, “প্ৰায় ১০ মাহ ধৰি মই বনবাসত আছো। মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা উলিয়াই মোক আশাৰ ৰেঙণি দিছে। মই তেওঁক লগ কৰি ন্যায় বিচাৰিব খুজিছো। আশা কৰো তেওঁ মোক ন্যায় প্ৰদান কৰিব।”

কিন্তু ৰাহুল গান্ধীৰ সাক্ষাত্ লাভ নকৰাৰ পিছতে কান্দি কান্দি সংবাদ মাধ্যমৰ সন্মুখত অংকিতা দত্তই কয়, “মই ন্যায় পাব নালাগে নেকি? আমি পুৱাৰে পৰা ইয়াত অপেক্ষা কৰি আছো, ভূপেন বৰাই নাজানে নেকি?” আনহাতে যুৱ কংগ্ৰেছৰ অধ্যক্ষ শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে গোচৰ তৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অংকিতা দত্তই কয়, “মই কেছ দিব নাপায় নেকি? কোনোবাই মোৰ সৈতে বেয়া ব্যৱহাৰ কৰিলে মই একো কৰিব নালাগে নেকি? মোৰ আত্মসন্মান, স্বাভিমানৰ হৈ কথা ক’ব নাপায় নেকি?”

উল্লেখ্য যে, ২০২৩ চনৰ এপ্ৰিলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিছিল সেই সময়ৰ যুৱ কংগ্ৰেছ প্ৰদেশ সভানেত্ৰী অংকিতা দত্তই। ইয়াৰ পিছতে অংকিতাক দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত ৬ বছৰৰ বাবে দলৰ পৰা বহিস্কাৰ কৰিছিল নেতৃত্বই।  অংকিতা দত্তই আজি ন্যায় যাত্ৰাৰ এইবাবেই যাত্ৰা পথত হেঙাৰ হৈ থিয় দি বিক্ষোভ প্ৰদৰ্শন কৰে।

আনহাতে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত অংকিতা দত্তই ন্যায় বিচাৰি কিছু বেনাৰ লগোলা পৰিলক্ষিত হৈছে৷ এই বেনাৰসমূহ কংগ্ৰেছ নেতা-কৰ্মীয়ে আতৰাই ৰাহুৰ গান্ধীৰ সমৰ্থনত বেনাৰ লগাব খুজিছিল৷ কংগ্ৰেছ নেতা-কৰ্মীসকলে বেনাৰ আতৰাবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে বেনাৰসমূহ পহৰা দি আছিল  বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে৷ আৰক্ষীয়ে অংকিতা দত্তৰ বেনাৰসমূহ আতৰোৱাত বাধা প্ৰদান কৰা বুলিও অভিযোগ কৰা দেখা গৈছে।

হিমন্ত বিশ্ব শৰ্মা ‘নাৰদ মুনি’

পুঠিনদীত কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলৰ সময়ত অংকিতা দত্তৰ প্ৰতিবাদী কাৰ্য্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, “অংকিতা দত্তই যেতিয়া অভিযোগ তুলিছিল, সেইদিনা সন্ধিয়া তেওঁ মোৰ ঘৰলৈ আহিছিল। মই তেওঁক প্ৰতিশ্ৰুতি দিছিলো যে ৭ দিনৰ ভিতৰত দিল্লীলৈ লৈ গৈ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাতৰ ব্যৱস্থা কৰি তেওঁক ন্যায় প্ৰদান কৰিম। তেওঁ আশ্বস্তও হৈছিল। মোৰ ঘৰৰ পৰা ওলাই গৈ বাহিৰত সাংবাদিকৰ আগতো কৈছিল যে প্ৰদেশ সভাপতিৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। কিন্তু পিছদিনা পুৱা মুখ্যমন্ত্ৰীয়ে যেতিয়া ক’লে যে অংকিতা দত্তই গোচৰ দিব লাগে, তাৰ পিছতেই তেওঁ দিছপুৰ থানাত গোচৰ তৰে। এতিয়া এই গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে। গতিকে ইয়াত আমি মাত মাতিবলগীয়া নাই।”

ইফালে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জয়ৰাম ৰমেশেও কয়, “অংকিতা দত্তৰ সৈতে মই কেইবাবাৰো কথা পাতিছিলো। তেওঁ মোৰ ঘৰলৈও আহিছিল। শ্ৰীনিৱাস বিভি আৰু অংকিতা দত্ত দুয়োজনেই খুব আৱেগিক। দুয়োৰে সৈতে কথা পাতি বিষয়টো সমাধান কৰিছিলোহে, তেনেতে মাজত নাৰদ মুনি জঁপিয়াই পৰে। নাৰদ কোন আপোনালোকে গম পাইছেই চাগে। তেওঁ হিমন্ত বিশ্ব শৰ্মা।”  

আনহাতে সংবাদ মেলত ন্যায় যাত্ৰাৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে জয়ৰাম ৰমেশে। তেওঁ কয় যে এই যাত্ৰা বিচাৰধাৰাৰ যাত্ৰা, ৰাজনৈতিক যাত্ৰা নহয়। 

ন্যায় যাত্ৰাৰ বিৰুদ্ধে গোচৰ

উজনিত ৰাইজৰ অভূতপূৰ্ব সহাৰি লাভ কৰিছে যদিও ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত অন্য এক বিপদে দেখা দিছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে যোৰহাটত ৰুজু হৈছে গোচৰ। ৰেলীৰ সময়ত চহৰখনত বিশৃংখল পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগেৰে ৰেলীৰ দায়িত্বত থকা কংগ্ৰেছ নেতা কে বি বাইজুৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। পথ নিৰ্দেশনা অমান্য কৰা আৰু হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ অপৰাধত গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে ৰাহুল গান্ধীৰ এই যাত্ৰাৰ সময়ত নীতি-নিয়ম অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বাৰে বাৰে কৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এনে ধাৰাবাহিক সকিয়নীৰ পাছতে তৎপৰ হৈছিল যোৰহাট প্ৰশাসন। প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ধাৰাত ইতিমধ্যে ৰুজু কৰা গোচৰটোক লৈ কংগ্ৰেছৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছে এই কাৰ্যক ধিক্কাৰ জনাই এয়া বিজেপি চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ পোহৰলৈ আহিছে বুলি কোৱাৰ লগতে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনত বিজেপি কম্পমান বুলি কটাক্ষ কৰে। 

কংগ্ৰেছৰ সূত্ৰই সদৰী কৰা মতে কাইলৈ পুৱা ৭ বজাতে মাজুলী অভিমুখে যাত্ৰা কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। ইফালে ৰাহুল গান্ধীৰ মাজুলী যাত্ৰাত বাধা দিবলৈ সকলো ফেৰী বিভিন্ন লোকৰ নামত আগতীয়াকৈ ভাৰা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ।

যোৰহাটত যাত্ৰাৰ মাজতে ৰৈ ৰাইজক সম্বোধন ৰাহুল গান্ধীৰ

হিমন্ত বিশ্ব শৰ্মাৰ দাবী ভুল প্ৰমাণিত!

ৰাহুল গান্ধীৰ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাক কেৱল অসমৰ মিঞাসকলেহে আদৰি ল’ব বুলি দাবী কৰি আহিছিল৷ মুখ্যমন্ত্ৰীৰ এই দাবী যাত্ৰাৰ প্ৰথম দিনটোত মিছা প্ৰমাণিত হোৱা দেখা গ’ল। কিয়নো আজি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই উজনি অসমত যি পথেৰে গতি কৰিছিল সেই ঠাইত মিঞা সম্প্ৰদায়ৰ লোক প্ৰায় নাই বুলিবই পাৰি৷ বিপৰীতে উজনি অসমৰ হিন্দু আৰু খিলঞ্জীয়া মুছলমানকে ধৰি সকলো সম্প্ৰদায়ৰ লোকে স্বতঃস্ফূৰ্তভাৱে সহাৰি জনোৱা দেখা গ’ল এই যাত্ৰাক৷ 

অসমত যাত্ৰাৰ প্ৰথম দিনটোত পথৰ দাঁতিত হাজাৰ হাজাৰ লোকে আদৰণি জনোৱা বহু ভিডিঅ’ আৰু ফটোও ভাইৰেল হৈছে৷ এই ফটো আৰু ভিডিঅ’ৰ ওপৰত ভিত্তি কৰিয়েই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই উজনি অসমত ব্যাপক সমৰ্থন লাভ কৰা বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰালৈ হাজাৰ হাজাৰ লোক স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ লগতে এই যাত্ৰাক সমৰ্থন কৰা বুলি মন্তব্য কৰা দেখা গৈছে। 

ইফালে, যোৰহাটত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক হিন্দুস্তানৰ দুৰ্নীতিগ্ৰস্ত পৰিয়াল বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গান্ধী পৰিয়ালৰ দুৰ্নীতি বোফৰ্ছ গোচৰৰ পৰা ভূপাল গেছ ট্ৰেজেডীলৈকে বিস্তৃত। ভূপাল ট্ৰেজেডীৰ পিছত এণ্ডাৰছনক দেশৰ পৰা পলায়ন কৰাত সহায় কৰিছিল গান্ধী পৰিয়ালে। দুৰ্নীতিৰ উপৰিও, ৰাহুল গান্ধীৰ উপাধিটোৱেই মিছা বুলিও দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই। আনকি উজনিত ৰাহুল গান্ধীক ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজে আদৰণি জনোৱা সত্বেও আজিও পুনৰ উক্ত যাত্ৰাক ‘মিঞা যাত্ৰা’ বুলি নামাকৰণ কৰে ড০ শৰ্মাই।