গুৱাহাটীঃ বিজেপিৰ নেতা-কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন গাঁৱত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সন্নিৱিষ্ট অৰুণোদয়ৰ ফৰ্ম বিতৰণক লৈ নিৰ্বাচনী আয়োগৰ কাষ চাপিছিল চিপিআইএম আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগত দাখিল কৰা অভিযোগক গুৰুত্বসহকাৰে লৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে৷ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ৭২ ঘণ্টাৰ ভিতৰত আয়োগক উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷

নিৰ্বাচনী বিধি উলংঘাক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে দাখিল কৰিব লাগিব। জাননীখনত ৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ পূৰ্বে উত্তৰ নিদিলে বিজেপিৰ ৰাজ্যিক সভাপতিৰ একো ক’বলগীয়া নাই বুলি গণ্য কৰি য‍াৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱা হৈছে৷ নিৰ্বাচনী বিধি উলংঘা সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াই কঠোৰ পদক্ষেপ ল’ব বুলি উল্লেখ কৰিছে৷

জানিব পৰা মতে, ৪ এপ্ৰিলত চিপিআইএমে আৰু ৫ এপ্ৰিলত কংগ্ৰেছে এই অভিযোগ দাখিল কৰিছে৷ বিজেপি দলে ৰাজ্যত সামাজিক-অর্থনৈতিক সমীক্ষা চলাই অৰুণোদয় হিতাধিকাৰী কৰা হ’ব বুলি প্ৰ-পত্ৰ বিতৰণ কৰাই নহয়, সেই প্ৰ-পত্ৰ পূৰণ কৰি জমাও লৈছিল বুলি খবৰ পোৱা গৈছে৷ অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰাৰ পিছতে দল দুটাই এই বিষয়ে আয়োগক অৱগত কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসমৰ বিভিন্ন গাঁৱত বিজেপিৰ কৰ্মীয়ে প্ৰ-পত্ৰ বিতৰণৰ কৰাৰ অভিযোগ আনি সামাজিক মাধ্যমত অভিযোগ আনিছিল৷ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে অসমৰ শাসক বিজেপি দলে নীতি-নিয়ম ভংগ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে চিপিআইএম আৰু কংগ্ৰেছে দলে৷

ৰাজ্যৰ শাসকীয় বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়তে ৰাজ্যত আৰ্থ-সামাজিক সমীক্ষা চলোৱাৰ নামত ভোটাৰ ৰাইজৰ মাজত ব্যাপক হাৰত প্ৰপত্ৰ কেনেকৈ বিতৰণ কৰিব পাৰিছে তাক লৈয়ো এতিয়া সচেতন মহলৰ মাজত চৰ্চা চলিছে। উল্লেখ্য যে, এই প্ৰ-পত্ৰখন পূৰণ কৰিলেই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ‘এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰাণ্টী’ বুলি উল্লেখ থকা প্ৰপত্ৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোও সংলগ্ন হৈ আছে।

কংগ্ৰেছৰ একাধিক নেতাৰ আয়োগক অভিযোগ

প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতাই বিজেপি দল আৰু নেতাই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ কেইবাটাও গুৰুতৰ অভিযোগ আনি ভাৰতৰ নিৰ্বাচনী আয়োগলৈ শুকুৰবাৰে পত্ৰ প্ৰদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে সুকীয়া সুকীয়াকৈ নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিছে৷ 

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এগৰাকী সূলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে ভোটাৰক আঁচনি আৰু খাদ্য সামগ্ৰী যোগান বন্ধ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ দাখিল কৰিছে৷ নিৰ্বাচন আয়োগক এক পত্ৰ প্ৰদান কৰি দেৱব্ৰত শইকীয়াই নিৰ্বাচনী আয়োগক উক্ত সূলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে তাৎক্ষণিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ যোৰহাট সংসদীয় সমষ্টিৰ তথা নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা গাঁও পঞ্চায়তৰ সূলভ মূল্যৰ দোকানী অমৰজ্যোতি গগৈৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ 

সূলভ মূল্যৰ এজেণ্ট অমৰজ্যোতি গগৈৰ বিজেপিৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন দাখিল কাৰ্যসূচীলৈ নগ’লে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰাৰ লগতে পাই থকা আঁচনি কৰ্তন কৰাৰ ধমক দিছিল৷ বহু মহিলাই এই ক্ষেত্ৰত অভিযোগ উত্থাপন কৰিছিল৷ এই অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে শইকীয়াই।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হৈ ৰাজ্যিক সাধাৰণ সম্পাদক আনোৱাৰ আহমেদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিত নিৰ্বাচনী সভাত অংশ লৈ ছাত্ৰীসকলৰ বাবে ১০ হাজাৰ, ১২,৫০০ টকা আৰু ২৫ হাজাৰ টকাৰ দিয়াৰ ঘোষণা কৰিছিল৷ এই ঘোষণাৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি অভিযোগ দাখিল কৰিছে প্ৰদেশ কংগ্ৰেছে৷ মুখ্যমন্ত্ৰীয়ে এনে ঘোষণা কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি বিৰোধী দল কংগ্ৰেছে অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ 

প্ৰদেশৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ আহমেদে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰাক লৈ ভাইৰেল হৈ থকা ভিডিঅ’ আৰু ফটোক লৈও নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰে৷ বহু লোকে সামাজিক মাধ্যম যোগে এখন বিশেষ প্ৰ-পত্ৰ শ্বেয়াৰ হৈ থকাৰ লগতে অসমৰ বিভিন্ন গাঁৱত বিজেপিয়ে উক্ত প্ৰ-পত্ৰখন বিতৰণ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে৷ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে অসমৰ শাসক বিজেপি দলে নীতি-নিয়ম ভংগ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে৷ 

সাংসদ তথা নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও অভিযোগ দিছে নিৰ্বাচনী আয়োগক৷ কেইবাটাও বিষয়বস্তুক লৈ নিৰ্বাচনী আয়োগক অভিযোগ দিছে বৰদলৈয়ে৷ শাসনাধিষ্ঠিত অশুভ শক্তিয়ে প্ৰশাসনিক যন্ত্ৰ ব্যৱহাৰ কৰি বিৰোধী শক্তিৰ মনোবল ভাঙি গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ কৰাৰ অভিযোগ আনে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে কয়, 'আমি এনে শক্তিৰ ওচৰত কেতিয়াও শিৰনত নকৰো আৰু বিহিত ব্যৱস্থাৰ আশাৰে নিৰ্বাচন আয়োগৰ ওচৰত উলংঘনৰ বিষয়ে অভিযোগ দাখিল কৰিছো।’

প্ৰদ্যুৎ বৰদলৈয়ে চাৰিটা বিষয়ত অভিযোগ দাখিল কৰিছো। আটাইকেইটা অভিযোগ হৈছে মনোনয়ন পত্ৰ দাখিলক লৈ৷ ৪ এপ্ৰিত মনোনয়ন দাখিলৰ সময়ত ৰকিবুল হুছেইনক মনোনয়ন দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰাত বাধা দিয়া, দলীয় কৰ্মী আৰু সমৰ্থকক শোভাযাত্ৰাত অংশগ্ৰহণত বাধা দিয়াৰ লগতে শোভাযাত্ৰাৰ অনুমতি প্ৰদানত সংশ্লিষ্ট কৰ্তব্যৰত বিষয়াই অপ্ৰয়োজনীয়ভাৱে পলম কৰা তথা কংগ্ৰেছ দলৰ কৰ্মী-সমৰ্থকসকলক নগাঁৱৰ বিশেষ আৰক্ষী বিষয়াই হাৰাশাস্তি কৰাৰো অভিযোগ আনি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে প্ৰদ্যুৎ বৰদলৈয়ে৷ 

শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি নগাঁৱৰ আয়ুক্ত তথা নগাঁৱৰ ৰিটাৰ্ণি বিষয়া আৰু একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক৷ ৰাজ্যৰ মুখ্য বিৰোধী দলৰ এই অভিযোগসমূহক লৈ নিৰ্বাচনী আয়োগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।