প্ৰথমবাৰৰ বাবে এক আতংকৰ সন্মুখীন হৈছে নলবাৰীবাসী। জিলাখনৰ বহু গাঁৱৰ বাবে এতিয়া ৰাতিটো নাযায়-নুপুৱায় ধৰণৰ। ৰাতি মানেই হাতী! এয়া কেৱল ফকৰা যোজনা নহয়, সঁচাকৈয়ে এতিয়া ৰাতি হ’লে হাতীৰ ভয়ে ত্ৰস্তমান কৰে বহু গাঁৱৰ নিবাসীক। ভূটানৰ পাহাৰৰ পাদদেশৰ পৰা নামি অহা হাতীৰ জাকে চলোৱা এই সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে যুঁজিবলগীয়া হৈছে নলবৰীয়া ৰাইজে। 

প্ৰায় এবছৰ পূৰ্বে নলবাৰীত প্ৰথমবাৰৰ বাবে হাতীৰ আতংক আৰম্ভ হৈছিল। শাওণমহীয়া বানৰ বতৰত দুটা বনৰীয়া হাতীয়ে পাগলাদিয়া নৈৰ পাৰৰ কেইবাখনো গাঁৱত প্ৰৱেশ কৰিছিল। কাহানিও চকুৰ সন্মুখত হাতী নেদেখা গাঁওবাসীৰ মাজত হাতী চাবলৈ প্ৰথমে উৎসুকতা বাঢ়িছিল। কিন্তু লাহে লাহে সেই উৎসুকতাই আতংকৰ ৰূপ লয়।

বন বিভাগৰ তথ্য অনুসৰি, নলবাৰীত বৰ্তমান ১৪ টা বন্যহস্তীয়ে মুক্ত বিচৰণ কৰিছে। ১৫৭ বিঘাৰো অধিক কৃষিভূমিত সন্ত্ৰাস চলাইছে বন্যহস্তীৰ জাকটোৱে। ইয়াৰোপৰি এই হাতীৰ জাকটোৰ বাবেই গৃহহীন হ’বলগীয়া হৈছে বহু পৰিয়াল। প্ৰতিটো নিশাই জিলাখনৰ ভিন্ন গাঁৱত ভাগে ভাগে হাতীৰ জাকটোৱে প্ৰৱেশ কৰি সূচনা কৰিছে আতংকৰ।

ঘগ্ৰাপাৰ, সন্ধা, কটৰা, জাবুন, খানাজান, ক্ষুদ্ৰকটৰা, ধনতোলা, আগ্ৰা আদি গাঁও আৰু এলেকাত এতিয়া মুক্ত বিচৰণ বন্যহস্তীৰ জাকৰ। ১৪টা হাতীয়ে একেলগে বিচৰণ নকৰে, বেলেগে বেলেগে জাক বান্ধি হাতীয়ে প্ৰৱেশ কৰে বেলেগ বেলেগ গাঁৱত। বহু গাঁওবাসীয়ে হাতীৰ জাকৰ পৰা ঘৰখন, ভঁৰালটো আৰু পকা ধাননিডৰা বচাবলৈ ৰাতি ৰাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু উপদ্ৰৱী হাতীৰ জাকক কোনে ৰুধিব পাৰে?

‘চকুৰ আগত হাতী দেখিলো, হয়তো কেতিয়াবা বাঘো দেখিম’

৬৫ বৰ্ষীয় যাদৱ নাথৰ ঘৰ ধনতোলা গাঁৱত। বন্যহস্তীৰ উপদ্ৰৱত বিগত দুমাহৰো অধিক সময়ৰ পৰা আতংকই বিৰাজ কৰিছে পাগলাদিয়াৰ পাৰৰ এই গাঁওখনতো। যাদৱ নাথে কয় যে তেওঁ কেতিয়াও চকুৰ সন্মুখত হাতী দেখা নাছিল। কেৱল টিভি আৰু মোবাইল আৰু ফটোতহে তেওঁ দেখি আহিছিল হাতী। কিন্তু এতিয়া তেওঁ কেৱল হাতী দেখিবলৈ পোৱাই নহয়, বৰং হাতীয়ে সৃষ্টি কৰা উপদ্ৰৱৰো সাক্ষী হৈছে।

যাদৱ নাথে কয়, “এইখন গাঁওতেই বুঢ়া হ’লো। হাতী কি বস্তু নিজে দেখাই নাছিলো। কিন্তু এতিয়া হাতীও দেখিলো, হাতীৰ ভয়ো দেখিলো। কি ভয়ংকৰ দিন আহিল! আজি হাতী দেখিছো, হয়তো জীয়াই থাকোতে বাঘো দেখা পাব পাৰো।” 

পেছাত এগৰাকী ক্ষুদ্ৰ খেতিয়ক যাদৱ নাথে লগতে কয়, “সৌ সিদিনালৈকে খেতি ৰখিবলৈ গৈ ৰাতি পথাৰতে তিৰ্পাল টানি শুই আছিলো। কিন্তু আজি পথাৰ বাদেই, ঘৰতো শুবলৈ ভয় লগা হৈছে। গোটেই ৰাতিটো বিচনাত ভয়ে ভয়ে পাৰ হয়। বাৰীৰ তামোলৰ ঢকুৱা পৰাৰ শব্দ শুনিলেও চক খাই উঠো, জানোচা হাতীয়েই আহিল!”

হাতীৰ আক্ৰমণৰ পিছত ক্ষুদ্ৰকটৰা গাঁৱৰ দীপক শৰ্মাৰ 
ঘৰৰ দৃশ্য, ফটোঃ NNO

ক্ষুদ্ৰকটৰা গাঁৱত বিগত কেইদিনমানত হাতীৰ উপদ্ৰৱে চৰম সীমা পাৰ কৰিছে। গাঁওখনৰ কেইবাঘৰৰো পথাৰৰ কাটি থোৱা ধান খাই হাতীয়ে তহিলং কৰাৰ পিছত এতিয়া ঘৰতো আক্ৰমণ আৰম্ভ কৰিছে। মঙলবাৰে পুৱতি নিশাও হাতীৰ জাকটোৰ আক্ৰমণে তচনচ কৰে গাঁওখনৰ তিনিটা পৰিয়ালৰ বাসগৃহ।

মঙলবাৰৰ পুৱতি নিশা প্ৰায় ৪ বজাত হাতীৰ জাকটোৱে প্ৰথমে আক্ৰমণ কৰি ভাঙি পেলায় গাঁওখনৰ নিৱাসী দীপক শৰ্মাৰ ঘৰটো। ঘৰ ভাঙি ভিতৰলৈকে সোমাই অহা হাতীৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়ালটোৱে। আনহাতে ইয়াৰ কিছুসময়ৰ পিছতে হাতীৰ জাকটোৱে গাঁওখনৰ নিৱাসী তথা গাঁও পঞ্চায়তৰ সদস্য প্ৰমোদ কলিতাৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলায়। একে সময়তে সৰলা কলিতাৰ বাসগৃহতো হাতীৰ জাকটোৱে আক্ৰমণ কৰি যথেষ্ট ক্ষতিসাধন কৰে।

হাতীৰ আক্ৰমণত গৃহহীন হৈ পৰা দীপক শৰ্মাৰ পত্নী ফুলমতী দেৱীয়ে কয়, “ভাগ্য ভাল আছিল কাৰণে প্ৰাণ বাচিল। পুৱতি নিশা ৫টা মান হাতী আহিছিল। কিন্তু তাৰ মাজৰ এটাইহে আমাৰ ঘৰটোত আক্ৰমণ কৰিছিল। বাকী কেইটা দূৰে দূৰে আছিল। মানুহজন ঘৰত নাছিল। মোৰ ডাঙৰটো ল’ৰা ৰুগীয়া। এনে সময়ত ঈশ্বৰক প্ৰাৰ্থনা জনোৱাৰ বাহিৰে মোৰ আন একো উপায় নাছিল।”

হাতীয়ে ভাঙি থৈ যোৱা ঘৰটো বাৰে বাৰে মেৰামতি 
কৰি ভাগৰি পৰিছে প্ৰমোদ কলিতা, ফটোত কলিতাৰ চিন্তিত 
পত্নী আৰু সন্তানক দেখা গৈছে, ফটোঃ NNO

‘ভঙা ঘৰ কিমান ভাল কৰিম?’

ক্ষুদ্ৰকটৰা গাঁওৰে নিৱাসী প্ৰমোদ কলিতা স্থানীয় ৫ নং পূব বতাহগিলা গাঁও পঞ্চায়তৰ সদস্য। মঙলবাৰে পুৱাৰ ঘটনাৰ সৈতে এয়া তেওঁৰ বাসগৃহত সংঘটিত হোৱা হাতীৰ তৃতীয়টো আক্ৰমণৰ ঘটনা। যোৱা এটা সপ্তাহত পূৰ্বে দুবাৰকৈ হাতীয়ে আক্ৰমণ চলাই ভাঙি থৈ গৈছিল তেওঁৰ ঘৰটো।

হাতীয়ে ভাঙি থৈ যোৱা ঘৰটো বাৰে বাৰে মেৰামতি কৰি ভাগৰি পৰিছে প্ৰমোদ কলিতা। আৰ্থিকভাৱে দুৰ্বল পৰিস্থিতিৰ কলিতাই দেওবাৰে মানুহ লগাই ভঙা ঘৰটো দ্বিতীয়বাৰৰ বাবে মেৰামতি কৰিছিল। কিন্তু তাৰ পিছতে মঙলবাৰে পুৱা হাতীয়ে আকৌ ভাঙি থৈ গৈছে তেওঁৰ গোটেই ঘৰটো।

অৱশ্যে প্ৰথম হাতীৰ আক্ৰমণৰ পিছৰে পৰাই পত্নী আৰু দুই সন্তানৰ সৈতে ককায়েকৰ ঘৰত আশ্ৰয় লৈ আছিল প্ৰমোদ কলিতাই। এনে কাৰণতে দ্বিতীয়বাৰ আৰু শেহতীয়াকৈ তৃতীয়বাৰৰ হাতীৰ আক্ৰমণৰ সময়ত হতাহত হোৱাৰ পৰা পৰিয়ালটো ৰক্ষা পৰে। 

প্ৰমোদ কলিতাই কয়, “ভঙা ঘৰটো বাৰে বাৰে ভাল কৰি ভাগৰি পৰিছো। প্ৰথম যিদিনা হাতীয়ে শোৱা বিচিনাৰ কাষৰ বেৰখন বাঙি বগৰাই দিছিল, সেইদিনা কোনোমতেহে আমাৰ প্ৰাণ ৰক্ষা পৰিছিল। পিছৰ দুবাৰত যেনিবা আমি ৰাতি হ’লে ককাইদেউৰ ঘৰত আশ্ৰয় লৈছিলো। কিন্তু হাতীয়ে ভাঙি যোৱা ঘৰ কিমান আৰু ভাল কৰিম? আমাৰ ইমান আৰ্থিক সম্বলো নাই যে পকী ঘৰ এটা বনাম বা বাৰে বাৰে হাজিৰা মানুহ লগাই ঘৰ মেৰামতি কৰিম। কি কৰো, কি নকৰো একো ভাৱি নোপোৱা হৈছো।”

মঙলবাৰে পুৱা হাতীয়ে ভাঙি থৈ যায় সৰলা কলিতাৰো ঘৰটো। স্বামীহীনা মহিলাগৰাকীয়ে এতিয়া ভঙা ঘৰটো কিদৰে মেৰামতি কৰিব তাকেই ভাৱি তত্ নোপোৱা হৈছে। অৱশ্যে হাতীৰ ভয়তে যোৱা কেইদিনমানৰ পৰা তেওঁৱো পুত্ৰৰ লগত আন এঘৰত আশ্ৰয় লৈ আছিল।

হাতী খেদিবলৈ পূজা-অৰ্চনা

প্ৰতি নিশাই বনকৰ্মী আহে। আগদিনা হাতী খেদি থৈ যায়, কিন্তু পিছদিনা পুনৰ আহি হাতীয়ে উপদ্ৰৱ আৰম্ভ কৰে। কাহানিও হাতী নেদেখা গাঁওবাসী ত্ৰস্তমান হাতীৰ এই বাৰাম্বাৰ আগমণক লৈ। কি হাতী খেদিবলৈ কৰিব কি? বন বিভাগেও খেদি পঠিয়াব নোৱাৰা গাঁওবাসীৰ বাবে হাতী খেদাৰ এটাই উপায়- ঈশ্বৰৰ আৰাধনা। হিন্দু আখ্যান আৰু লোককথা অনুসৰি, হাতী হৈছে শিৱপুত্ৰ গণেশৰ ৰূপ। সেয়ে যাতে ভগৱানৰ অৱতাৰ হাতীয়ে কাৰো কোনো ক্ষতি নকৰে, তাৰ বাবে পূজা- অৰ্চনা আৰম্ভ কৰে গঞা ৰাইজে।

গাঁৱৰ ৰাইজে মিলি গাঁৱৰ মন্দিৰত ভগৱান গণেশৰ নামত চাকি-বন্তি জ্বলোৱাৰ উপৰিও পাগলাদিয়াৰ পাৰত পূজা অৰ্চনা কৰি হাতীক গাঁৱৰ পৰা আঁতৰি থাকিবলৈ প্ৰাৰ্থনা জনায়। এই সমগ্ৰ পূজা- অৰ্চনাৰ নেতৃত্ব দিয়ে গাঁওখনৰে কেইজনমান ডেকা ল’ৰাই। 

৯ জানুৱাৰীৰ পুৱা হাতীয়ে ভাঙি থৈ যোৱা সৰলা কলিতা ঘৰটো, ফটোঃ NNO

হাতীক দূৰত ৰাখিবলৈ পূজা আগবঢ়োৱা ধ্ৰুৱ শৰ্মাই কয়, “পূজা অৰ্চনা কৰাৰ বাবে মানুহে আমাক অন্ধবিশ্বাসী বুলি ভাৱিলেও ভাৱক। কিন্তু এয়া আমাৰ আস্থা। মানুহৰ হাতত যেতিয়া কোনো উপায় নোহোৱা হৈ পৰে, তেতিয়া ভগৱানেই হৈ পৰে অন্তিম ভৰষা। আমাৰ বাবেও ঈশ্বৰেই এতিয়া শেষ ভৰষা। জাক জাক মানুহে খেদিব পৰা নাই, বন বিভাগৰ লোকে খেদিব পৰা নাই, আমি এতিয়া কৰোঁ কি? সেয়ে আমি ঈশ্বৰকে আৰাধনা কৰিছো। গণেশ বাবা আহক, বাৰীৰ কল, তামোল খাই নিৰৱে গুচি যাওক, মানুহৰ মাথো একো অনিষ্ট নকৰক।”

অৱশ্যে গঞা ৰাইজৰ এই পূজা-অৰ্চনাৰ পিছতো মঙলবাৰে হাতীৰ জাকে আহি গাঁওখনৰ তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তচনচ কৰে। 

কি কৰি আছে বন বিভাগে?

প্ৰায় এবছৰ পূৰ্বে নলবাৰী জিলাত প্ৰথমবাৰৰ বাবে বন্যহস্তী দেখা গৈছিল যদিও বিগত প্ৰায় দুমাহতহে হাতীৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা দুমাহত বন বিভাগে হাতীৰ জাকটোক জনাঞ্চলৰ পৰা দূৰলৈ খেদি পঠিওৱাৰ চেষ্টা কৰিলেও বাৰে বাৰে বিফল হৈছে। কিন্তু যোৱা কিছুদিনত হাতীৰ বাবে বন বিভাগৰ ব্যস্ততা অধিক বৃদ্ধি পাইছে। 

নলবাৰী জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে নলবাৰীত হাতীৰ আক্ৰমণৰ ফলত ৫২টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। আনহাতে জিলাখনৰ ৬টা ঘৰ আৰু ১৫৭ বিঘাৰো অধিক শস্যৰ ক্ষতিসাধন কৰিছে এই বন্যহস্তীৰ উপদ্ৰৱী জাকটোৱে। নলবাৰী জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই জনোৱা মতে, জিলাখনৰ ৰাইজ বন্যহস্তীৰ উপদ্ৰৱৰ সৈতে অভ্যস্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত জিলা বন বিভাগৰ সৈতে আলোচনা কৰি বন্যহস্তীৰ উপদ্ৰৱৰ সন্মুখীন হোৱা সকলো ক্ষেত্ৰতে পৰামৰ্শ জাৰি কৰা হৈছে। 

উপায়ুক্ত ডেকাই আৰু কয়, “ভূটানৰ পাদদেশৰ পৰা নামি অহা হাতীৰ জাকটো প্ৰথম অৱস্থাত কেৱল বাক্সা জিলাতে আৱদ্ধ আছিল। কিন্তু লাহে লাহে যোৱা দুই-তিনি মাহত জাকটোৱে নলবাৰীত প্ৰৱেশ কৰি উপদ্ৰৱ আৰম্ভ কৰে।” বন বিভাগৰ বিষয়া-কৰ্মী যিকোনো অপ্ৰীতিকৰ পৰিঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম হৈ থকা বুলি মন্তব্য কৰি বৰ্ণালী ডেকাই কয়, “বনকৰ্মীসকলে জাকটোক মূল বাসস্থানলৈ খেদি নিয়াৰ বাবে চেষ্টা কৰি আছে।”

ইফালে, প্ৰশাসনে জাৰি কৰা পৰামৰ্শত ৰাইজক নিজৰ বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু ঘাইপথত কোনো হাতী দেখা পালে হৰ্ণ নবজাবলৈ আৰু জাকটো যোৱাৰ বাবে অপেক্ষা কৰিবলৈ কয়। ইয়াৰ উপৰিও হাতীক খেদি পঠিয়াবলৈ ফটকা ব্যৱহাৰ কৰা বা হাতীৰ সৈতে চেল্ফি উঠাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি ৰাইজক সন্ধিয়া বনাঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। উপায়ুক্ত বৰ্ণালী ডেকাই কয়, “মানুহৰ বাসস্থানৰ পৰা হাতীক আঁতৰাই ৰাখিবলৈ সকলোকে জলকীয়া গুড়ি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”

নলবাৰীৰ ভিন্ন গাঁৱত এনেদৰেই চলিছে বন্যহস্তীৰ বিচৰণ, ফটোঃ NNO

নলবাৰী সংমণ্ডল বন বিষয়া চানিদেউ চৌধুৰীয়ে কয় যে বৰ্তমান জিলাখনত বন্যহস্তীৰ সংখ্যা ১৪টালৈ বৃদ্ধি পাইছে। কিন্তু এবছৰ পূৰ্বে এই সংখ্যা আছিল মাত্ৰ দুটা। তেওঁ কয়, “যিহেতু নলবাৰী জিলাত বিশেষ বনাঞ্চল নাই, সেয়েহে হাতীবোৰে মানুহৰ বাসস্থানত বিচৰণ কৰি শস্যৰ ক্ষতি কৰিছে। বন্যহস্তীৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱ্য কাৰণ ভূটানৰ পাদদেশত খাদ্যৰ অভাৱৰ বাবেই হ’ব পাৰে।”

১১ জানুৱাৰীৰ পৰা জিলা প্ৰশাসন আৰু বন বিভাগে মিলি বনৰীয়া হাতীৰ জাকটোক ভূটানৰ পাদদেশলৈ খেদি লৈ যোৱাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিব বুলি জনাইছে নলবাৰী জিলা প্ৰশাসনে। আৰু এই সময়ছোৱালৈকে ফটকা ফুটাই, হৈ-হাল্লা কৰি হাতী নেখেদিবলৈ গঞা ৰাইজক গাঁৱে গাঁৱে গৈ জিলা প্ৰশাসনৰ দ্বাৰা আহ্বান জনোৱা হৈছে।

হস্তী-মানুহৰ সংঘাত, সমাধান কি?

বনাঞ্চলৰ পৰিসৰ কমি অহাৰ লগে লগে অসমত বৃদ্ধি পাইছে হাতী আৰু মানুহৰ মাজৰ সংঘাত। অৰণ্য ধ্বংস কৰি মানুহে যিমানেই আধুনিক হৈছে, সিমানেই খাদ্য আৰু বাসস্থানৰ তাড়নাত জনাঞ্চললৈ ঢাপলি মেলিছে বন্য জীৱ-জন্তুৱে। আৰু তাৰ বাবেই ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বন্য জীৱ-জন্তু আৰু  মানুহৰ সংঘাত।

চৰকাৰ তথ্য অনুসৰি বিগত ১০ বছৰত ৰাজ্যত ৰাজ্যত ৬৯৪ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বন্যহস্তীৰ আক্ৰমণত। বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহত প্ৰতিদিনেই বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনা সংঘটিত হয়। খাদ্য বিচাৰি হাতীৰ জাকে প্ৰায়ে মানুহৰ ভঁৰাল ঘৰ, শইচ পথাৰ, বাৰীৰ শাক-পাচলি তহিলং কৰে। আৰু হাতীৰ এই আক্ৰমণৰ বলি হয় মানুহো। শনিবাৰে নিশাও বন্যহস্তীৰ গছকত কামৰূপ জিলাৰ বকোৰ বৰখালত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এজন লোকে। 

ৰাতি হাতীৰ বাবে দিয়া পহৰা, ফটোঃ NNO

কিন্তু হাতীৰ আক্ৰমণত যে কেৱল মানুহৰে মৃত্যু ঘটে তেনে নহয়, বিভিন্ন প্ৰান্তত মানুহৰ আক্ৰমণৰো বলি হয় হাতী। বন্যহস্তীক ৰুধিবলৈ পথাৰত লগোৱা বিদ্যুত পৰিবাহী তাঁৰত বিদ্যুস্পৃষ্ট হৈ হাতীৰ মৃত্যু ঘটে, মানুহে খন্দা গাঁতত সোমাই তাতেই ককবকাই হাতীৰ মৃত্যু ঘটে। চৰকাৰী তথ্য অনুসৰি, ২০২২ চনৰ পৰা বৰ্তমানলৈকে সংঘটিত হস্তী- মানুহৰ সংঘাতৰ সময়ত মৃত্যু ঘটিছে ২৯টা হাতীৰ।

এগৰাকী অৱসৰপ্ৰাপ্ত বন বিষয়াৰ মতে, হাতী আৰু মানুহৰ মাজৰ এই সংঘাত দূৰ কৰাৰ এটাই উপায়, সেয়া হৈছে সঠিকভাৱে বনাঞ্চল সুৰক্ষিত কৰা। তেওঁৰ মতে, বনাঞ্চল সুৰক্ষিত কৰি চাৰিওফালে প্ৰাকৃতিকভাৱে বাঁহ আৰু গছেৰে ফেঞ্চিং দি অৰণ্য আৰু জনাঞ্চল পৃথক কৰিব লাগিব, তেহে হাতী আৰু মানুহৰ সংঘাতৰ উপশম হ’ব।
 
অৱসৰপ্ৰাপ্ত বন বিষয়াগৰাকীয়ে কয়, “হাতী আৰু অন্য জীৱ-জন্তুক বনৰ পৰা ওলাই আহিবলৈ আমিয়েই বাধ্য কৰিছো। বনাঞ্চলত সিঁহতে বাস কৰিব পৰা পৰিৱেশ আমি ধ্বংস কৰাৰ বাবেই এতিয়া আমাৰ মাজত সোমাই খাদ্য আৰু বাসস্থানৰ সন্ধান কৰিবলগীয়া হৈছে। যদি আমি পুনৰ বনাঞ্চল সুৰক্ষিত কৰি বন্য জীৱ-জন্তুৰ থকাৰ উপযোগী কৰি তোলো, তেন্তে এই সংঘাত বহুখিনি হ্ৰাস পাব। আৰু তেতিয়া মানুহেও নিৰ্বিঘ্নে জীয়াই থাকিব পাৰিব।”