ভোগালীৰ উৰুকাৰ নিশা। সমগ্ৰ ৰাজ্যৰ দৰেই উছাহত মগন হৈছিল গাঁওখন। ৰান্ধনিশালত তেতিয়া ভীষণ ব্যস্ততা গৃহিনীৰ। বিবিধ ব্যঞ্জনেৰে জুতি লগাই লগে ভাগে এসাজ খোৱাৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছিল। সেয়ে সন্ধিয়াৰ পৰাই পাকঘৰত ইখনৰ পিছত সিখন আঞ্জা ৰান্ধি ৰান্ধি আজৰি নোহোৱা হৈছিল ঘৰৰ জীয়াৰী-বোৱাৰীসকলৰ। কাৰো কাৰো ঘৰৰ পৰা বতাহত বিয়পি পৰিছিল তিল দিয়া পিঠাৰ মাঘী সুগন্ধি। মানে- ভোগালীক আদৰাৰ প্ৰস্তুতি এতিয়াও শেষ হোৱা নাই।

সুৰেন বৰ্মনৰ ঘৰতো নিশা ব্যস্ততা বাঢ়িছিল। সুৰেন বৰ্মনৰ পত্নীয়েও বিধে বিধে বনোৱা ব্যঞ্জনৰে এসাজ খাই ভোগালীক আদৰিব বিচাৰিছিল। সন্ধিয়াই গিৰিহঁতে যোগাৰ কৰি দিয়া মাছ-মাংসৰ আঞ্জাখিনি বনাই সোনকালেই আজৰি হৈ লৈছিল তেওঁ। তেওঁলোকৰ ঘৰত কাৰেণ্টৰ ব্যৱস্থা নাই। সেয়ে কেৰাচিন তেলৰ চাকিৰ পোহৰতে সকলোখিনি যা-যোগাৰ কৰিবলগীয়া হৈছিল। চৌকাৰ পৰা ভাতৰ চৰুটো নমাই মুকলি বতাহ অলপ খাও বুলি ঘৰৰ বাহিৰলৈ ওলাই আহিয়েই তেওঁ শুনিবলৈ পালে সেই কোলাহল। ক্ৰমশঃ তেওঁলোকৰ ঘৰৰ ফালেই আগবাঢ়ি আহিছিল সেই কোলাহলটো।

মাত্ৰ কেইটামান মুহূৰ্ত, তাৰ পিছতে দূৰৰ সেই কোলাহলটো আগবাঢ়ি সুৰেন বৰ্মনৰ ঘৰৰ ওচৰ পায়। আৰু তাৰ পিছতে ভিৰৰ মাজৰ নানা জনৰ প্ৰশ্ন আৰু ধমকিয়ে উৰুকাৰ নিশাৰ আনন্দময় পৰিৱেশটো আতংকিত কৰি তোলে। প্ৰথমে বহু সময় সুৰেন বৰ্মনৰ পত্নীয়ে একো তলকিব পৰা নাছিল, কিন্তু যেতিয়া সমগ্ৰ ঘটনা তেওঁ বুজি উঠিছিল, তেতিয়ালৈকে যেন বহু পলম হৈ গৈছিল!

উত্তেজিত লোকৰ ভিৰটোৱে যি সময়ত সুৰেন বৰ্মনৰ ঘৰৰ পদূলিত থিয় দিছিল, সেই সময়ত ঘৰত সুৰেন বৰ্মনো আছিল। তেওঁ অৱশ্যেই জানিছিল কিয় উৰুকাৰ নিশা এই মানুহৰ জাকটো তেওঁলোকৰ ঘৰলৈ আহিছে। তেওঁ সকলো কথা জানিছিল বাবেই ভিৰৰ অলেখ প্ৰশ্নৰ পিছত নিশ্চুপ হৈ আছিল। আনকি যেতিয়া মানুহৰ জাকটোৱে তেওঁক আক্ৰমণ কৰিছিল, অকথ্য ভাষাৰে গালি-গালাজ কৰিছিল আৰু অৱশেষত তেওঁলোকৰ সৰু জুপুৰীটো ভাঙি পেলাইছিল, তেতিয়াও তেওঁ একো ক’ব পৰা নাছিল। তেওঁ কেৱল মানুহৰ সমদলটোলৈ চাই কাতৰভাৱে প্ৰাণ ভিক্ষা মাগিছিল।

উত্তেজিত গঞাই লণ্ড-ভণ্ড কৰা সুৰেন বৰ্মনৰ ঘৰটো

প্ৰকৃততে ঘটনা কি?

নলবাৰী জিলাৰ পৰা উত্তৰে মাত্ৰ ৪ কিলোমিটাৰ নিলগৰ গৰেমাৰা গাঁৱত মাঘ বিহুৰ উৰুকাৰ নিশাটো এনেকৈয়ে উত্তেজনাপূৰ্ণ হৈ উঠিল। এই উত্তেজনাৰ কাৰণ আছিল উৰুকাৰ নিশা গাঁওখনৰ দুজন যুৱকৰ মাজৰ সংঘাত। গাঁওখনৰে নিৱাসী পিংকু কলিতা নামৰ এজন যুৱকক সুৰেন বৰ্মনৰ  দুই পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়। গাঁওবাসীৰ এটা সমদলে হাতে হাতে লাঠি, জোং লৈ সুৰেন বৰ্মনৰ ঘৰলৈ চোঁচা লৈ তেওঁৰ ঘৰটো ভাঙি পেলায়। 

কিন্তু এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই নিশাৰ অন্ধকাৰত পলায়ন কৰিছিল সুৰেন বৰ্মনৰ দুই পুত্ৰ মিঠুন আৰু ৰণ্টুৱে। লগতে পলায়ন কৰিছিল মিঠুনে অলপতে পলুৱাই অনা একেখন গাঁওৰে নাবালিকা কিশোৰীগৰাকীও। যুৱক দুজনক বিচাৰি নিশা সুৰেন বৰ্মনৰ ঘৰত উপস্থিত হোৱা উত্তেজিত গাঁওবাসীয়ে তেওঁৰ ঘৰটো ভাঙি পেলোৱাই নহয়, সুৰেন বৰ্মন আৰু তেওঁৰ পত্নীক সেই গাঁওখনৰ পৰা বাহিৰ হ’বলৈও বাধ্য কৰোৱায়।

উৰুকাৰ নিশাটো পালন কৰা নহ’ল সুৰেন বৰ্মনৰ পৰিয়ালৰ। দুই পুত্ৰৰ কু-কাণ্ডৰ বাবেই উৰুকাৰ নিশাৰ ৰন্ধা ভাত চৰুতেই ৰ’ল, সন্ধিয়াতে যোগাৰ কৰা মাংসখিনিৰো এটা টুকুৰা কাৰো মুখত দিয়া নহ’ল। পুৱা গাঁওবাসীৰ হেঁচাত গাঁওখন এৰাৰ পূৰ্বে পথৰ দাঁতিতে সুৰেন বৰ্মনৰ পত্নীয়ে পেলায় থৈ যায় নিশা আথে-বেথে ৰন্ধা সেই ভাত-আঞ্জাখিনি!

এনেদৰেই গাঁও এৰিছে সুৰেন বৰ্মনৰ পৰিয়ালটোৱে, ফটোঃ NNO

স্বভাৱৰ দোষত বাৰে বাৰে ঠিকনা সলোৱা এটা পৰিয়াল!

সুৰেন বৰ্মনৰ প্ৰকৃত ঘৰ গৰেমাৰাত নহয়, তেওঁলোকৰ প্ৰকৃত ঘৰ নলবাৰী জিলাৰে আল্লিয়া নামৰ আন এখন গাঁৱতহে। গোটেই জীৱনটো ইফালে সিফালে ঘুৰ্মুটিয়াই যোৱা প্ৰায় ডেৰ বছৰ পূৰ্বে গৰেমাৰা গাঁৱত থিতাপি লৈছিল সুৰেন বৰ্মন, পত্নী আৰু তেওঁলোকৰ দুই পুত্ৰই। পাগলাদিয়াৰ পাৰৰ এই গাঁওখনত মথাউৰিৰ কাষৰ সামান্য চৰকাৰী ভূমিতেই সৰুকৈ জুপুৰী এটা সাজি তেওঁলোকে থাকিবলৈ লৈছিল। কিন্তু এতিয়া এইখন ঘৰো উছন হ’ল।

গৰেমাৰা গাঁৱত থিতাপি লোৱাৰ পূৰ্বে বৰ্মন পৰিয়ালৰ ঠিকনা আছিল ওচৰৰে ক্ষুদ্ৰকটৰা গাঁও। গৃহহীন পৰিয়ালটোৰ দুখ বুজি ক্ষুদ্ৰকটৰা গাঁৱৰ ঊষা দেৱী নামৰ এগৰাকী বিধৱা মহিলাই তেওঁৰ পৰিত্যক্ত ঘৰটোত সুৰেন বৰ্মনক আশ্ৰয় দিছিল। তাত কিছু মাহ থকাৰ পিছতে গাঁওখনৰে এঘৰৰ ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত পৰে সুৰেন বৰ্মনৰ কনিষ্ঠ পুত্ৰ ৰণ্টু। তাৰ পিছতে পৰিয়ালটোক গাঁওখনৰ পৰা খেদি পঠিওৱাত গৰেমাৰা গাঁৱৰ এঘৰত কেইটামান দিন আশ্ৰয় লোৱাৰ পিছত অৱশেষত মথাউৰিৰ কাষৰ চৰকাৰী ভূমিত তেওঁলোকে ঘৰটো সাজে। 

সুৰেন বৰ্মনে মথাউৰিৰ দাঁতিত ঘৰটো সজাৰ সময়ত গাঁওবাসীয়েই অনেক সহায় কৰিছিল। গৃহহীন পৰিয়ালটোৰ মৰ্মবেদনা উপলব্ধি কৰি গাঁওখনৰে কোনোৱে যদি টিনপাতখিনিৰ ব্যৱস্থা কৰি দিছিল, আন কোনোৱে আকৌ আনি দিছিল বিছনা। কোনোৱে আকৌ ভাত বনাবলৈ চৰু-কেৰাহী আৰু কোনোবাই ৰাতি পোহৰাবলৈ চাৰ্জিং লাইট এটাৰ ব্যৱস্থা কৰি পৰিয়ালটোক সংস্থাপিত হোৱাত সহায় কৰিছিল। 

আক্ৰমণকাৰী ৰণ্টু বৰ্মন

বৰ্মন পৰিয়ালক বহু আগৰে পৰাই জনা বহুতৰে মতে, এই পৰিয়ালৰ সৈতে বহু কু- অধ্যায় জড়িত হৈ আছে। নিজৰ চৰিত্ৰৰ বাবেই ইখনৰ পিছত সিখন গাঁৱৰ পৰা বাৰে বাৰে খেদা খাই আহিছে এই পৰিয়ালটোৱে। যাৰ বাবে আল্লিয়াত এটা নিগাজি ঠিকনা থকাৰ পিছতো গৃহহীনৰ দৰে জীৱন পাৰ কৰিবলগীয়া হৈছে গোটেই পৰিয়ালটোৱে।  

পৰিয়ালটোক জনা সকলে দাবী কৰা মতে, পূৰ্বে গুৱাহাটীৰ ভাড়াঘৰত থকা পৰিয়ালটোৱে চুৰি কৰি গুৱাহাটী এৰিবলগীয়া হৈছিল।  নলবাৰী চহৰৰ সোণপুৰতো তেওঁলোক ভাড়াতীয়া আছিল। কিন্তু তাতো ভাড়াঘৰৰ মালিকৰে পুত্ৰক ছুৰীকাঘাত কৰি তাৰ পৰাও পলায়ন কৰিবলগীয়া হৈছিল সুৰেন বৰ্মনৰ পৰিয়ালে। একেদৰে আন আন ঠাইৰ পৰাই নিজৰ স্বভাৱৰ দোষত খেদা খাইছিল পৰিয়ালটোৱে।

গৰেমাৰা গাঁওৰে নিৱাসী সনাতন নাথৰ পত্নীৰ ঘৰো আল্লিয়াত। সেয়ে সুৰেন বৰ্মনক বহু পূৰ্বৰে পৰাই ভালদৰে চিনি পায় তেওঁ। সনাতন নাথৰ পত্নীয়ে কয়, “আল্লিয়াত সুৰেনৰ নিজা ঘৰ-মাটি আছিল। কিন্তু স্বভাৱৰ দোষতে সকলো হেৰুৱাইছে। সকলো মাটি-বাৰী বিক্ৰী কৰি এতিয়া নিজৰ ভাগত ২২ লেচা মান মাটি গাঁওখনত আছে। কিন্তু সি তালৈ নাযায়। এনেদৰে ঠাই বাগৰি ফুৰিয়েই সি আনন্দ পায়।”

সুৰেন বৰ্মনে ঠাই সলাই সলাই গৰেমাৰা গাঁও পোৱাৰ আন এটা কাৰণ কৰিছিল অঞ্চলটোত থকা তেওঁৰ চিনাকি মানুহ। এইখন গাঁৱতে বিয়া হৈ আহিছিল সুৰেন বৰ্মনৰ ভগ্নীও। লগতে তেওঁৰ পৰিয়ালৰ সম্পৰ্কীয় বহু লোক গৰেমাৰা গাঁৱৰ ওচৰে-পাজৰেই বাস কৰিছিল। হয়তো তেওঁ আশা কৰিছিল যে গৰেমাৰাত থিতাপি লোৱাৰ সময়ত চিনাকি মানুহখিনিয়ে বিপদে-আপদে তেওঁক সহায় কৰিব।

গৰেমাৰা গাঁৱত থাকিবলৈ লোৱাৰ পিছৰ পৰা সুৰেন বৰ্মনে মাজে মাজে ভাড়ালৈ ই-ৰিক্সা চলাইছিল যদিও বেছিভাগ সময় কাম নকৰাকৈয়ে পাৰ কৰিছিল। ডাঙৰ পুত্ৰ মিঠুনে কিছুদিন বহিঃৰাজ্যত কাম কৰিছিল। পিছত ঘৰলৈ ওভতি আহি দিন হাজিৰাৰ দৰে কাম কৰিবলৈ লৈছিল। আনহাতে ২৫-২৬ বছৰীয়া কনিষ্ঠ পুত্ৰ ৰণ্টুও আছিল নিবনুৱাই। মাজে মাজে কিবা-কিবি কাম কৰি নিজৰ পকেট খৰছ উলিয়াইছিল। কিন্তু স্থানীয় লোকৰ মতে, ৰণ্টুৰ মূল কামেই আছিল চুৰি কাৰ্য। স্থানীয় লোকে কৰা দাবী মতে, তিনিও পিতা-পুত্ৰই আছিল দুৰ্ঘোৰ নিচাসক্ত। 

৬০ টকাৰ বাবেই কাজিয়া!

অভিযোগ অনুসৰি, প্ৰথমে ৰণ্টু বৰ্মন আৰু পিংকু কলিতাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল জুৱাৰ ৬০ টকাক কেন্দ্ৰ কৰি। পিছত এই কাজিয়াত জঁপিয়াই পৰিছিল ৰণ্টুৰ জ্যেষ্ঠ ভাতৃ মিঠুন আৰু পিতৃ সুৰেন বৰ্মনো। অভিযোগ অনুসৰি, উৰুকাৰ সন্ধিয়া খেলা জুৱা খেলত পিংকুৰ পৰা ৬০ টকা পাবলৈ আছিল ৰণ্টুৱে। কিন্তু পিংকুৱে সেই টকাখিনি নিদিয়াৰ বাবেই নিশা প্ৰায় এঘাৰ বজাত ভাতৃ মিঠুনক লগত লৈ গৈ পিংকুৰ ঘৰৰ সন্মুখতে তেওঁক মৈদা (বঠি)ৰে আক্ৰমণ কৰে ৰণ্টুৱে। ইফালে পুত্ৰৰ এই কাৰ্যত বাধা দিয়াৰ পৰিৱৰ্তে সুৰেন বৰ্মনেও হাতত কাঁচি লৈ পিছে পিছে আক্ৰমণৰ বাবে যায়। 

দুই ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পিংকু কলিতা। কিন্তু তেজেৰে তুমুৰলি হোৱা শৰীৰেৰেই তেওঁ গাঁৱৰ আন আন ডেকাসকলৰ সৈতে সুৰেন বৰ্মনৰ ঘৰত উপস্থিত হৈ ঘৰটো ভাঙি আক্ৰমণৰ প্ৰতিশোধ লয়। পিছত পিংকুক নলবাৰীৰ শুশ্ৰুষা হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰায় ৮ ঘণ্টা সময় হাস্পতালৰ আইচিইউত ৰখাৰ পিছত পৰিয়ালৰ লোকে পিংকুক নলবাৰী চিকিত্সা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰে। মূৰ আৰু ডিঙিত আঘাতৰ বাবে ৩৬টা চিলাই কৰিবলগীয়া হৈছে। 

পিংকু কলিতাৰ ঘৰৰ ওচৰৰ নাম প্ৰকাশ কৰিব নিবিচৰা এজন যুৱকে কয়, “এই সমগ্ৰ ঘটনাৰ মূল কাৰণ হৈছে জুৱা। মই যিমানখিনি জানো, সন্ধিয়া জুৱাৰ ৬০ টকাৰ বাবেই এই কাজিয়াখন হৈছিল আৰু তাৰ পিছত ৰাতি এনে ঘটনা ঘটে। সকলোৱে ৰণ্টু আৰু মিঠুনৰে দোষ বুলি কৈ আছে। কিন্তু এপাত তালেৰে বাজনা নাবাজে। মই ভাৱো দোষ দুয়োপক্ষৰে আছিল। গোটেই কেইজনেই মদ খাই আছিল। আৰু মদৰ নিচাতে এই মৰা-মৰি লাগিল।  কিন্তু যিয়েই নহওক, এনে ঘটনাৰ মূল কাৰণেই হৈছে জুৱা খেল।”

এতিয়া আইচিইউত চিকিৎসাধীন আহত পিংকু

গাঁওখনৰ নিৱাসী দিপালী নাথে কয়, “এক পক্ষৰ দোষ বুলি কেনেকৈ ক’ম? আমাৰ মানুহখিনিয়ে অন্ততঃ সিঁহতৰ ঘৰটো ভাঙি পেলাব নালাগিছিল। ইমান ঠাণ্ডা বাহিৰত। বুঢ়া-বুঢ়ীহাল ক’ত থাকিব, কি কৰিব সেইখিনি কথা অন্ততঃ মানৱীয়তাৰ খাতিৰত চিন্তা কৰিব লাগিছিল।  খঙতে কাৰোবাৰ ঘৰ এটা ভাঙি পেলোৱাটো সহজ, কিন্তু বনোৱা জনেহে জানে কিমান কষ্ট কৰিবলগীয়া হয়। আজিকালি মানুহবোৰ দিনক দিনে উদণ্ড হৈ গৈ আছে, কোনেও কাৰো কথা চিন্তা নকৰে।”

বিশ্বজিৎ নাথে কয়, “এনে ঘটনা আমাৰ এই গোটেই অঞ্চলটোতে এয়াই প্ৰথম। মদ খাই কেতিয়াবা কাজিয়া লাগিব পাৰে, কিন্তু হাতত অস্ত্ৰ লৈ এনেদৰে কাৰোবাক হত্যাৰ চেষ্টা কাহানিও এই অঞ্চলটোতে কোনেও কৰা নাছিল। কাৰোবাক মাৰি পেলাবলৈও ভয় নোখোৱা এনে এটা পৰিয়াল আমাৰ এই অঞ্চলত থকাই অনুচিত। মানৱীয়তাৰে বহু কথা চিন্তা কৰিব পাৰি, সিঁহতৰ পৰিস্থিতি দেখি আমাৰো দুখ লাগে। কিন্তু এনে এটা পৰিয়াল এইখন সমাজত থকা মানে আমাৰ সমাজখন ধ্বংস হোৱাটো নিশ্চিত। সেয়ে পৰিয়ালটোক খেদি ভাল কৰা হৈছে।”

উল্লেখ্য যে, দেওবাৰৰ নিশাৰ ঘটনাৰ পিছত সোমবাৰে পুৱা সুৰেন বৰ্মন আৰু পত্নীক গাঁৱৰ পৰা খেদি পঠিওৱাৰ সময়ত তেওঁলোকৰ হাতত এটা টকাও নাছিল। পিছত গাঁওখনেৰে কেইজনমান তথাকথিত নেতাই জোৰ কৰি মাত্ৰ এহাজাৰ টকাতে পৰিয়ালটোৰ দুখন বিছনা আৰু ঘৰত ব্যৱহৃত টিনপাত খিনি এজনক বিক্ৰী কৰিবলৈ বাধ্য কৰোৱায়। সুৰেন বৰ্মন আৰু পত্নীয়ে অনিচ্ছা সত্বেও মাত্ৰ এহাজাৰ টকাতে বস্তুখিনি বিক্ৰী কৰি অৱশেষত গৰেমাৰা গাঁও ত্যাগ কৰে।

উৰুকাৰ নিশাৰ ঘটনাক লৈ পিংকু কলিতাই ইতিমধ্যে নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও জানিব পৰা মতে, তেওঁৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ কাৰণ জনোৱা নাই।  চৰ্চা অনুসৰি, জুৱাৰ বাবে এই আক্ৰমণ সংঘটিত হোৱা বুলি ক’লেই নিজেই আৰক্ষীৰ ৰোষত পৰাৰ ভয়তে পিংকু কলিতাই প্ৰকৃত কাৰণ জনোৱাৰ পৰা বিৰত আছে। ইফালে জানিব পৰা মতে, দেওবাৰে নিশাই পিংকুক আক্ৰমণ কৰাৰ পিছতে নলবাৰী থানাত উপস্থিত হয় মিঠুন আৰু ৰণ্টু বৰ্মন। দুয়ো ভাতৃয়ে আৰক্ষীৰ আগত আক্ৰমণৰ কথা স্বীকাৰ কৰে যদিও আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে কোৱাৰ পিছতে দুয়োজনে থানাৰ পৰা পলায়ন কৰে। সোমবাৰে পুৱা আৰক্ষীৰ এটা দল গৰেমাৰালৈ আহি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ওচৰ চুবুৰীয়াৰ পৰা তথ্য সংগ্ৰহ কৰে।

সুৰেন বৰ্মনৰ পত্নীৰ সৈতে বিগত সময়ছোৱাত ভাল সম্পৰ্ক গঢ়ি উঠিছিল ওচৰ পাজৰৰ মহিলাখিনিৰ। সুৰেন বৰ্মনৰ ঘৰখন গঢ়ি তোলাৰ বাবে ওচৰৰ মহিলাখিনিয়ে দুই- এপদ বস্তু দি সহায় কৰিছিল। তেনে এগৰাকী চুবুৰীয়া মহিলা শ্ৰীমতি নাথে পৰিয়ালটোক গাঁওখনৰ পৰা খেদি পঠিওৱাত দুখ প্ৰকাশ কৰে। তেওঁ কয়, “পৰিয়ালটোক লৈ বহুতে বহু কথা কয়। কিন্তু মানুহজনী (সুৰেন বৰ্মনৰ পত্নী) আমাৰ মতে বহু ভাল মহিলাই আছিল। ভাষাটো কেৱল অলপ খাৰাংখাচ আছিল, সকলোকে “তই” বুলি সম্বোধন কৰিছিল। কিন্তু বাকী স্বভাৱ-চৰিত্ৰৰ ফালৰ পৰা আমি অলপো বেয়া বুলি ক’ব নোৱাৰো।”

‘জুৱাই এনে ঘটনা আকৌ ঘটাব!’

গৰেমাৰা গাঁৱৰ পাগলাদিয়াৰ পাৰৰ লুংলুঙীয়া বাটটোৰে গ’লে গোটেই বাটটোৰে বহু দূৰলৈ কাষে কাষে পুৰণি তাছপাত সিঁচৰিত হৈ পৰি থকা চকুত পৰে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, এই বাটটোৰ কাষতে দৈনিক জুৱা খেলৰ আড্ডা বহে।  এই জুৱাত দৰ উঠে হাজাৰ হাজাৰ টকাৰ, বাইক আৰু অন্যান্য সামগ্ৰীৰো। বিগত দীৰ্ঘ সময়ৰ পৰা পাগলাদিয়াৰ পাৰত নিতৌ বহা জুৱাৰ আড্ডাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উৰুকাৰ নিশা সংঘটিত ঘটনাটোৰ মূল কাৰণ জুৱাই বুলি সকলোৱে দাবী কৰিছে। এই জুৱা খেলৰ ধনৰ বাবেই ৰণ্টু বৰ্মন আৰু পিংকু কলিতাৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত ঘটিছিল আৰু পিছত সেই কাজিয়াই ভয়ংকৰ ৰূপ লৈছিল।

স্থানীয় মহিলা কামিনী দাসে কয়, “নদীৰ পাৰৰ এই জুৱাৰ আড্ডাৰ বাবেই গাঁওখনৰ জীয়াৰী-বোৱাৰীসকল অতীষ্ঠ হৈ পৰিছে। নদীত গা-কাপোৰ ধুবলৈ যোৱাৰ পৰা গৰু- ছাগলী চৰোৱালৈকে প্ৰতিটো কামতে আমাৰ সমস্যা হৈ আহিছে। যুৱতী-মহিলা দেখিলে অশ্লীল আচৰণ কৰে, অবাইচ মাত মাতে সিঁহতে। তেনে নকৰিবলৈ ক’লে আমাকে কথা শুনাই ‘কাৰোবাৰ বাপেকৰ মাটিত খেলিছো নেকি’ বুলি কয়।”

বিজয় দাসে জনোৱা মতে, বহু দূৰ দূৰণিৰ পৰা গাঁওখনলৈ এনেদৰে জুৱা খেলিবলৈ আহে বহু লোক। গৰেমাৰা আৰু ওচৰৰ গাঁওৰ কেইজমান ডেকা ল’ৰাই এই জুৱাৰ নেতৃত্ব দিয়ে। জুৱাত নতুন বাইক পৰ্যন্ত বিক্ৰী হয়। জুৱাৰ সমান্তৰালভাৱে চলে মদ আৰু ভাঙৰো আড্ডা। পুৱাৰ পৰা ৰাতিলৈকে মুকলিকৈয়ে এই আড্ডা চলি থাকে গৰেমাৰা গাঁৱৰ পাগলিয়াৰ পাৰৰ এই লুংলুঙীয়া বাটটোৰ দুয়োকাষে।

স্থানীয় যুৱক বিজু নাথে কয়, “উৰুকাৰ নিশা যি ঘটিল, জুৱাই এনে ঘটনা আকৌ ঘটাব। আমাৰ গাঁওৰে নহয়, ওচৰৰ গাঁও আৰু দূৰৰ অঞ্চলৰ মানুহেও জুৱা খেলিবলৈ ইয়ালৈ আহে। গাঁওখনৰ পৰিৱেশ একেবাৰে বিনষ্ট কৰি পেলাইছে সিঁহতে। সৰু-সৰু ল’ৰাবোৰক ধ্বংস কৰি পেলাইছে। কিন্তু আমি একো ক’ব নোৱাৰো, কাৰণ কিবা ক’লেই ওলোটাই আমাৰ ওপৰত গৰজি উঠে। তাৰ পিছতো বেছিকৈ ক’লে কি ঠিক- ৰাতি আমাকো কাটিবলৈ বুলি পৰ দি থাকিব পাৰে।”

অঞ্চলটোত নৈৰ পাৰত এনেদৰেই চলে মদ-জুৱাৰ আড্ডা

ৰঞ্জিত কলিতাইও জুৱাৰ এই আড্ডাৰ বিৰোধিতা কৰি আহিছে। তেওঁ কয়, “আমাৰ সমাজখন ধ্বংস হোৱাৰ মূল কাৰণ হ’ল এই জুৱা আৰু মদ-ভাঙৰ আড্ডা।  গাঁওখনৰ পৰিৱেশ ধ্বংস হৈছেই। সৰু সৰু ল’ৰাবোৰেই মদ-ভাং খাই মাতাল হৈ থাকে। পঢ়া বাদ দি এদিন কাম কৰিব আৰু এসপ্তাহ জুৱা খেলি সময় পাৰ কৰিব। জুৱাত পইছা ঘটি আগদিনা বাইক কিনি লেভেল ফালিব আৰু পিছদিনাখন জুৱাত হাৰি সেই বাইকেই বিক্ৰী কৰি দেউলিয়া হ’ব। এইবোৰ বন্ধ নহ’লে সমাজখন সঠিক বাটেৰে কেতিয়াও আগবাঢ়িব নোৱাৰে।”

গাঁওখনত সংঘটিত শেহতীয়া ঘটনাৰ তদন্তৰ বাবে অহা আৰক্ষী দলটোক চলি থকা জুৱা খেলৰ আড্ডা বন্ধ কৰাৰ বাবে আহ্বান জনাইছে গৰেমাৰাৰ কেইজমান সচেতন যুৱকে। আৰক্ষীয়ে শীঘ্ৰে এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছে। কিন্তু জুৱা খেলৰ প্ৰতি আসক্ত গাঁওখনৰ কিছু সংখ্যকে ‘চাওচোন আৰক্ষীয়ে কেনেকৈ জুৱা বন্ধ কৰে’ বুলি আৰক্ষীকে প্ৰত্যাহ্বান জনোৱা বুলিও এজন সচেতন যুৱকে মন্তব্য কৰিছে।