ন্যায় যাত্ৰাৰ সময়ত অসমত বাৰে বাৰে বিজুতি খাইছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। অসমত ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা। কিন্তু আৰম্ভণিৰ দিনটোৰ পৰাই আৰক্ষী-প্ৰশাসনৰ বাধাৰ সন্মুখীন হৈ বাৰে বাৰে সলনি কৰিবলগীয়া হৈছে যাত্ৰাৰ পথ। সমান্তৰালভাৱে সংঘটিত হৈছে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ, নিশাৰ ভাগত দুষ্কৃতিকাৰীয়ে ফালি পেলাইছে যাত্ৰাৰ বেনাৰ-পোষ্টাৰ আৰু ক্ষতিসাধন কৰা হৈছে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বাহনৰ। আনকি যাত্ৰাৰ মাজতে প্ৰৱেশ কৰা বিজেপি বিধায়কৰ সমৰ্থকৰ আক্ৰমণত আহতও হ’বলগীয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও।

এই সকলোবোৰৰ মাজতে আকৌ এবাৰ ৰাহুল গান্ধীৰ যাত্ৰাত হেঙাৰ হৈ থিয় দিলে অসম চৰকাৰ আৰু অসম আৰক্ষী। সোমবাৰে ঐতিহাসিক বৰদোৱা থানত ৰাহুল গান্ধীক প্ৰৱেশত বাধা প্ৰদান কৰিছিল আৰক্ষী-প্ৰশাসনে। ইয়াৰ পিছতে মঙলবাৰে আকস্মিকভাৱে বাতিল কৰা হ’ল ৰাহুল গান্ধীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠান। যাত্ৰাৰ পথত বেৰিকেড লগাই গুৱাহাটীত আৰক্ষীয়ে ৰাহুল গান্ধীক বাধা প্ৰদান কৰাৰ পিছতে সৃষ্টি হয় আৰক্ষী আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘাতপূৰ্ণ পৰিস্থিতিৰ। ইয়াতেই আকৌ এবাৰ কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

যাত্ৰাত হেঙাৰ হৈ থিয় দিছে মুখ্যমন্ত্ৰী!

১৪ জানুৱাৰীত হিংসাজৰ্জৰ মণিপুৰৰ পৰা আৰম্ভ হৈছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। ন্যায়ৰ হকে শান্তিৰ বাৰ্তা বিলাই আৰম্ভ হোৱা এই যাত্ৰাই মণিপুৰৰ পৰা নাগালেণ্ডৰ মাজেৰে ১৮ জানুৱাৰীত প্ৰৱেশ কৰিছিল অসমত। অসমত ২৫ জানুৱাৰীলৈ এই যাত্ৰা চলাই পৰ্যায়ক্ৰমে পশ্চিমবংগ হৈ প্ৰায় ৬ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুম্বাইত অন্ত পৰিব যাত্ৰাৰ। এই সমগ্ৰ যাত্ৰাৰ সময়ছোৱাত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ সাধাৰণ নাগৰিক আৰু শিক্ষাৰ্থীৰ সৈতে মত বিনিময়ত ভাগ লৈছে ৰাহুল গান্ধীয়ে।

কিন্তু যাত্ৰাই নাগালেণ্ড এৰি অসমত প্ৰৱেশ কৰাৰ পিছতেই যেন কেৰোণ আৰম্ভ হয়। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ আস্থাভাজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পন্থা অৱলম্বন কৰি যাত্ৰা প্ৰতিহত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ তোলে কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে। ঘনাই যাত্ৰাৰ পথ সলনি কৰিবলৈ বাধ্য কৰোৱাৰ লগতে যিটো অঞ্চলত ৰাহুল গান্ধীয়ে যাত্ৰা চলায়, তাতেই মুখ্যমন্ত্ৰীয়ে চৰকাৰী কাৰ্য্যসূচী অনুষ্ঠিত কৰি ন্যায় যাত্ৰাৰ উপস্থিতি হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ তোলে কংগ্ৰেছ নেতৃত্বই। 

দৰাচলতে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তে অসম চৰকাৰে অনুষ্ঠিত কৰিছে ‘লাখপতি বাইদেউ’ শীৰ্ষক আঁচনিৰ অধীনত আত্ম সহায়ক গোট সমূহৰ মাজত প্ৰ-পত্ৰ প্ৰদানৰ কাৰ্যসূচী। এনে কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলক ব্যস্ত কৰি ৰাখি যাত্ৰা বিফল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰয়াস কৰাৰ অভিযোগ কৰে কংগ্ৰেছ নেতৃত্বই। 

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাহুল গান্ধীৰ মতে এতিয়া ময়েই যাত্ৰাৰ বাবে মানুহ গোটাই দিব লাগে। জয়ৰাম ৰমেশে সিদিনা কান্দি আছে। মই চৰকাৰী কাৰ্য্যসূচী অনুষ্ঠিত কৰিবই লাগিব। ৰাহুল গান্ধী কি নো হয়, তেওঁতো ভূটানৰ ৰজা নহয় যে ষ্টেট ভিজিটত আহিছে আৰু মই চৰকাৰী কাৰ্য্যসূচী বন্ধ কৰিম। ৰাহুল গান্ধীয়ে ভাৰত চৰকাৰৰ পৰা এখন পত্ৰ লিখি আনক যে যিদিনা যিদিনা ৰাহুল গান্ধী যি অঞ্চলৰ মাজেৰে যাব তাত সেইদিনা চৰকাৰী কাম-কাজ বন্ধ ৰাখিব লাগিব। তেতিয়া ময়ো সেয়া মানি চলিম।”

ইফালে যোৰহাটত ৰাহুল গান্ধীয়ে এক জন সমাবেশত ভাষণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছিল। মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ গোটেই পৰিয়ালটোও দুৰ্নীতিত লিপ্ত থকা বুলি দাবী কৰিছিল ৰাহুল গান্ধীয়ে। সংবাদমেলতো কংগ্ৰেছৰ প্ৰদেশ প্ৰভাৰী জীতেন্দ্ৰ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা-সৰকা কৰে। হিমন্ত বিশ্ব শৰ্মাই পিছ দুৱাৰেৰে মুখ্যমন্ত্ৰী হোৱা বুলি বিস্ফোৰক অভিযোগ তুলি ভূপেন বৰাই সংবাদ মেলত দাবী কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সদস্য জে’ললৈ যোৱাৰ ভয়তহে যোগদান কৰিছিল বিজেপিত। বিজেপিত যোগদানৰ ঠিক পূৰ্বে দিল্লীত তেওঁক সাক্ষাৎ কৰা বুলিও বিস্ফোৰণ ঘটায় ভূপেন বৰাই।

ৰাহুল গান্ধীৰ ভাষণ আৰু কংগ্ৰেছৰ সংবাদ মেলৰ পিছতে চৰ্চা চলে যে এইবাৰ গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পায়। ইফালে ৰাহুল গান্ধীৰ এই আক্ৰমণাত্মক ৰূপৰ পিছতে যাত্ৰা প্ৰতিহত কৰিবলৈ উঠিপৰি লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। যোৰহাটত আইন উলংঘা কৰাৰ অভিযোগত ন্যায় যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰা কংগ্ৰেছ নেতাৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰো ৰুজু কৰে আৰক্ষীয়ে।  

মুখ্যমন্ত্ৰীৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি কংগ্ৰেছ নেতা!

ন্যায় যাত্ৰাই যোৰহাট হৈ লখিমপুৰত প্ৰৱেশ কৰাৰ পিছতে যাত্ৰাৰ তৃতীয় দিনা অৰ্থাৎ ২০ জানুৱাৰীত লখিমপুৰত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। একাংশ দুষ্কৃতিকাৰীয়ে নিশা যাত্ৰাৰ বাবে আঁৰি থোৱা বেনাৰ-পোষ্টাৰ ফালি পেলোৱাৰ লগতে যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰখাই থোৱা বাহনত আক্ৰমণ কৰি ক্ষতিসাধন কৰে। অন্যহাতে নিশা বেনাৰ আঁৰিবলৈ যোৱা কংগ্ৰেছ সমৰ্থকক বিজেপি বিধায়কৰ সমৰ্থকে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হয়। পিছত কংগ্ৰেছ নেতৃত্বই ঘটনাৰ ভিডিঅ’ ৰাজহুৱা কৰি অভিযোগ কৰে যে এই সমগ্ৰ কাণ্ড মুখ্যমন্ত্ৰীয়ে গুণ্ডাবাহিনীৰ দ্বাৰা সংঘটিত কৰিছে। কংগ্ৰেছে ঘটনা সন্দৰ্ভত লখিমপুৰত এজাহাৰো দাখিল কৰে যদিও আৰক্ষীয়ে এই অভিযোগক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কংগ্ৰেছ নেতৃত্বই সংবাদমেল আৰু সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে এক্সত এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে। ইফালে যাত্ৰাৰ বাবে অসমত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰতি অধিক আনুগত্য প্ৰদৰ্শন কৰিবলৈকে এনে ঘটনা সংঘটিত কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে। 

কিন্তু মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাক পাতলাবলৈ চেষ্টা কৰি কয়, “কাৰোবাৰ ঘৰৰ সন্মুখত অনুমতি নোলোৱাকৈ বেনাৰ-পোষ্টাৰ লগালে ঘৰৰ মালিকে ফালিবই। ইয়াৰ সৈতে বিজেপি বা চৰকাৰ জড়িত নাই। মানুহে নিজৰ ঘৰৰ সন্মুখত ৰাহুল গান্ধীৰ পোষ্টাৰ কিয় লগাবলৈ দিব? ৰাহুল গান্ধীৰ ফটো লগালে বিয়া কৰাবলৈকো কোনো নাহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঠাইত ৰাহুল গান্ধীৰ পোষ্টাৰ লগালে মানুহে বেয়া পাবই।” 

কিন্তু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত এয়াই একমাত্ৰ আক্ৰমণৰ ঘটনা নাছিল। ইয়াৰ পিছতে শোণিতপুৰত ২১ জানুৱাৰীত সংঘটিত হয় আন এক অপ্ৰীতিকৰ ঘটনা। ন্যায় যাত্ৰাই বিশ্বনাথ জিলাৰ পৰা শোণিতপুৰ হৈ নগাঁৱলৈ আগবঢ়াৰ সময়তে শোণিতপুৰৰ জামুগুৰিহাটত একাংশ বিজেপি সমৰ্থকে আক্ৰমণ চলায় যাত্ৰাৰ ওপৰত। এই আক্ৰমণত কংগ্ৰেছৰ মিডিয়া চেলৰ দুগৰাকী মহিলাসহ কেইবাজনো লোক আহত হোৱা বুলি অভিযোগ কৰে কংগ্ৰেছে। ইফালে বিজেপিৰ সমৰ্থকৰ দলটোৱে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ বাহনৰ ওপৰতো আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়। ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শোণিতপুৰত এজাহাৰো দাখিল কৰে কংগ্ৰেছে।

কংগ্ৰেছৰ জনসংযোগ সমন্বয়ক মহিমা সিঙে কয়, “অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈয়ে নহওক যাত্ৰা প্ৰতিৰোধ কৰিব বিচাৰিছে। জামুগুৰিহাটত একাংশ বিজেপি সমৰ্থকে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ গাড়ীৰ যাত্ৰাৰ ষ্টিকাৰ ফালি পেলায় আৰু গাড়ীত বিজেপিৰ পতাকা লগাবলৈ চেষ্টা কৰি পিছফালৰ গ্লাছ প্ৰায় ভাঙি পেলায়। যাত্ৰাৰ সময়ত ভিডিঅ’ ৰেকৰ্ড কৰি অহা এজন ভ্লগাৰৰ কেমেৰা আৰু অন্য সঁজুলিও কাঢ়ি লৈ যায়। এয়া অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনকো। যাত্ৰা প্ৰতিহত কৰিবলৈ অসমৰ বিজেপি চৰকাৰ ইমান তললৈ নামিব পাৰে বুলি কল্পনা কৰাও কঠিন।”

ইফালে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক। কিন্তু তদন্তত কিমান গুৰুত্ব দিয়া হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এনে ঘটনা সংঘটিত কৰা কোনো এজনকে এতিয়ালৈকে আটক কৰাও হোৱা নাই বুলি জনাইছে কংগ্ৰেছ নেতৃত্বই।

একেদিনাই বিজেপি বিধায়কৰ ঘনিষ্ঠৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। নগাঁৱত ন্যায় যাত্ৰাৰ সময়তে একাংশ লোকে সংঘটিত কৰা আক্ৰমণত আহত হয় ভূপেন বৰা। পিছত বৰাৰ নাকেৰে তেজ ওলাই থকা এখন ফটো পোষ্ট কৰি কংগ্ৰেছে সামাজিক মাধ্যমত এয়া মুখ্যমন্ত্ৰীৰ ভেৰোণীয়া গুণ্ডাৰ দ্বাৰা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে।  অসম কংগ্ৰেছে এক্সত লিখে, “হিমন্ত বিশ্ব শৰ্মাই এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাক তেওঁৰ ভেৰোণীয়া গুণ্ডাৰে কৰা আসুৰিক আক্ৰমণ অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ভয়াৱহ ঘটনা। এই আক্ৰমণ মুখ্যমন্ত্ৰীৰ ভীতিগ্ৰস্ততাৰ স্পষ্ট প্ৰমাণ।”
পিছত কলিয়াবৰত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূপেন বৰাই হাতত তেজ লগা ৰুমালখন লৈ কয়, “আজি মোৰ তেজ উলিয়াই দিলে, তেজৰ দাগ লগা কাপোৰখিনি মই ৰাখিম, ইয়ে মোক এই অপমানৰ কথা সোঁৱৰাই দিব।”

কলিয়াবৰত এক সমাৱেশত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, “আমাৰ বাছৰ সন্মুখত লাঠি লৈ ২০-২৫ জন বিজেপি কৰ্মী আহিছিল। মই বাছৰ পৰা ওলাই আহোঁতে পলায়ন কৰিলে। তেওঁলোকে ভাৱে যে কংগ্ৰেছে বিজেপি আৰু আৰএছএছক ভয় কৰে। কিন্তু তেওঁলোকে যিমান বিচাৰে সিমান পোষ্টাৰ আৰু প্লেকাৰ্ড ফালিব পাৰে, আমি একো গুৰুত্ব নিদিওঁ৷ আমি কাকো ভয় কৰা নাই, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা অসমৰ মুখ্যমন্ত্ৰীক ভয় কৰা নাই। যিমান পাৰে পোষ্টাৰ ফালি পেলাওক, আমি আমাৰ মতাদৰ্শগত যুঁজ বন্ধ নকৰো।”

বৰদোৱাত বাধা, হঠাৎ বাতিল বিশ্ববিদ্যালয়ৰ অনুষ্ঠান

২২ জানুৱাৰীৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবেই এটা বিশেষ দিন বুলি দাবী কৰে বিজেপিয়ে। কিয়নো এই দিনটোতে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ। শতিকা পুৰণি এক বিতৰ্কৰ অৱসান ঘটাই অৱশেষত প্ৰাণ প্ৰতিষ্ঠা হোৱা ৰাম মন্দিৰৰ এই অনুষ্ঠানক আৱতৰীয়া দিপাৱলীৰ দৰেই পালন কৰিলে দেশৰ অধিকাংশ লোকে। এই দিনটোত ন্যায় যাত্ৰাৰ সৈতে অসমত উপস্থিত আছিল ৰাহুল গান্ধী।

দিনটোৰ কাৰ্যক্ৰম অনুসৰি পুৱা ৮ বজাত ৰাহুল গান্ধীয়ে বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা লোৱাৰ কথা আছিল। কিন্তু আইন-শৃংখলা পৰিস্থিতিৰ দোহাই দি আৰক্ষীয়ে ৰাহুল গান্ধীক থানত প্ৰৱেশত বাধা দিয়ে। ইয়াৰ পিছতে প্ৰায় দুঘণ্টা সময় ধৰি বেৰিকেডৰ ইটো পাৰে পথৰ ওপৰতে বহি ৰয় ৰাহুল গান্ধী। ইফালে বহু বাক-বিবাদৰ অন্তত অৱশেষত ৰাহুল গান্ধীৰ হৈ বটদ্ৰৱাত প্ৰৱেশত অনুমতি লাভ কৰে কলিয়াবৰৰ বিধায়ক গৌৰৱ গগৈ আৰু স্থানীয় বিধায়িকা শিৱামণি বৰাই।  পিছত সংবাদ মেলত গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী মোদীক ‘অহংকাৰাচাৰ্য’ বুলি অভিহিত কৰি কয়, “অহংকাৰাচাৰ্যই ৰাম মন্দিৰৰ অভিষেকৰ দিনটোত টিভিত নিজৰ বাহিৰে আন কাকো চাব নিবিচাৰে। কিন্তু ৰাহুল গান্ধী বৰদোৱালৈ গ’লে টিভিত তেওঁকো দেখুওৱা হ’ব। সেইবাবেই গৃহমন্ত্ৰীৰ নিৰ্দেশত তেওঁক থানত প্ৰৱেশত বাধা দিয়া হ’ল।”

উল্লেখ্য যে, ৰাহুল গান্ধীৰ বটদ্ৰৱা থান দৰ্শনক লৈ পূৰ্বেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক সংবাদমেলত তেওঁ কৈছিল, “ৰাহুল গান্ধীয়ে এই দিনটোত (২২ জানুৱাৰী) বটদ্ৰৱালৈ যোৱাটো উচিত নহয়। সেইদিনা সমগ্ৰ ভাৰতৰ বাবে এটা বিশেষ দিন। ময়েই সেই দিনটোৰ বাবে মোৰ সকলো কাৰ্যসূচী বাতিল কৰিছো। ৰাহুল গান্ধীয়েও এটা দিন জিৰণি ল’ব পাৰে। টিভিত এটা ফালে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান দেখুৱাই থাকিব আৰু আনটো ফালে ৰাহুল গান্ধীৰ বৰদোৱা ভ্ৰমণ দেখুৱাই থাকিলে কেনে লাগিব। মই কাকো মন্দিৰ, থান দৰ্শনৰ বাবে বাধা দিব নোৱাৰো। কিন্তু এই দিনটোত নাযাবলৈ আহ্বান জনাব পাৰো।"

সোমবাৰে ৰাহুল গান্ধীক বটদ্ৰৱা থানত প্ৰৱেশত বাধা প্ৰদানৰ পিছতে ন্যায় যাত্ৰা কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে। পিছত দুপৰীয়া ২ বজাৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰি মেঘালয়লৈ যায় ৰাহুল গান্ধী। মেঘালয় ভ্ৰমণৰ পৰা পুনৰ অসমত প্ৰৱেশৰ পূৰ্বে মঙলবাৰে পুৱা পূৰ্ব নিৰ্ধাৰিত কাৰ্যক্ৰম অনুসৰি ৰাহুল গান্ধীয়ে অসম-মেঘালয় সীমান্তৰ ইউনিভাৰ্চিটী অৱ চায়েন্স এণ্ড টেকনল’জি, মেঘালয় (ইছএছটিএম)ত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰাৰ কথা আছিল। সোমবাৰে জয়ৰাম ৰমেশে সংবাদ মাধ্যমক জনোৱা মতে, এই অনুষ্ঠানত ৰাহুল গান্ধীয়ে প্ৰায় ৩ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ লৈ শিক্ষা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ কথা আছিল। ইউএছটিএমৰ নিমন্ত্ৰণ সাপেক্ষে নিৰ্ধাৰণ কৰা হৈছিল এই অনুষ্ঠানৰ।

কিন্তু মঙলবাৰে হঠাৎ ৰাহুল গান্ধীৰ এই আমন্ত্ৰণ বাতিল কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ এক পত্ৰ প্ৰেৰণ কৰি এই কাৰ্যসূচী বাতিল কৰাৰ বিষয়ে অৱগত কৰে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই। অৱশ্যে আগন্তুক যুৱ মহোৎসৱত ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰিবলৈ ৰাহুল গান্ধীক আমন্ত্ৰণ জনাইছে ইউএছটিএমে।

অন্যহাতে এই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাতিলৰ পিছতে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপত তেওঁৰ নিমন্ত্ৰণ বাতিল কৰা হোৱা বুলি অভিযোগ তোলে। পৰৱৰ্তী সময়ত গান্ধীয়ে বিশ্ববিদ্যালয়ৰ সমীপৰ এখন হোটেলত শতাধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বতঃস্ফূৰ্তভাৱে মত বিনিময় কৰে, য’ত ৰাহুল গান্ধীয়ে বৰ্তমান চৰকাৰৰ কণ্ঠ দমন আৰু ব্যক্তিগত স্বাধীনতাকে ধৰি একাধিক বিষয়ৰ ওপৰত আলোচনা কৰে। এই মত বিনিময় অনুষ্ঠানৰ পিছত গান্ধীৰ ন্যায় যাত্ৰাৰ বাছখন লক্ষ্যাভিমুখে আগবঢ়াৰ সময়তে ইউ এছ টি এমৰ চৌহদৰ বাহিৰত ৰাহুল গান্ধীৰ বাবে অপেক্ষা কৰি থকা কেইবা অসংখ্যা ছাত্ৰ-ছাত্ৰীক বাছৰ ওপৰৰ পৰাই আকস্মিকভাৱে সম্বোধন কৰে ৰাহুল গান্ধীয়ে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয়, "মই আপোনালোকৰ বিশ্ববিদ্যালয়লৈ আহি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছিলো, আপোনালোক কি কি সমস্যাৰ সন্মুখীন হৈছে সেয়া বুজিব বিচাৰিছিলো আৰু নিজৰ ধৰণেৰে চাবলৈ চেষ্টা কৰিছিলো যে মই আপোনালোক সহায় কৰিব পাৰিম নেকি। কিন্তু মুখ্যমন্ত্ৰীৰ অফিচে আপোনালোকৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বক ফোন কৰি ক'লে যে ৰাহুল গান্ধীক এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিবলৈ দিয়া উচিত নহয়। ৰাহুল গান্ধী গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনালোকে যাৰ কথা শুনিব বিচাৰে তেওঁৰ কথা শুনিবলৈ দিয়া হৈছে নে নাই সেয়া। কেৱল অসমতে নহয় ভাৰতৰ প্ৰতিখন বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা বিদ্যালয়ত এই ঘটনা ঘটি আছে।"

ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু!

মঙলবাৰে ন্যায় যাত্ৰাৰ দশম দিনটোত মেঘালয়ৰ পৰা পুনৰ অসমত উপস্থিত হয় ৰাহুল গান্ধী৷ ন্যায় যাত্ৰা গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই গুৱাহাটী আৰক্ষী আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত দেখা যায় যুযুধান ৰূপ৷ ৰাহুল গান্ধী মেঘালয়ৰ পৰা গুৱাহাটী উপস্থিত হোৱাৰ পূৰ্বেই অসম আৰক্ষীয়ে খানাপাৰাৰ সকলো প্ৰৱেশ পথত বেৰিকেড লগাই বন্ধ কৰি দিছিল৷ বেৰিকেডৰ সন্মুখত আৰক্ষী থিয় হৈ কংগ্ৰেছ নেতা-কৰ্মীক পথৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিছিল৷ 

সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উগ্ৰ ৰূপত দেখা যায়৷ পথৰ দাঁতিত থিয় হৈ থকা কংগ্ৰেছৰ সমৰ্থকক উৎসাহ দিবলৈ বাৰে বাৰে পথৰ মাজেৰে আহ-যাহ কৰে ভূপেন বৰাই৷ ‘আপোনালোকৰ একো হ’বলৈ নিদিও৷ সকলোতকৈ আগত মই থাকিম৷ আপোনালোকৰ একো হ’বলৈ নিদিও’ বুলি দলৰ সমৰ্থকসকলক উত্সাহ বৃদ্ধি কৰে ভূপেন বৰাই৷ ৰাহুল গান্ধীৰ যাত্ৰাৰ বাছ খানাপাৰা পোৱাৰ পাছতে আৰক্ষীয়ে ভূপেন বৰাক বাধা দিয়ে৷ আৰক্ষীয়ে ভূপেন বৰাক টাৰ্গেট কৰি আৱদ্ধ কৰাৰ প্ৰয়াস কৰে৷ ভূপেন বৰাক দলীয় নেতা-কৰ্মীয়ে সুৰক্ষা দিয়াৰ প্ৰয়াস কৰে যদিও হঠাতে ৰাজপথত গতিয়াই দিয়াত ভূপেন বৰা বাগৰি পৰে৷ 

এটা সময়ত আৰক্ষীয়ে ভূপেন বৰাৰ ডিঙিত চেপা মাৰি ধৰাৰ লগতে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ ভূপেন বৰাক লাঠি চালনা কৰাৰ লগতে টনা-আজোৰা কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এপিচিচিৰ সভাপতিগৰাকী৷ তেওঁ পিন্ধি থকা কাপোৰ পৰ্যন্ত ফালি পেলায় আৰক্ষীয়ে৷ ঘামেৰে লুতুৰি-পুতুৰি হৈ পৰা ভূপেন বৰাই পাছত বেৰিকেড ভাঙি দিবলৈ সমৰ্থকক আহ্বান জনায়৷ ভূপেন বৰা আৰু সমৰ্থকক ৰখাবলৈ সকলো প্ৰকাৰে প্ৰয়াস কৰে গুৱাহাটী আৰক্ষীয়ে৷ তাৰ পাছতো পুনৰ লাঠি চালনা কৰাত ভূপেন বৰাৰ গাত পৰে কেইবাটাও লাঠিৰ কোব৷ ভূপেন বৰাক কোনো কাৰণত আগুৱাই গুৱাহাটী মহানগৰত প্ৰৱেশ কৰিব নিদিলে আৰক্ষীয়ে৷ আঘাতপ্ৰাপ্ত ভূপেন বৰাক দীৰ্ঘ সময়ৰ মূৰত আৰক্ষীয়ে আঁতৰাই নিবলৈ সক্ষম হয়৷

ইফালে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৰাহুল গান্ধীকো। খানাপাৰত কেইবাশ আৰক্ষীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাছখনক ভেটা দিয়া পৰিলক্ষিত হয়৷ মুখ্যপথত আৰক্ষীয়ে বেৰিকেড বহুৱাই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থকক বাধা প্ৰদান কৰে৷ ফলত দীৰ্ঘ সময় খানাপাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কেইবা ঠাইত যান-জঁট লগাও দেখা যায়৷ তাৰ পাছতে তৎপৰ হয় মুখ্যমন্ত্ৰী৷ পূৰ্বৰ পৰা গুৱাহাটীত ৰাহুল গান্ধীক প্ৰৱেশ কৰিব দিয়া নহ’ব বুলি কৈ আহিছিল হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীত সোমালে গোচৰ ৰুজু কৰি নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব বুলিও উল্লেখ কৰিছিল৷ 

অৱশেষত আজি মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি তেনে কাৰ্য কৰি দেখুৱালে৷ মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ পৰা ৰাহুল গান্ধীক মহানগৰত প্ৰৱেশ কৰিব নিদিয়াৰ লগতে গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক৷ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে মুখ্যমন্ত্ৰীৰ টুইটত প্ৰতিক্ৰিয়া দি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীক৷ 

ৰাহুল গান্ধীক সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা ভিডিঅ’ পোষ্ট কৰি কয়, “এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। আমি এখন শান্তিপূৰ্ণ ৰাজ্য। এনেধৰণৰ ‘নক্সালবাদী কৌশল’ আমাৰ সংস্কৃতিৰ বাবে সম্পূৰ্ণৰূপে বিপৰীত। মই ডিজিপি জি পি সিঙক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো৷ জনতাক উত্তেজিত কৰাৰ বাবে আৰু আপুনি পোষ্ট কৰা ফুটেজ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিবলৈ কৈছে। আপোনাৰ উচ্ছৃংখল আচৰণ আৰু সন্মত নিৰ্দেশনা উলংঘনৰ ফলত এতিয়া গুৱাহাটীত বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে।”

পৰৱৰ্তী সময়ত দীৰ্ঘ সময়ৰ অন্তত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা খানাপাৰা-জালুকবাৰী ঘাইপথেৰে নামনি কামৰূপ গ্ৰাম্য জিলাত প্ৰৱেশ কৰে৷ গান্ধীয়ে ঘটনাৰ পাছতে দুপৰীয়া ১:২০ বজাত কামৰূপৰ হাজোত এখন সংবাদমেল অনুষ্ঠিত কৰে। উত্তৰ-পূবৰ মাজেৰে আগবঢ়া ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপি শাসিত অসমত কেইবাটাও বাধাৰ সন্মুখীন হোৱা বুলি কৈ আক্ষেপ প্ৰকাশ কৰে গান্ধীয়ে৷

উল্লেখ্য যে দিনিদিয়েক পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা গুৱাহাটীৰ মাজেৰে ৰেলী কৰিছিল। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণৰ দিনটোতো গুৱাহাটী মহানগৰীৰ কেবাটাও পথেৰে কিছুসময়ৰ বাবে সাধাৰণ নাগৰিকৰ আহ-যাহক লৈ নীতি-নিৰ্দেশনা বান্ধি দিছিল আৰক্ষীয়ে। সেয়ে কংগ্ৰেছে গুৱাহাটীৰ যিটো পথেৰে জেপি নাড্ডাই ৰেলী কৰিছিল সেই পথটোৰে ৰাহুল গান্ধীকো যাবলৈ অনুমতি দিব লাগে বুলি দাবী জনাই আহিছিল যদিও সেই দাবীৰ প্ৰতি কোণো কাণসাৰেই নিদিলে অসম চৰকাৰে। 

‘বিজেপি-অমিত শ্বাহে সহায় কৰিছে ন্যায় যাত্ৰাক’

দিনটোত আৰম্ভণিতে ইউএছটিএমৰ কাৰ্যসূচীৰ আকস্মিক বাতিল আৰু গুৱাহাটীত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছতে দুপৰীয়া কামৰূপৰ হাজোত এক সংবাদ মেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে বিজেপি, আৰএছএছ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে ন্যায় যাত্ৰাক সহায়হে কৰিছে। সংবাদমেলৰ আৰম্ভণিতে ন্যায় যাত্ৰাৰ উদ্দেশ্য প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰীয়ে যাত্ৰাৰ বিৰুদ্ধে যি কৰি আছে, ইয়াৰ দ্বাৰা প্ৰথমে যাত্ৰাৰ লাভ হৈছে। যি প্ৰচাৰ আমি হয়তো নাপালোহেঁতেন, সেয়া লাভত মুখ্যমন্ত্ৰী আৰু পিছৰ পৰা অমিত শ্বাহে সহায় কৰিছে। গতিকে যাত্ৰাৰ এতিয়া লাভেই লাভ। আজি অসমত মূল বিষয় হৈ পৰিছে এই ন্যায় যাত্ৰা।”

ৰাহুল গান্ধীয়ে লগতে কয়, “মন্দিৰ, বিশ্ববিদ্যালয়ত যাবলৈ বাধা বা পদযাত্ৰাত বাধা দিয়াটো বিজেপিৰ বৈশিষ্ট্য। কিন্তু আমি পিছুৱাই নাযাও। আমাৰ লাভেই হৈছে। কিয়নো এতিয়া এই যাত্ৰাৰ গাঁৱে গাঁৱে প্ৰসাৰ হৈছে। মানুহে সুধিবলৈ আৰম্ভ কৰিছে যে ৰাহুল গান্ধীক কিয় মন্দিৰলৈ যাবলৈ বাধা দিয়া হৈছে,  কিয় মন্দিৰলৈ যাবলৈ দিয়া হোৱা নাই। জে পি নাড্ডাৰ, বজৰংগ দলৰ পদযাত্ৰা যাবলৈ দিয়া হয়, কিন্তু ৰাহুল গান্ধীক কিয় যাবলৈ দিয়া নহয় সেই প্ৰশ্ন এতিয়া জনতাই সুধিবলৈ আৰম্ভ কৰিছে।”

সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নত ৰাহুল গান্ধীয়ে কয়, “মোৰ যাত্ৰাৰ সময়ত হাতত পতাকা লৈ বিজেপি সমৰ্থককো দেখিছো। মই তেওঁলোকক দেখি ফ্লায়িং কিছ দিছো, তেওঁলোকেও হাঁহিছে। তাত কোনো প্ৰতিবাদ হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ক’ত প্ৰতিবাদ দেখিলে মই নাজানো।” ৰাহুল গান্ধীয়ে কয় যে ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পৰাই বিজেপি ভীতিগ্ৰস্ত হৈ আছে। ভাৰত জোড়ো যাত্ৰাক প্ৰথমে বিজেপিয়ে গুৰুত্ব দিয়া নাছিল। কিন্তু লাহে লাহে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰাই জনতাৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। সেই যাত্ৰাৰ সফলতাৰ অভিজ্ঞতাৰ বাবেই এইবাৰ ন্যায় যাত্ৰা আৰম্ভণিতে বিফল কৰিবলৈ বিজেপিয়ে চেষ্টা কৰিছে।”

গান্ধীয়ে কয়, “মই বিচাৰো বিজেপিয়ে মোক বাধা দিয়ক। তেওঁলোকে মোক কলেজলৈ যোৱাত বাধা দিছিল, কিন্তু আপোনালোকে দেখিছে কেনেকৈ গোটেই কলেজৰ শিক্ষাৰ্থী বাহিৰলৈ ওলাই আহি মোৰ ভাষণ শুনিছে। যিমান বাধাৰ সৃষ্টি কৰে কৰক, আমাৰ ভালহে লাগিছে। কিয়নো আমাৰেই লাভ হৈছে।” ৰাম মন্দিৰক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উক্ত অনুষ্ঠানক বিজেপিৰ ৰাজনৈতিক পৰিকল্পনা বুলিও অভিহিত কৰে ৰাহুল গান্ধীয়ে।

মই মৰালৈ ভয় নকৰো!

হাজোত অনুষ্ঠিত সংবাদমেলত সাংবাদিকে এই ধৰণৰ বাধা তথা আক্ৰমণৰ ফলত তেওঁৰ প্ৰাণলৈ সংশয় নামি আহিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰো বিশেষভাৱে উত্তৰ দিয়ে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “মোক গালি দিলেও, মাৰিলেও, হাৰাশাস্তি কৰিলেও বা যি কৰিলেও মই ভীতিগ্ৰস্ত নহও। মই মোৰ লক্ষ্য দৃঢ়। মোৰ এক বিচাৰধাৰা আছে, তাৰ বাবে মই যুঁজো। মোক মাৰিলেও মই ভয় নকৰো, গোটেই পৃথিৱীয়ে মোৰ বিৰুদ্ধে থিয় দিলেও মই মোৰ সিদ্ধান্তত অটল হৈ থাকিম, তথাপিও মই মোৰ বিচাৰধাৰাৰ বাবে যুঁজিম। মোক কোনেও ভীতিগ্ৰস্ত কৰিব নোৱাৰে।” 

সংবাদ মেলত ৰাহুল গান্ধীয়ে কয় যে ৫টা ন্যায় সংকল্পৰে এই যাত্ৰা আৰম্ভ হৈছে। আগন্তুক এক-ডেৰ মাহৰ ভিতৰত প্ৰতিটো ন্যায় সংকল্পৰ উদ্দেশ্য জনতাৰ সন্মুখত দাঙি ধৰা হ’ব। সংবাদমেলত অবিচিৰ প্ৰসংগ উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে সকলোৰে মাজত ক্ষমতা সমানে ভাগ-বতৰা হোৱা উচিত।

ৰাহুল গান্ধীয়ে কয় যে এফালে যদি নৰেন্দ্ৰ মোদী আৰু আৰএছএছ আছে, তেন্তে আনটো ফালে আছে ইণ্ডিয়া মিত্ৰজোঁট। ইণ্ডিয়া মিত্ৰজোঁট এটা বিচাৰ ধাৰা। যাৰ ওচৰত বৰ্তমান প্ৰায় ৬০ শতাংশ ভোট থকা বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।  গান্ধীয়ে কয় যে টকা আৰু ক্ষমতাৰ বলেৰে সকলো ক্ৰয় কৰাৰ প্ৰয়াস কৰা হৈছে। অসমৰ পৰম্পৰা, অসমৰ সংস্কৃতিক নাগপুৰীয়া সংস্কৃতিয়ে বশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্য নচলায়, দিল্লীয়েহে ৰাজ্য চলায় বুলি মন্তব্য কৰি ৰাহুলে কয়, “যদি মুখ্যমন্ত্ৰীয়ে দিল্লীয়ে ভাল নোপোৱা কাম কৰে, তেন্তে পৰিণাম কি হ’ব সেয়া সকলোৱে জানে।” নাম নোলোৱাকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি গান্ধীয়ে কয় যে বিজেপিৰ কৰ্মকৰ্তায়েই আচলতে তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে। বৰং আন এগৰাকীকহে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল।

শূদ্ৰ বিৰোধী মুখ্যমন্ত্ৰী

কামৰূপ গ্ৰাম্য জিলাৰ মাজেৰে হাজো-নলবাৰী হৈ পিছত বৰেপটাত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ যাত্ৰা৷ বৰপেটা জিলাত প্ৰৱেশ কৰি হিমন্ত বিশ্ব শৰ্মাক শূদ্ৰ বিৰোধী আখ্যা দিয়ে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক শূদ্ৰ বিৰোধী আখ্যা দি পিছপৰা শ্ৰেণীৰ লোকসকলে কিয় মাত মতা দিয়া নাই বুলিও প্ৰশ্ন কৰে? পিছপৰা শ্ৰেণী আৰু দলিতসকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি দাবী কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মতে, পিছপৰা শ্ৰেণী আৰু দলিতসকল উচ্চ বৰ্ণৰলোকক সেৱা কৰিবলৈ জন্মগ্ৰহণ কৰিছে। 

কংগ্ৰেছ নেতাজনে অসমৰ জনসাধাৰণক, বিশেষকৈ অ'বিচি আৰু দলিতসকলক মুখ্যমন্ত্ৰীৰ বিভাজনমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিবলৈ আহ্বান জনায়। বৰপেটাত এক সমাৱেশক সম্বোধন কৰি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীয়ে গীতাৰ বাণী উধৃত কৰি দিয়া টুইটৰ কথা উল্লেখ কৰি কয় যে হিমন্তৰ মতে, দলিতৰ দৰে আন পিছপৰা শ্ৰেণীৰ লোক উচ্চবৰ্ণৰ বাবে কাম কৰিবলৈ জন্ম গ্ৰহণ কৰে। ৰাইজক নীৰৱতা ভংগ কৰিবলৈ আৰু মুখ্যমন্ত্ৰীৰ মুখামুখি হ'বলৈ আহ্বান জনাই ৰাহুলে কয় যে এনে বিভাজনমূলক ভাষ্যক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত সংখ্যালঘুসকলে পিছ পৰি থাকিব নালাগে। 

গান্ধীয়ে এখন বিশ্ববিদ্যালয়ত সভা অনুষ্ঠিত কৰিব নিদিয়াত আক্ষেপ প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ত সভা অনুষ্ঠিত কৰিব নিদিলে৷ কিন্তু মই যেতিয়া যাত্ৰা কৰি আহি আছিলো তেতিয়া শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহি কথোপকথনত মিলিত হয়। মুখ্যমন্ত্ৰী শৰ্মাৰ হস্তক্ষেপৰ বাবে বিশ্ববিদ্যালয়ৰ ভিতৰলৈ গৈ শিক্ষাৰ্থীসকলক ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ কৰিবলৈ অনুমতি দিয়া নহ’ল৷ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে অসমৰ যুৱক-যুৱতীসকলক ভাবুকি দিব নোৱাৰে। আগন্তুক নিৰ্বাচনত, কংগ্ৰেছ অসমত ক্ষমতালৈ আহিব আৰু তাৰ পাছত আমি চাম কোনে টুইটাৰত কি পোষ্ট কৰিছে আৰু কোনে কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। 

উল্লেখ্য যে, বিগত ২৬ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক আৰু টুইটাৰ যোগে বিশেষ বাণী প্ৰচাৰ কৰিছিল৷ বাণীৰ এটা অংশত কোৱা হৈছিল যে ‘ভগৱান শ্রীকৃষ্ণই নিজ মুখে কৈছে যে ব্ৰাক্ষ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ শুশ্রূষা কৰাটোৱে শূদ্ৰৰ স্বাভাৱিক কৰ্ম।’ ইয়াৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাই ব্ৰাক্ষণ্যবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ছ’চিয়েল মিডিয়াত ভিন্নজনে বিষয়টোক লৈ মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ  লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সেয়া চৰ্চা হোৱাত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈকো বাধ্য হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিৰোধী ঐক্য মঞ্চৰ ধিক্কাৰ 

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক গুৱাহাটী মহানগৰীত প্ৰৱেশত বাধ দিয়াক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা বিৰোধী দল৷ শোণিতপুৰৰ ঘটনাৰ পিছত গুৱাহাটীত পুনৰ আৰক্ষীৰ দ্বাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কেইবাটাও বিৰোধী দলৰ নেতা-কৰ্মী নিগ্ৰহৰ বলি হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ঐক্য মঞ্চ, অসমৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে। মঙলবাৰৰ খানাপাৰাৰ ঘটনাৰ পিছতে বিৰোধী ঐক্য মঞ্চৰ আটাইকেইটা দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ পদত্যাগো দাবী কৰে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চৰকাৰৰ এনে কাৰ্যক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আখ্যা দিয়ে৷ ঘটনাৰ তদন্ত দাবী কৰি এক বিবৃতিযোগে গগৈয়ে কয়, 'শান্তিৰে, গণতান্ত্ৰিকভাবে কৰা যাত্ৰাক হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে বাধা দিছে৷ নেতাক আক্ৰমণ কৰিছে৷ গুৱাহাটীত জে.পি নাড্ডাক ৰেলী কৰিব দিয়ে৷ বাইক ৰেলী উলিয়াব দিয়ে৷ কিন্তু ৰাহুল গান্ধীক গুৱাহাটীত সোমাব নিদিয়াটো দুৰ্ভাগ্যজনক আৰু গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তীব্ৰ ভাবুকি৷ বিজেপিয়ে মানুহৰ অধিকাৰ এটা এটাকৈ কাঢ়ি লৈছে৷ ৰামৰাজ্যত এয়া ৰাৱণবাদ, এয়া ফেচীবাদ৷’ 

গণতান্ত্রিক যাত্রাত অগণতান্ত্রিকভাৱে জনতাৰ ওপৰত আৰক্ষীয়ে কৰা অত্যাচাৰক আম আদমি পার্টীয়েও তীব্র ভাষাৰে গৰিহণা দিয়ে। বিবৃতিযোগে দলটোৰ ৰাজ্যিক সভাপতি ডা০ ভৱেন চৌধুৰীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ চৰকাৰৰ এয়া স্বৈৰাচাৰী, অগণতান্ত্রিক শাসন ব্যৱস্থা বুলি উল্লেখ কৰি নীৰিহ জনতাৰ ওপৰত লাঠি চলাই এই অমানুষিক অত্যাচাৰৰ বিৰুদ্ধে সমগ্র অসমবাসীক মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়। 

ইফালে, আজি পুৱাৰে পৰা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক বাধা দিবলৈ আৰক্ষী মোতায়েন কৰা কাৰ্যক স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক আখ্যা দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ৰিপুন বৰাই কয়, 'জে.পি নাড্ডাই যদি মহানগৰৰ মাজেৰে ৰেলী কৰিব পাৰে, ৰাহুল গান্ধীয়ে ন্যায়ৰ বাবে যাত্ৰা কিয় কৰিব নোৱাৰে? বিজেপিয়ে অসমত অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে৷ বিৰোধীৰ উত্থানত হিমন্ত বিশ্ব শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱাইছে৷ হিটলাৰী শাসন চলাইছে৷ ৰাজনৈতিক দলৰ ৰেলীক কেনেদৰে বিফল কৰিবলৈ উঠিৰপৰি লাগিছে, অসমৰ মানুহে সেয়া দেখিছে আৰু সময়ত অসমৰ মানুহে প্ৰত্যুত্তৰ দিব৷’

ৰিপুন বৰাই আৰু কয় ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কৰা আক্ৰমণক লৈ নীৰৱ মুখ্যমন্ত্ৰী৷ আজি পুনৰবাৰ ভূপেন বৰাক আক্ৰমণ কৰা হ’ল৷ এয়া নিন্দনীয়৷ সনাতন ধৰ্মৰ কথা কোৱা হিমন্তই অসমত আসুৰিক সন্ত্ৰাস চলাইছে আৰু নিৰীহৰ ওপৰত গুণ্ডাগিৰি কৰিছে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে হিমন্ত বিশ্ব শৰ্মাৰ পতন আৰম্ভ হৈছে৷ এয়া চূড়ান্ত অভদ্ৰামী আৰু জংঘলৰাজ৷’ 

অসমতো বাঢ়িছে গোদী মিডিয়া, ন্যায় যাত্ৰাৰ বাতৰিক উপেক্ষা

ৰাষ্ট্ৰীয় সংবাদসমূহে কেৱল শাসক পক্ষৰ বা-বাতৰি সম্প্ৰচাৰ কৰি গোদী মিডিয়া আখ্যা পোৱাৰ পিছত অসমতো ক্ৰমাৎ গোদী মিডিয়াৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই সেয়া স্পষ্ট কৰি তোলা বুলি অভিযোগ কৰিছে একাংশ সচেতন লোকে। অসমৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ ভূমিকাক লৈ কেবাজনো ব্যক্তিয়ে ছ’চিয়েল মিডিয়াযোগে ক্ষোভ ব্যক্ত কৰাও দেখা গৈছে।

বাওপন্থী নেতা সুপ্ৰকাশ তালুকদাৰে ৰাজ্যখনৰ এখন আগশাৰীৰ দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাৰ ফটো পোষ্ট কৰি লিখিছে, ''নিৰপেক্ষতাই বাতৰি কাকতবোৰৰ বৰ বৰকৈ ঘোষিত নীতি। কিন্তু এই কাকতখনলৈ চাৱকচোন। প্ৰথম পৃষ্ঠাত (৩) বাৰে বিংকৰি বাতৰি। "ৰাহুল গান্ধীৰ 'যাত্ৰা'ক 'মিঞা যাত্ৰা' আখ্যা মুখ্যমন্ত্ৰীৰ, কংগ্ৰেছ নেতা-কৰ্মীৰ অসহযোগত আমগুৰিত 'ফ্লপ' ন্যায় যাত্ৰা' আদি বাতৰিবোৰো আছে। কিন্তু বিৰোধী নেতা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আজিৰে পৰা অসমত আৰম্ভ হৈছে, সেই সম্পৰ্কে টু শব্দ এটাও পৃষ্ঠাটোত নাই। নিৰপেক্ষ সংবাদপত্ৰ এখনে এনে নৈতিকতা লৈ চলিব পাৰে নে? মালিকবোৰে সম্পাদকবোৰৰ এনে দুৰৱস্থা কৰিছে নেকি!’

একেদৰে ছেটেলাইট নিউজ চেনেলসমূহৰ ভূমিকাক লৈয়ো ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। DKBfact নামৰ এটা ফেচবুক পেজে প্ৰশ্ন কৰিছে এইধৰণে, 'এয়া কি? ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ এটাও বিশেষ বাতৰি নাই নিউজ লাইভত। কালিৰেপৰা যিকেইটা প্ৰচাৰ হৈছে কেৱল নেতিবাচক। অৱশ্যে একেৰাহে বাজি আছে অমিত শ্বাহ আৰু ৰাম মন্দিৰ। আমাৰ প্ৰশ্ন, এটা নিউজ চেনেল চৰকাৰী মুখপাত্ৰত পৰিণত হোৱা উচিত নে? ৰাইজে বা কি কয়?’

ইফালে, এটা ছেটেলাইট চেনেলৰ কেবাগৰাকী সাংবাদিক আৰু উপ-সম্পাদকে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে এইকেইদিন ৰাহুল গান্ধীৰ যাত্ৰাৰ বাতৰি সম্প্ৰচাৰ নকৰিবলৈ তেওঁলোকে কৰ্মৰত চেনেলটোৰ সম্পাদকলৈ মুখ্যমন্ত্ৰী আৰু জনসংযোগ মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন আহিছে। সেয়ে সম্পাদকে ন্যায় যাত্ৰাৰ কোনো বাতৰি নিলিখিবলৈ সকলো সাংবাদিককে নিৰ্দেশ প্ৰদান কৰিছে। অৱশ্যে ৰাহুল গান্ধীৰ যাত্ৰাই নামনি অসম পোৱাৰ লগে লগে ন্যায় যাত্ৰা কেৱল মিঞা মানুহেৰে ভৰি পৰিছে বুলি উক্ত চেনেলটোৱে বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। চেনেলটোৰ মুখ্য সম্পাদকজনে নিজেই 'চেঙাত ভৰি দি মিঞাৰ সৈতে খোজকাঢ়ি উৎফুল্লিত ৰাহুল’ বুলিও বাতৰি সম্প্ৰচাৰ কৰা দেখা গৈছে।

আনহাতে, ৰাজ্যৰ এখন আগশাৰীৰ দৈনিক কাকতৰ এগৰাকী জ্যেষ্ঠ সংবাদিকে NNOৰ আগত আক্ষেপ প্ৰকাশ কৰি কয় যে কাকতখনত সুদীৰ্ঘকাল সাংবাদিকতা কৰি আহিলেও যোৱা ১৫ বছৰত এনে পৰিৱেশ তেওঁ আগতে দেখা নাছিল। 'প্ৰফুল্ল মহন্তৰ দিনত এনে পৰিৱেশ হৈছিল। তেতিয়া মই আন এখন কাকতত আছিলো। চৰকাৰৰ মানুহে ৰাতি আহি চাই গৈছিল কি বাতৰি গৈছে। এতিয়া ওপৰৰ পৰা ফোন আহে আৰু সকলো মেনেজ কৰি দিয়ে। আমাৰ কাকতখনলৈ মানুহে আশাৰে বাট চাই। কিন্তু আমাৰ কাকতখনো এতিয়া চৰকাৰৰ বহতীয়া হৈ পৰিবলগীয়া হৈছে। সাংবাদিকতা এতিয়া বিষাক্ত হৈ পৰিছে।’