নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাট সোণাইপাৰৰ ঐতিহ্যমণ্ডিত গৌৰীনাথ মন্দিৰত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ লোকে লোকাৰণ্য হৈ পৰে। শনিবাৰে ১০০১গৰাকী মহিলাই গৌৰীনাথ মন্দিৰত জলাৰোহন কাৰ্যসূচী সম্পন্ন কৰে। যোৱা ২৩ জানুৱাৰীৰ পৰা এসপ্তাহজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যজ্ঞত সহস্ৰাধিক ভক্তৰ সমাগমেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় গৌৰীনাথ শিৱ মন্দিৰৰ বাকৰি।

দেওবাৰে চতুৰ্থ দিনা ১০০১ গৰাকী মহিলাই সম্পুৰ্ণ শুদ্ধ সাজপাৰ পৰিধান কৰি কলচি লৈ বহু দূৰ পদযাত্ৰা কৰি পকামূৰা ঘাটৰ পৰা পানী অানি গৌৰিনাথ শিৱমন্দিৰত ঐতিহাসিক বসুন্ধৰী থানৰ পৰা জীয়া শিল আনি প্ৰতিষ্ঠা কৰে নৱনিৰ্মিত শিৱলিংগত। ধৰ্মীয় কাৰ্যসুচীত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই শুভাৰম্ভ কৰে।

আচাৰ্য ভৃগুগিৰিৰ অধ্যক্ষতাত অনুষ্ঠিত মহাৰুদ্ৰ যজ্ঞৰ জলাৰোহন কাৰ্যসূচীত যযমান পদ্মবৰা, আদৰনী সমিতিৰ সভাপতি ধীৰেন হাজৰীকা, কাৰ্যকৰী সম্পাদক দেহীৰাম বৰা, সম্পাদক দীপক বৰা, যজ্ঞ উপ’সমিতিৰ সভাপতি অজিত গোস্বামী, বিষয়-ববীয়া চেনীৰাদ দাস, ভদেশ্বৰ বৰা, মিত্ৰদেৱ মহন্ত, ৰিন্টু গোস্বামী, নৱ বৰা, পংকজ বৰাকে ধৰি পাচঁ সহস্ৰাধিক ভক্তিপ্ৰাণ পুৰুষ-মহিলা উপস্থিত থাকে।

নিশালৈ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আটকধুনীয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা অনুষ্ঠান মুকলি কৰে সমাজকৰ্মী প্ৰদীপ শইকীয়া আৰু গৌৰীনাথ মন্দিৰৰ ইতিহাস পাঠ কৰে সম্পাদক মোহন বৰাই৷

অনুষ্ঠানত শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, চিত্ৰশিল্পী অজিত বৰাক সম্বৰ্ধনা জনোৱা হয়৷ শনিবাৰে পুৱাৰে পৰা যজ্ঞৰ আৰম্ভণী, বিষ্ণুৰ সহস্ৰ নাম, আৰতিৰ মন্ত্ৰৰ ধ্বনিৰ ভক্তিৰসেৰে জীপাল হৈ পৰিছে সোণাই নৈৰ বাকৰি। বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে চলি থকা ৰুদ্ৰ যজ্ঞৰ কাইলৈ পুৱা অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।