কি আছে নতুন এছ অ’ পি ত?

কেতিয়া খুলিব আন্তঃজিলা যাতায়ত?

গুৱাহাটী : ৰাজ্যত যোৱাকালিৰ পৰা প্ৰযোজ্য হৈছে নতুন এছ অ’ পি ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পি সন্দৰ্ভত জানিবলৈ দিয়া মতে ৰাজ্যৰ সকলো জিলাৰ পৰা প্ৰত্যাহাৰ হ’ব সান্ধ্য আইন ৷
সন্ধিয়া ৪ বজালৈ দোকান -বজাৰ খোলা থাকিব আৰু ৫ বজাৰ পৰা সান্ধ্য আইন বলবৎ হ’ব ৷গোলাঘাট আৰু লখিমপুৰ জিলাত ১ বজালৈ দোকান খোলা ৰাখিব পাৰিব ৷অহা ৭ আগষ্টৰ পৰা সন্ধিয়া ৬ বজালৈ দোকান খোলাৰ অনুমতি দিয়া হ’ব ৷১৬ আগষ্টৰ পৰা আন্ত:জিলা যাতায়ত মুকলি কৰি দিয়া হ’ব ৷পৰিস্থিতিৰ অধিক অৱনতি নঘটিলে ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় – মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব ৷