লাভলিনাৰ বহু প্ৰত্যাশিত ছেমিফাইনেল অহাকালি

গুৱাহাটী,০৩ আগষ্ট :  অহাকালি ০৪/০৮/২০২১ তাৰিখে ইতিহাস ৰচি অসম কন্যা লাভলিনা বৰগোহাইঁ টকিঅ' অলিম্পিক,২০২০ ত বক্সিং ৰিংত নামিব।লাভলিনা হ'ল অলিম্পিকত পদক নিশ্চিত্ কৰা প্ৰথম গৰাকী অসমীয়া  মহিলা।লাভলিনাৰ পদক নিশ্চিত হলেও এইপৰ্য্যন্ত পদকৰ ৰং নিৰ্ধাৰণ হোৱা নাই।অহাকালি হব লগা ছেমিফাইনেলত বিজয়ী হৈ লাভলিনাই ফাইনেলত প্ৰৱেশ কৰিব বুলি অত্যন্ত অত্যুৎসাহী অসমবাসীৰ লগতে সমগ্ৰ দেশ।প্ৰায় ১৩৫ কোটি দেশবাসীৰ শুভকমনাই লাভলিনাক সোণৰ পদক জিকি ইতিহাস ৰচাৰ সাহস দিয়ক।প্ৰায় প্ৰতিজন ভাৰতীয়ই বিভিন্ন মাধ্যমেৰে লাভলিনাক শুভকামনা জনাইছে।এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসম চৰকাৰো। অহাকালিৰপৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। কিন্তু অহাকালি পুৱা ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলিনাক সমৰ্থন জনাব অসম বিধান সভাই। ৩০ মিনিটৰ বাবে সদন স্থগিত ৰখা হব।লাভলিনাৰ খেল যাতে সকলোৱে উপভোগ কৰিব পাৰে তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে।

উল্লেখযোগ্য যে অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। এই প্ৰস্তাৱত অধক্ষ্য বিশ্বজিত দৈমাৰীয়ে অনুমোদন জনায়।টকিঅ' অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।

আনহাতে বুধবাৰৰ দিনটো হব দেশৰ বাবে এক ঐতিহাসিক দিন। অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ।এই খেলৰ প্ৰদৰ্শনতে নিৰ্ভৰ কৰিব দেশৰ হৈ লাভলিনাই কি পদক আজুৰি আনিব।

 

 

নিউজ নেক্সট ৱানৰ তৰফৰ পৰা লাভলিনালৈ জনালোঁ শুভকামনা।