ডিজিটেল ডেস্কঃ ডিমা হাচাও জ্বলিল। নিৰীহৰ তেজৰ চেকুৰাই অসমৰ জাতীয় দল-সংগঠনৰ প্ৰতিবাদী কণ্ঠত শোণিত সানিব পাৰিলে কি নোৱাৰিলে, প্ৰতিজন অসমীয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন সংবেদনশীল লোককে জোকাৰি গ’ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সুৰ্য উঠা দেশ অসমৰ পাহাৰীয়া জিলা ডিমা-হাচাওৰ দুৰ্ভ্যগ্যপুৰ্ণ ঘটনা এটাই। বৃহত্তৰ নাগালিমত পাহাৰীয়া জিলাখনক অন্তৰ্ভূক্ত কৰাৰ বাবে সংঘ পৰিবাৰৰ এজন প্ৰচাৰক জগদম্বা মলেৰ এক প্ৰস্তাব পোহৰলৈ অহাৰ পিছতেই 'জনমে-মৰণে মই চিৰদিন অসমীয়া’ হৈ থকাৰ পণ লোৱা ভূমিপুত্ৰ ডিমাচাসকল ক্ষোভিত হৈ পৰে। 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কৰ্মী তথা নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিগত চাৰিটা দশক সক্ৰিয় হৈ থকা জগদম্বা মলৰ লগতে সংঘ পৰিবাৰে ডিমা-হাচাওক বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ থকা এই প্ৰস্তাৱৰ বিষয়ে 'দা ৱায়াৰ’ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ পাইছিল। জগদম্বাৰ এই প্ৰস্তাৱসম্বলিত প্ৰতিবেদন অসমৰ বিভিন্ন সংবাদগোষ্ঠীৰো হাতত পৰে আৰু প্ৰকাশিত হোৱাৰ পিছতে ৰাজ্যখনৰ সৰ্বত্ৰে জগদম্বাৰ এনে 'প্ৰস্তাৱ’ক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভূমিপুত্ৰ ডিমা-হাচাওসকলে আৰএছএচ প্ৰচাৰকজনৰ এনে কাৰ্যক গৰিহণা দি শীঘ্ৰেই ক্ষমা খোজাৰ বাবে দাবী জনায়। ঘটনাই ক্ৰমে অৱনতিৰ ফালে ঢাল খায় আৰু গণতন্ত্ৰ দিৱসৰ আগদিনাই ঘটে অঘটন। 

জগদম্বাৰ এই বক্তব্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই অহা কেইবাগৰাকী প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত লোক আহত হয়। আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰাত তিনিজনকৈ যুৱকৰ দেহত গুলী লাগে আৰু শুকুৰবাৰে দুজন যুৱকে কৰুণ মৃত্যুক সাবতি লয়। 

কি কথাক লৈ জগদম্বাৰ এই প্ৰত্যাহ্বান? 

আৰএছএছ কৰ্মী জগদম্বাই দা ৱায়াৰৰ উক্ত বাতৰিটোক প্ৰত্যাহ্বান জনাই পৰ্টেলটোৰ সংবাদদাতা এজনক কয় যে 'বিগত ৪৫ বছৰজোৰা অভিজ্ঞতা’ৰ পৰা তেওঁ নিজে কৰা 'ব্যক্তিগত প্ৰচেষ্টা’ৰ ফলস্বৰূপেহে কৰ্মীজনে উক্ত সিদ্ধান্তলৈ আহিছিল। জগদম্বা মলে সম্প্ৰতি এনে কোনো প্ৰস্তাৱ থকাৰ কথা পোনচাটে অস্বীকাৰ কৰি দা ৱায়াৰ নামৰ পৰ্টেলটোক ক্ষমা খুজিবলৈ দাবী জনায়। দা ৱায়াৰৰ সংবাদদাতা সংগীতা বৰুৱা পিশ্বাৰতিলৈ জগদম্বা মলে পঠিওৱা পত্ৰখনত পৰ্টেলটোৰ বাতৰিটো মিথ্যা বুলি অভিহিত কৰি কয় যে এক 'বিদ্বেষপূৰ্ণ’ উদ্দেশ্যেৰে নাগালেণ্ড আৰু চুবুৰীয়া ৰাজ্যসমূহত বিশৃংখলতাৰ সৃষ্টি কৰাৰ বাবে উক্ত বাতৰিটো প্ৰকাশ কৰা হৈছিল। বাতৰিটো মনেসজা বুলি অভিহিত কৰি জগদম্বাই বাতৰিটোত অকাৰণতে বিজেপিক টানি অনা হৈছে বুলি কয়। নাগালিমত ডিমা-হাচাওৰ অন্তৰ্ভুক্তিকৰণক লৈ এনেধৰণৰ কোনো প্ৰস্তাৱ আৰএছএছ কিম্বা বিজেপিয়ে কৰা নাই বুলি তেওঁ পত্ৰখনৰ যোগেদি কয়। প্ৰস্তাৱটো প্ৰস্তাৱ নহৈ একপ্ৰকাৰৰ ধাৰণা 'শ্বেয়াৰ’ কৰা বুলিহে পত্ৰখনত কোৱা হয়। এনেধৰণে একপ্ৰকাৰ তিলকে তাল কৰা বুলি কৈ পত্ৰখন প্ৰকাশ কৰি স্থিতি স্পষ্ট কৰিবলৈও পত্ৰখনৰ শেষত উল্লেখ কৰে জগদম্বাই।    

আচলতে হৈছিল কি? কি দিলে দা ৱায়াৰে প্ৰত্যুত্তৰ?

জগদম্বালৈ প্ৰত্যুত্তৰ দি সাংবাদিক বৰুৱাই কয় যে জগদম্বাই অসমৰ বিভিন্ন সংবাদমাধ্যমলৈ উক্ত প্ৰস্তাবসম্বলিত পত্ৰখন পঠিয়াইছিল আৰু প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছিল। এই কথাৰ প্ৰমাণ দি বৰুৱাই জগদম্বাৰ মেইলৰ এটা স্ক্ৰীণশ্বটো পৰ্টেলটোৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে। তদুপৰি আৰএছএছ কৰ্মীজনৰ লগত ফোনযোগে হোৱা কথা-বতৰাতো প্ৰস্তাবটো প্ৰকাশৰ বাবে পঠিওৱা বুলি জনা গৈছিল বুলি বৰুৱাই কয়। 

বিষয়টো স্পষ্ট কৰি বৰুৱাই কয় যে দা ৱায়াৰে নিজাববীয়াকৈ কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছিল। প্ৰতিবেদনখত এয়া স্পষ্টকৈ উৰ্দ্ধকমাৰ ভিতৰত দিয়া আছিল যে উক্ত প্ৰস্তাব আৰএছএছ কৰ্মীজনৰ 'বিগত ৪৫ বছৰজোৰা নাগালিমৰ সমস্যা অধ্যয়নৰ’ পিছৰ 'ব্যক্তিগত প্ৰচেষ্টা’ৰ পৰা উদ্ভুত। গুৱাহাটীৰ পৰা প্ৰকাশিত এটা নিউজ পৰ্টেলতো একেখিনি কথাই তেওঁ পুনৰাবৃত্তি কৰিছিল। 

নাগালিমৰ সমস্যা শান্তিপুৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰত আৰএছএছ কৰ্মীজনৰ এই প্ৰস্তাব সংঘ পৰিবাৰে পুৰামাত্ৰাই যে সমৰ্থন কৰে তাত কোনো  সন্দেহ নাই বুলি পৰ্টেলটোৰ প্ৰতিবেদনত লিখা কথাটো জগদম্বাৰ লগত ফোনযোগে সাংবাদিকজনৰ সৈতে হোৱা কথোপকথনৰ বাণীবদ্ধ টেপৰপৰাই স্পষ্ট হোৱা বুলি বৰুৱাই কয়। এইক্ষেত্ৰত দা ৱায়াৰে নিজাকৈ কোনো মন্তব্য ৰখা নাই বুলি স্পষ্ট কৰি দিয়ে বৰুৱাই। 

তদুপৰি জগদম্বাই মেইলযোগে জনোৱা প্ৰত্য্যহ্বানামূলক পত্ৰখনত অভিযোগ কৰাৰ দৰে বিজেপিয়ে এই খচৰা প্ৰস্তুত কৰা বুলি উক্ত বাতৰিটোৰ ক’তোৱেই প্ৰকাশ হোৱা নাছিল বুলিও স্পষ্ট কৰি কয় বৰুৱাই। তদুপৰি বিতৰ্কিত খচৰাখন কেন্দ্ৰ চৰকাৰৰ সৈতে নাগা নেতৃবৰ্গৰ আলোচনামৰ্মে  কেন্দ্ৰ চৰকাৰ কিম্বা ডিমা-হাচাও জিলাৰ দ্বাৰা প্ৰস্তুত কৰা বুলিও বাতৰিটোত প্ৰকাশ হোৱা নাই বুলি বৰুৱাই স্পষ্ট কৰি দিয়ে। এই অভিযোগো উত্থাপন কৰিছিল জগদম্বাৰই শেহতীয়া মেইলত। জগদম্বাই উল্লেখ কৰাৰ দৰে গীৰ্জাৰ প্ৰসংগটোও আৰএছএছ কৰ্মীগৰাকীৰেই প্ৰস্তাবিত খচৰাটোৰ এটা পৃথক শিতানৰ পৰাই পোনে পোনে প্ৰকাশ  কৰা হৈছিল বুলিও বৰুৱাই স্পষ্ট কৰি দিয়ে। 

জগদম্বা মলৰ এনে মিথ্যাচাৰৰ প্ৰতিবাদ কৰি বৰুৱাই সাংবাদিকৰ দায়িত্ব হিচাপে উক্ত খচৰাটো কোনোধৰণৰ ৰহণ নসনাকৈ পোহৰলৈ অনা বুলি কয়। বাতৰিটোৰ আঁৰত কোনোধৰণৰ ন্যস্তস্বাৰ্থ জৰিত হৈ থকা নাছিল বুলি মন্তব্য কৰে বৰুৱাই।