ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক উভতি ধৰিলে প্ৰাক্তন বিশ্ব সুন্দৰী ডায়েনা হেডেনে৷ মই এগৰাকী গৰ্বিত বাদামী বৰণৰ ভাৰতীয় বুলি কৈ বিপ্লৱ কুমাৰ দেৱক উভতি ধৰে৷ ১৯৯৭ চনত বিশ্ব সুন্দৰীৰ খিতাপ অৰ্জন কৰাত বিফল হৈছিল ডায়েনা হেডেনে৷ 

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ঐশ্বৰ্য ৰায়ক প্ৰকৃত ভাৰতীয় সুন্দৰী আখ্যা দিছিল৷ মহাভাৰতৰ যুগৰ পৰা ইণ্টাৰনেট সেৱা আছিল বুলি বিতৰ্কৰ সূচনা কৰাৰ পিছত পুনৰ বিশ্ব সুন্দৰী ডায়েনা হেডেন বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল বুলি কোৱাৰ লগতে নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰে বিপ্লৱ দেৱে৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে ডায়েনাই কয় ‘‘মোৰ দেহৰ বৰণ কলা হোৱাৰ বাবে সৰুকালৰ পৰা বহু তীৰ্যক মন্তব্যৰ মুখামুখি হৈ আহিছো৷ মোৰ সফলতাক লৈ অবাবতে সমালোচনা কৰাতকৈ গৰ্ব কৰা উচিত৷ মই এগৰাকী বাদামী বৰণৰ গৰ্বিত ভাৰতীয়৷ মোকলৈ এনেদৰে মন্তব্য কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সাৱধান হোৱা উচিত৷’’

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰতলাত এটি ডিজাইন কৰ্মশালা উদ্ধোধন কৰি ডায়েনা হেডেনক ভাৰতীয় সুন্দৰী নহয় বুলি কয়৷ ভাৰতৰ সুন্দৰী লক্ষ্মী-স্বৰস্বতীৰ দৰে হ’ব লাগিব৷ ডায়েনা হেডেন বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল৷ একমাত্ৰ ঐশ্বৰ্য ৰায়ে শীৰ্ষ সেই পদ পোৱাৰ যোগ্য আছিল৷ কিয়নো তেওঁ বিশুদ্ধ ভাৰতীয় হিচাপে প্ৰতিনিধিত্ব কৰিছিল বুলি কৈছিল মুখ্যমন্ত্ৰী দেৱে৷ 

ইমানে নহয় ভাৰতীয় মহিলাই কচমেটিক্স নতুবা চেম্পু ব্যৱহাৰ কৰা, কিহেৰে গাধুব লাগে তাকো কয়৷ ইমানে নহয় আন্তৰ্জাতিক বজাৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে ডায়েনাক বিশ্ব সুন্দৰী ঘোষণা কৰা হৈছিল বুলি কয় বিপ্লৱ কুমাৰ দেৱে৷ উল্লেখ্য যে, বিশ্ব সুন্দৰী হেডেন হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল৷