anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভাত শুকুৰবাৰে বিৰোধিৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণত চৰকাৰৰ কাম-কাজ সন্দৰ্ভত বক্তব্যৰ জৰিয়তে দাঙি ধৰাৰ লগতে কংগ্ৰেছ তিনি তালাক, মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত চৰকাৰক ঘেৰাৰ সম্ভাৱনা আছে৷ আনহাতে শুকুৰবাৰে পুৱাই মোডীয়ে মোৰ ভৰষা থকা বুলি কৈ সহযোগী সাংসদক তৰ্কত উত্তপ্ত পৰিস্থিতি নকৰাকৈ আলোচনা সফল কৰিবলৈ আহ্বান জনায়৷

আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ভাষণ প্ৰদান কৰিব পাৰে৷ অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত বিৰোধিৰ ফালৰ পৰা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, জ্যোতিৰাদিত্য সিন্ধিয়া, দীনেশ ত্ৰিবেদী, স্বাগত ৰয়, ভৰতুবাৰি মহতাৱ, তাৰিক আনোৱাৰ, মহম্মদ চালিম, চিএন জয়াদেৱান, এম কে প্ৰেমাচৰণ, আছাদুদ্দিন ওৱেছি, পি বেনুগোপালে ভাষণ প্ৰদান কৰিব৷ ভাষণৰ অন্তত ভোট অনুষ্ঠিত হ’ব৷ শাসকীয় পক্ষক নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে নিজেই৷ বিৰোধিয়ে ভাষণ প্ৰদান কৰাৰ অন্ততহে ৬ বজাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ইপিনে খবৰ মতে মহাৰাষ্ট্ৰৰ দল তথা বিজেপিৰ সহযোগী শিৱ সেনাই ভোটদান বৰ্জন কৰিব।