মাৰ্ঘেৰিটাঃ গণৰাজ্য দিৱসৰ পূৰ্বে অৰ্থাৎ যোৱা ২৪ জানুৱাৰীৰ পুৱা অৰুণাচলত সেনাক গ্ৰেনেডেৰ আক্ৰমণ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাগত আছে৷ গ্ৰেনেড আক্ৰমণত এগৰাকী সেনা জোৱানৰ মৃত্যু হৈছিল৷ সেনা জোৱানজন ৰাজস্থানৰ বিকানাৰ জিলাৰ ডিৰাকছাৰৰ বুলি জানিব পৰা গৈছিল৷

নংথাও আৰু খামটিৰ মাজত মঙলবাৰে আলফা আৰু এনএচচিএনে সেনাক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ঘটনাত সেনা জোৱানৰ মৃত্যু হোৱাৰ খবৰ বহু পলমকৈ আহিছিল যদিও সেনাই তীব্ৰ অভিযান অব্যাহক ৰাখিছে আলফা আৰু এনএচচিএনৰ বিৰুদ্ধে৷ বিদ্ৰোহী সংগঠন আলফাই (স্বাধীন) তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত সংঘটিত কৰা ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত গজেন খেক নামৰ লোক এগৰাকীক আটক কৰে৷

অসম অৰুণাচল সীমান্তৰ নামথাও ৱাংচুক নামৰ গাঁও খনৰ ৰজনী খেকৰ পুত্ৰ গজেন খেকক আটক কৰি সেনাৰ কেম্পত ৰখা বুলি জানিব পৰা গৈছে৷ তদন্তৰ স্বাৰ্থত অধিক তথ্য সংবাদ মাধ্যমক জনোৱাৰ পৰা বিৰত আছে সেনাই৷ গণৰাজ্য দিৱসলৈ কেইটামান ঘন্টা বাকী থকা অৱস্থাতে অৰুণাচলৰ প্ৰদেশৰ নংথাও আৰু খামটি তথা নামচাইত পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই এই কাণ্ড সংঘটিত কৰিছিল বুলি সন্দেহ কৰা হৈছিল৷

সেনাবাহিনীৰ কনভয়ত আলফা স্বাধীনৰ এটা গোটে ভয়াবহ আক্ৰমণ সংঘটিত কৰে৷ গ্ৰেনেড দলিয়াই আক্ৰমণ কৰে যদিও পুৱাৰ ভাগত হতাহতৰ খবৰ পোৱা হোৱা নাছিল৷ বহু পলমকৈ এই ঘটনাত এজন জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল৷ গজেন খেকক নিজ ঘৰৰ পৰা ভাৰতীয় সেনাৰ ১১ গ্ৰেনেডিয়াৰ ৰেজিমেন্টৰ এটা দলে আটক কৰিবলৈ সক্ষম হয়৷