নতুন দিল্লীঃ দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেওবাৰে সন্ধিয়া সংঘটিত হিংসাত্মক ঘটনাক লৈ সমগ্ৰ দেশতে অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। লাঠি, লোৰ ৰড আদি লৈ অতি কমেও ৫০ জনৰো অধিক অচিনাক্ত দুৰ্বৃত্তই মুখত ক’লা কাপোৰ পিন্ধি বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি সংঘটিত কৰা আক্ৰমণত শিক্ষাৰ্থীৰ লগতে শিক্ষকো আহত হয়। আক্ৰমণকাৰী দলটোত মহিলাও আছিল বুলি জনাইছে প্ৰত্যক্ষদৰ্শীসকলে।

এই ঘটনাত বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জেএনইউ কৰ্তৃপক্ষই জনোৱা মতে কালিৰ ঘটনাত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষকসহ মুঠ ২৪জন আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে ৫জন শিক্ষক হোৱাৰ বিপৰীতে বাকীসকল হৈছে শিক্ষাৰ্থী।

আহত শিক্ষাৰ্থীসকলে বিজেপিৰ ছাত্ৰ সংগঠন ABVPৰ সদস্যসকলে উক্ত ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলিছে। ABVPৰ সদস্যসকলে আকৌ দাবী কৰিছে যে ঘটনাটোত বাওপন্থী ছাত্ৰ সংগঠনৰ হাত আছে। আক্ৰমণকাৰীসকলে NDTV আৰু Scrollকে ধৰি কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ ওপৰতো আক্ৰমণ সংঘটিত কৰে। 

দেওবাৰে JNUত সংঘটিত ঘটনাৰ আঁৰৰ ১০ টা কাৰণ জানো আহকঃ

  1. ১ জানুৱাৰীৰ পৰা বিশ্ববিদ্যালয়খনৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নো চলি আছিল। একাংশ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বিৰোধিতা জনাইছিল।

  2. ৩ জানুৱাৰীত বিৰোধিতা জনাই অহা ছাত্ৰ-ছাত্ৰীসকলে কমুউনিকেশ্যন এণ্ড ইনফৰমেশ্যন ছাৰ্ভিচেজ কেম্পাছত প্ৰৱেশ কৰি ইণ্টাৰনেট ছাৰ্ভাৰ নষ্ট কৰি দিয়ে। ফলত পঞ্জীয়ন বাধাপ্ৰাপ্ত হৈ পৰে। ছাৰ্ভাৰৰ ক্ষতিসাধন কৰা ছাত্ৰসকলক ইতিমধ্যে চিনাক্ত কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰে অধিকাংশই ABVPৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।

  3. ৪ জানুৱাৰীত পুনৰ এবাৰ পঞ্জীয়ন আৰম্ভ হয়। এইবাৰ বিৰোধিতা কৰি অহা ছাত্ৰৰ দলটোৱে ইণ্টাৰনেটৰ লগতে বিদ্যুৎযোগানো বন্ধ কৰি দিয়ে। কেবাটাও ভৱনত তলাও ওলমাই দিয়ে ছাত্ৰৰ দলটোৱে।

  4. ৫ জানুৱাৰী অৰ্থাৎ দেওবাৰে বিয়লি ৪.৩০ বজাত একাংশ ছাত্ৰ-ছাত্ৰী হোষ্টেললৈ গৈ আছিল। এইসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে পঞ্জীয়ন সম্পন্ন কৰিছিল। গৈ থকা পথত ৰখাই এইসকল ছাত্ৰ-ছাত্ৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা হয়।

  5. দেওবাৰে সন্ধিয়াৰ ভাগত অতৰ্কিতে বিশ্ববিদ্যালয় চৌহদত লাঠি আদি লৈ মুখত কাপোৰ মেৰিয়াই অহা ৫০ জনীয়া এটা অচিনাক্ত দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰে আৰু জধে-মধে আক্ৰমণ সংঘটিত কৰে। দুৰ্বৃত্তৰ দলটোৱে শিক্ষাৰ্থীৰ লগতে শিক্ষকসকলৰ ওপৰতো আক্ৰমণ চলায়। ফলত ৫জনকৈ শিক্ষক আহত হয়। 

  6. আক্ৰমণৰ ফলত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষে মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আইছিৰ মূৰেৰে তেজ বৈ থকা এটি ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

  7. আক্ৰমণৰ ঘটনাত ১৯জন শিক্ষাৰ্থী আৰু ৫জন শিক্ষক আহত হৈছে। কেবাগৰাকী শিক্ষাৰ্থীৰ হাত-ভৰিৰ হাড়তো ফ্ৰেকছাৰ দেখা গৈছে। এইমছত আহতসকলৰ চিকিৎসা চলি আছে।

  8. আহত ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে জগৰীয়া কৰিছে। তেওঁলোকে জনাইছে যে ABVP-এ পঞ্জীয়নৰ বিৰোধিতা কৰি আহিছিল।

  9. ABVPৰ সদস্যসকলে বাওপন্থী ছাত্ৰ-ছাত্ৰীৰ গোটে এই ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে। বিশ্ববিদ্যালয়খনক বাও ছাত্ৰ-ছাত্ৰীসকলে নক্সালৰ ঘাটিত পৰিণত কৰা বুলিও দাবী কৰে। 

  10. ঘটনাৰ পিছতে জেএনইউ কেম্পাছত যথেষ্টসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। জইণ্ট কমিছনাৰ শালিনী সিঙক ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।