ৰঙিয়াঃ দেশৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা বিভিন্ন বিভাগসমূহে বহু সময়ত লৈ আহিছে প্ৰশংসনীয় পদক্ষেপ ৷ দেশ সেৱাৰ লগতে কৰি আহিছে বিভিন্ন ধৰণৰ সমাজৰ কল্যাণকামী কৰ্ম ৷ পুনৰ তেনে এক কৰ্মৰ নিদৰ্শন দাঙি ধৰিলে ৰাজ্যৰ নলবাৰীস্থিত ১৩৬ বেটেলিয়ন চিআৰপিএফে৷

২০১৭-২০১৮ বৰ্ষৰ জনকল্যাণমূলক কাৰ্যসূচীৰ অধীনত আজি ৰঙিয়া কৃষক শ্বহীদ ৰাইজ মেল ভৱনত ৰঙিয়া মহকুমাৰ ৪০ খন বিদ্যালয়ক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰে ১৩৬ বেটেলিয়ন চিআৰপিএফৰ জোৱানসকলে।

এই কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয় সমূহৰ কৰ্ত্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী, ৰাইজক সম্বোধন কৰি ১৩৬ বেটেলিয়ন চি.আৰ.পি.এফৰ কমাণ্ডাৰ পি.চি.চৌহানে নিজৰ বক্তব্যত কয়, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰত্যেকজন মানুহেই সু-স্বাস্থ্য অটুত ৰাখিবলৈ বিশুদ্ধ পানী খোৱাটো অতি প্ৰয়োজন।

আমি বিগত সময়তো নাগৰিকৰ সুবিধাৰ্থে বিনামূলীয়া ঔষধ, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু বিশুদ্ধ খোৱা পানীৰ বাবে ফিল্টাৰ আদি বিতৰণ কৰি আহিছো আৰু  অনাগত দিনতো এনেদৰে জনকল্যাণমূলক কাম-কাজ সমূহ কৰি যাম। 

 উল্লেখ্য যে,সাধনা এনজিঅ’ৰ সঞ্চালক জ্যোতিষ কলিতাই আঁত ধৰা এই সামগ্ৰী বিতৰণী সভাখনত ১৩৬ সৈন্য বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অধিনায়ক পি.চি.চৌহানৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উপ-অধিনায়ক অৰবিন্দ নন্দা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগু, ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা, খণ্ড শিক্ষা বিষয়া প্ৰবীন চন্দ্ৰ ৰাভা, খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ কলিতা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সমবায় অধিকাৰী জিডি ৰামকুমাৰ ঝা উপস্থিত থাকে ।