৩০ ছেপ্টেম্বৰ, ২০০৮। কৰ্মস্থলীৰ পৰা নিজৰ বাহনেৰে গৃহাভিমুখে আহিছিল 'হেডলাইনছ টুডে নিউজ’ৰ মহিলা সাংবাদিক সৌম্যা বিশ্বনাথন। তেতিয়া পুৱতি নিশা প্ৰায় ৩.৩০ বাজিছিল। সদাব্যস্ত দক্ষিণ দিল্লী সেই সময়ত নিমাওমাও হৈ পৰিছিল। জনশূন্য ৰাজপথবোৰে কিম্ভূত সৰীসৃপৰ দৰে যেন হৈ গোটেই চহৰখনক মেৰিয়াই ধৰিছিল।

দক্ষিণ দিল্লীৰ নেলছন মেণ্ডেলা মাৰ্গৰ বসন্ত বিহাৰ কলনীৰ স্বগৃহলৈ আৰু মাত্ৰ কেইমিনিটমান থাকোতেই হঠাৎ সৌম্যাৰ গাড়ীৰ ওপৰত আক্ৰমণ চলে অস্ত্রধাৰী দুৰ্বৃত্তৰ এটা দলৰ। ঘটনা তলকিব পৰাৰ পূৰ্বেই গাড়ীৰ আইনা ভেদি সোমাই অহা পিষ্টলৰ গুলীয়ে থকাসৰকা কৰে সৌম্যাৰ শৰীৰ। এই ঘটনাত থিতাতে মৃত্যুক সাবতি লয় ২৫ বছৰীয়া সাংবাদিক সৌম্যা বিশ্বনাথনে।

দিল্লীৰ ৰাজপথত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ সুদীৰ্ঘ ১৫ বছৰ পিছত অৱশেষত ন্যায় লাভ কৰিলে সৌম্যা বিশ্বনাথনৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। যোৱা ১৮ অক্টোবৰত দিল্লীৰ এখন আদালতে ৰায় প্ৰদান কৰি সৌম্যা হত্যাকাণ্ডৰ সৈতে জড়িত ৫ জনক দোষী সাব্যস্ত কৰে। আদালতৰ ৰায়দানৰ পিছতে ন্যায় ব্যৱস্থাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰিছে সৌম্যাৰ পিতৃ-মাতৃয়ে।

কিন্তু সৌম্যা বিশ্বনাথনৰ হত্যাই জানো একমাত্ৰ পৰিঘটনা? এই হত্যাকাণ্ডই বিগত ১৫ বছৰত দিল্লী মহিলাৰ বাবে কিমান সুৰক্ষিত তাক লৈ অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিছে। সমান্তৰালভাৱে এই ঘটনাই সাংবাদিকৰ নিৰাপত্তাক লৈও বিগত দশক দশক ধৰি বাঢ়ি অহা উদ্বেগক পুনৰ এবাৰ প্ৰকট কৰা বুলি মন্তব্য কৰিব খোজে অনেকেই। ১৯৯৬ চনতে গুৱাহাটীৰ ৰাজপথত পুত্ৰক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ পৰত বন্দুকৰ গুলীয়ে থকাসৰকা কৰিছিল নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ শৰীৰ। সেই ঘটনাই আজি ২৭টা বছৰ অতিক্ৰম কৰিছে। সেয়ে এতিয়া অসমৰো অনেক সচেতন নাগৰিকে প্ৰশ্ন কৰিছে- সৌম্যা বিশ্বনাথনে ন্যায় পালে, পৰাগ কুমাৰ দাসে ন্যায় পাব কেতিয়া?

সৌম্যা বিশ্বনাথনৰ হত্যা, তদন্তত বাধা

মহিলা সাংবাদিক সৌম্যা বিশ্বনাথনক যি সময়ত গুলীয়াই হত্যা কৰা হৈছিল সেই সময় আছিল পুৱতি নিশাৰ। সমগ্ৰ দিল্লীয়ে নিতাল মাৰিছিল সেই সময়ত। ৰাজপথৰে হোঁ হোঁৱাই দ্ৰুতবেগত পাৰ হৈ যোৱা দুই এখন বাহনে নীৰৱতা ভংগ কৰাৰ বাহিৰে ছেপ্টেম্বৰমহীয়া পাতলীয়া জাৰে জয়াল কৰি ৰাখিছিল বাকী পৰিৱেশ। সেয়ে সৌম্যাৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় আৰক্ষীও। 

সাক্ষী, ফৰেনছিক প্ৰমাণ, চিচিটিভিৰ ফুটেজৰ অভাৱত তদন্তত থমকি ৰ’বলগীয়া হয় আৰক্ষী। আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ কৰিছিল যে কোনো দুৰ্বৃত্তই সৌম্যাক অনুসৰণ কৰি গুলীয়াই হত্যা কৰে। কিন্তু কোনো অভিযুক্ত বা সন্দেহযুক্ত ব্যক্তিক চিনাক্ত বা গ্ৰেপ্তাৰ কৰাত অসমৰ্থ হয় আৰক্ষী। হত্যাৰ কাৰণো পোহৰলৈ অনাত ব্যৰ্থ হয় আৰক্ষী।

অৱশেষত সাংবাদিক সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন হয় পৰৱৰ্তী সময়ত সংঘটিত আন এক হত্যাকাণ্ডৰ তদন্তৰ সময়ত। সৌম্যাৰ হত্যাৰ কিছুমাহ পিছতে ২০০৯ চনৰ মাৰ্চ মাহত দিল্লীত পুনৰ উদ্ধাৰ হয় আন এগৰাকী যুৱতীৰ মৃতদেহ। দিল্লীৰ এটা কল চেণ্টাৰত কাৰ্যবাহী বিষয়া হিচাপে কাম কৰা ২৮ বৰ্ষীয় মৃত যুৱতীগৰাকীৰ নাম আছিল জিগিশা ঘোষ।

জিগিশা ঘোষৰ হত্যাকাণ্ডৰ তদন্ত চলাই দিল্লী আৰক্ষীয়ে ৰবি কাপুৰ আৰু অমিত শুক্লা নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুজনে জেৰাৰ সময়ত জিগিশা ঘোষৰ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। লগতে প্ৰায় ৬ মাহ পূৰ্বে দক্ষিণ দিল্লীত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰা সাংবাদিক সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা বুলিও স্বীকাৰ কৰে ৰবি কাপুৰ আৰু অমিত শুক্লাই। এই দুই অভিযুক্তই জেৰাৰ সময়ত বলজিত মালিক, অজয় কুমাৰ, আৰু অজয় ছেঠী নামৰ আন তিনিজনো হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা প্ৰকাশ কৰে। ডকাইতিৰ উদ্দেশ্যৰেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল বুলি মন্তব্য কৰে অভিযুক্তই।

২০১০ চনৰ জুন মাহত আৰক্ষীয়ে পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিছত একেটা বছৰৰে নৱেম্বৰ মাহত এই হত্যকাণ্ড গোচৰৰ বিচাৰ আৰম্ভ হয়। আৰক্ষীয়ে পুনৰ এবাৰ পুনৰ বাবে পুংখানুপুংখভাৱে তদন্ত কৰি চিচিটিভি ফুটেজৰ জৰিয়তে ধৰা পেলাই যে সৌম্যাৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা সাংবাদিকগৰাকীৰ বাহনখন অভিযুক্তৰ মেৰুণ ৰঙৰ গাড়ী এখনে অনুসৰণ কৰিছিল। অভিযুক্তৰ স্বীকাৰোক্তি, তেওঁলোকৰ আগ্নেয়াস্ত্ৰৰ সৈতে গুলীৰ সাদৃশ্য আৰু চিচিটিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি আগবাঢ়ে বিচাৰ প্ৰক্ৰিয়া।

অৱশেষত আহিল ৰায়দান

সুদীৰ্ঘ ১৫ বছৰ ধৰি চলে এই গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া। সংগঠিত অপৰাধৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগত ৫ অভিযুক্তৰ বিৰুদ্ধে আইপিচি আৰু এমচিঅ’চিএ (মহাৰাষ্ট্ৰ কণ্ট্ৰ’ল অৱ অৰ্গেনাইজড ক্ৰাইম এক্ট)ৰ অধীনত দুখনকৈ অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে। ২০১০ চনৰ নৱেম্বৰ মাহত আৰম্ভ হোৱা এই বিচাৰ প্ৰক্ৰিয়া ২০১৬ চনৰ জুলাই মাহত সমাপ্ত হয়। আৰু অৱশেষত ২০২৩ চনৰ ১৮ অক্টোবৰত দিল্লীৰ আদালতে পাঁচোজন অভিযুক্তক হত্যা আৰু অন্যান্য অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰে। অৱশ্যে আদালতে এতিয়াও দোষীৰ শাস্তি ঘোষণা কৰা নাই।

ৰায়দানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সৌম্যাৰ মাতৃ মাধৱী বিশ্বনাথনে কয়, "আমি আমাৰ ছোৱালীজনীক হেৰুৱালো, কিন্তু আনে যাতে নিজৰ কন্যাক এনেদৰে হেৰুৱাবলগীয়া নহয়। ন্যায়ালয়ৰ এই ৰায়দানে অন্ততঃ এনে অপৰাধ সংঘটিত কৰা সকলক অলপ হ’লেও ভাৱিবলৈ বাধ্য কৰাব। অন্যথা তেওঁলোকক (দোষীসকলক) সাহস দিয়া হ'লহেঁতেন। অন্ততঃ এটা দুৰ্বৃত্তৰ দল এতিয়া নোহোৱা হ’ল। এয়াই আমাৰ বাবে যথেষ্ট।" দোষীক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহাটোও বিচাৰে বুলি কয় সৌম্যাৰ মাতৃয়ে।

সাংবাদিক সৌম্যাৰ পিতৃ-মাতৃ, ফটোঃ BCCL

দিল্লীৰ নিশা মহিলাৰ বাবে সুৰক্ষিত নহয়! ২০০৮ চনত সৌম্যাৰ হত্যাকাণ্ডই যেন সেই নিৰ্মম বাস্তৱকেই উদঙাই দিছিল। আজি শেহতীয়াকৈ ন্যায়ালয়ৰ ৰায়দানে এতিয়া অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই। সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ তদন্ত কৰি অভিযুক্তৰ অপৰাধ প্ৰমাণ কৰিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়াকো সাবতি ধৰি সেয়ে আদালতৰ বাহিৰত ধন্যবাদ জ্ঞাপন কৰে সৌম্যাৰ পিতৃ-মাতৃয়ে। 

গুৱাহাটীৰ ৰাজপথত হত্যা কৰা হৈছিল পৰাগ কুমাৰ দাসকো

দিল্লীৰ ৰাজপথত সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ ১২ বছৰ পূৰ্বে গুৱাহাটী মহানগৰীতো সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। সেয়া আছিল ৰাজ্যৰ এগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকৰ হত্যাকাণ্ডৰ ঘটনা। ১৯৯৬ চনৰ ১৭ মে’ত পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ সময়তে দিনৰ পোহৰত অস্ত্ৰধাৰী দুৰ্বৃ্ত্তৰ পিষ্টলৰ গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ শৰীৰ। ৰাজ্যৰ শাসনত তেতিয়া মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰ।

অসমৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক তথা 'অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক পৰাগ কুমাৰ দাসৰ সেই নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। এমনেষ্টি ইণ্টাৰনেশ্যনেল, এছিয়া ৱাটছকে ধৰি বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাই এই হত্যাকাণ্ডৰ তদন্তৰ দাবী জনাইছিল। চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ উদগীৰণ ঘটা ক্ষোভৰ পিছত ৪৮ ঘণ্টাৰ ভিতৰত গোচৰ ৰুজু কৰাৰ প্ৰতিশ্ৰুতি দি চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল তেতিয়াৰ অগপ চৰকাৰে।

কিন্তু জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হত্যাকাণ্ডই আজি ২৭ বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় লাভ নকৰিলে তেওঁৰ পৰিয়ালে। ন্যায় নাপালে পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ ৰহস্য উদঘাটনৰ দাবী জনাই অহা সকলেও। অভিযোগ উঠিছিল, পৰাগ কুমাৰ দাসৰ হত্যাৰ সৈতে জড়িত আছিল বহু হাইপ্ৰফাইল নেতা। কিন্তু ২৭ বছৰ ধৰি আজিও ৰহস্য হৈয়ে থাকিল গুৱাহাটীৰ ৰাজপথত সংঘটিত সেই নৃশংস হত্যাকাণ্ড।

এতিয়া সাংবাদিক সৌম্যা বিশ্বনাথনৰ হত্যাকাণ্ডৰ ৰায় আদালতে প্ৰদান কৰাৰ পিছতে পুনৰ এবাৰ সজোৰে উত্থাপন হৈছে পৰাগ কুমাৰ দাসৰ হত্যাৰ প্ৰসংগও। প্ৰশ্ন কৰিছে অনেকে- ১৫ বছৰ পূৰ্বে প্ৰাণ হেৰুওৱা সাংবাদিক সৌম্যাৰ পৰিয়ালে যদি ন্যায় পাব পাৰে, তেন্তে ২৭ বছৰ পূৰ্বে প্ৰাণ হেৰুওৱা সাংবাদিক পৰাগ কুমাৰ দাসৰ পৰিয়ালে ন্যায় পাব কেতিয়া? বহুতে অসমৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হত্যাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ অসম চৰকাৰ ইচ্ছুক নহয় বুলিও অভিযোগ উত্থাপন কৰে।

সৌম্যাৰ দৰে কেতিয়া ন্যায় পাব পৰাগ কুমাৰ দাসে?

শব্দৰ জৰিয়তে শাসকীয় পক্ষক কঠোৰ সমালোচনা কৰি নিৰ্ভীক সাংবাদিক হিচাপে পৰিচিত হোৱা পৰাগ কুমাৰ দাসৰ হত্যাৰ সৈতে নাম সাঙোৰ খাইছিল ৪ জন আত্মসমৰ্পণকাৰী আলফা নেতাৰ। তেওঁলোকৰ নাম আছিল মৃদুল ফুকন, প্ৰদীপ গগৈ, প্ৰাঞ্জল ডেকা আৰু ৰাজু বৰুৱা। সাংবাদিকগৰাকীৰ হত্যাকাণ্ডৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃ্ষ্টি হোৱা ক্ষোভৰ বাবে জনতাৰ দাবীত অসম চৰকাৰে এই হত্যাকাণ্ডৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰিছিল।

কিন্তু চিবিআইৰ তদন্তত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ দাঙি ধৰাত ব্যৰ্থ হয়। হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন ছালফাৰ সদস্যৰ ভিতৰত তিনিজন আৰক্ষী অথবা অনন্য দলৰ সৈতে আলফাৰ মুখামুখি সংঘৰ্ষত নিহত হয়। পৰৱৰ্তী সময়ত একমাত্ৰ জীৱিত অভিযুক্ত মৃদুল ফুকনক চিবিআইয়ে ২০০৩ চনত গ্ৰেপ্তাৰ কৰি জিলা আদালতত বিচাৰৰ বাবে হাজিৰ কৰোৱায়। কিন্তু ২০০৯ চনৰ ২৮ জুলাইত প্ৰমাণৰ অভাৱত মৃদুল ফুকনকো দোষমুক্ত ৰায় প্ৰদান কৰে আদালতে। আদালতে চিবিআইৰ দুৰ্বল তদন্ত আৰু সাক্ষীৰ অভাৱৰ কথাও উল্লেখ কৰে। 

মৃদুল ফুকনক দোষমুক্ত কৰাৰ পিছত ন্যায় ব্যৱস্থা আৰু চিবিআইৰ ওপৰতো উত্থাপন হয় অনেক প্ৰশ্নৰ। বিশেষকৈ পৰাগ কুমাৰ দাসৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে অভিযোগ কৰে যে হত্যাকাণ্ডৰ আঁৰত থকা শক্তিশালী আৰু প্ৰভাৱশালী লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে চিবিআইয়ে ইচ্ছাকৃতভাৱে গোচৰটোৰ তদন্ত দুৰ্বল কৰিছিল। লগতে চৰকাৰে সাক্ষীক পৰ্যাপ্ত নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান নকৰাৰ বাবেই এই গোচৰটোৰ সৈতে জড়িত কেইবাগৰাকীও সাক্ষী ভাবুকি আৰু হত্যাৰ বলি হ’বলগীয়া হয় বুলিও অভিযোগ উত্থাপন হয়। 

পৰৱৰ্তী সময়ত পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ তদন্ত নতুনকৈ কৰাৰ দাবীৰে উচ্চ ন্যায়ালয়ত ন্যায়ৰ বাবে আবেদন জনায় পৰিয়ালৰ লোকে। কিন্তু আজিও অমীমাংসিত হৈয়ে আছে অসমৰ এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ হত্যাৰ গোচৰ। আজিও ন্যায়ৰ অপেক্ষাত ৰৈ আছে তেওঁৰ পত্নী, সন্তান, বন্ধু-বান্ধৱী, সহকৰ্মী আৰু অনেক অনুগামী। 

ভাৰত এতিয়া সাংবাদিকৰ বাবে বিপদজনক ঠাই!

দিল্লীৰ সৌম্যা বিশ্বনাথন নাইবা অসমৰ পৰাগ কুমাৰ দাসেই নহয়, বিগত কেইবা দশকত সমগ্ৰ ভাৰতত বহু সাংবাদিকে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈ মৃত্যুক সাবতিবলগীয়া ঘটনা সংঘটিত হৈছে। বহু সাংবাদিকৰ পৰিয়ালে আজিও ন্যায়ৰ বাবে আশাৰে অপেক্ষা কৰিছে। সাংবাদিক গৌৰী লংকেশ, বিমল কুমাৰ যাদৱকে ধৰি কেইবাগৰাকীও সাংবাদিকে বিগত দুটা দশকত নৃশংস হত্যাৰ বলি হ’বলগীয়া হৈছে। 

২০২৩ বৰ্ষৰ সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ তালিকাত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১৬১ সংখ্যক। ইয়াৰ পূৰ্বে ২০২২ চনত ভাৰতৰ স্থান আছিল ১৫০ সংখ্যক। ২০২১ চনত ভাৰত আছিল ১৪২ সংখ্যক স্থানত। অৰ্থাৎ প্ৰতিবছৰেই সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত অৱনমিত হৈছে ভাৰতৰ স্থান। এইবাৰ আনকি পাকিস্তানকো চেৰ পেলাই তললৈ গতি কৰিছে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা। আজি সমগ্ৰ বিশ্বৰ ভিতৰতে সাংবাদিকৰ বাবে অন্যতম বিপদজনক দেশ হিচাপে পৰিগণিত হৈছে ভাৰত।

ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় কৰ্তৃপক্ষই চৰকাৰী নীতি আৰু কাৰ্যকলাপৰ সমালোচনা কৰাৰ বাবে সাংবাদিক আৰু অনলাইন সমালোচকসকলক ক্ৰমান্বয়ে লক্ষ্য কৰি লৈছে, সাংবাদিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আৰু দেশদ্ৰোহ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সংখ্যালঘু গোটৰ সাংবাদিক আৰু জম্মু-কাশ্মীৰৰ সাংবাদিক বিশেষভাৱে বিপদত পৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। যাৰ ফলত ক্ৰমান্বয়ে হ্ৰাস পাইছে সংবাদ মাধ্যমৰ স্বাধীনতা। চৰকাৰৰ সমাচলোনা কৰা সংবাদ মাধ্যমৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অন্যতম প্ৰমাণ শেহতীয়াকৈ সংবাদ সংস্থা নিউজ ক্লিকৰ বিৰুদ্ধে চলা অভিযান।

আইনী হাৰাশাস্তিৰ উপৰিও সাংবাদিকসকলে ৰাজ্যিক বিষয়া, ৰাজনৈতিক দল, সশস্ত্ৰ সংগঠন, ধৰ্মীয় গোড়ামী, হিন্দু জাতীয়তাবাদীকে ধৰি বিভিন্ন গোষ্ঠীৰ পৰাও শাৰীৰিক আক্ৰমণ, ভাবুকি, ভয়, চেঞ্চৰশ্বিপ, অনলাইন গালি-গালাজৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। দুৰ্নীতি, মানৱ অধিকাৰ উলংঘা, সাম্প্ৰদায়িক হিংসা, পৰিৱেশৰ অৱক্ষয়, সামাজিক আন্দোলন আদি স্পৰ্শকাতৰ বিষয়সমূহ সামৰি লোৱাৰ সময়ত বহু সাংবাদিক নিহত বা আহত হৈছে।

এটা গোচৰ নিষ্পত্তি কৰিবলৈ আদালতক প্ৰয়োজন ৩ বছৰৰ!

দিল্লীৰ ৰাজপথত গুলীবিদ্ধ হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিক সৌম্যা বিশ্বনাথন হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ আৰক্ষী আৰু আদালতক প্ৰয়োজন হ’ল সুদীৰ্ঘ ১৫ বছৰৰ। ন্যায়ৰ বাবে এই সুদীৰ্ঘ সময় ধৰি অপেক্ষা কৰি থকা ২৫ বৰ্ষীয় মহিলা সাংবাদিকগৰাকীৰ পিতৃ-মাতৃৰ মানসিক অৱস্থা কেনে হ’ব পাৰে, সেয়া অনুধাৱন কৰাটো সকলোৰে বাবে নিশ্চয় সম্ভৱ নহয়।

কিন্তু সৌম্যা হত্যাকাণ্ডৰ গোচৰৰ ৰায়দানে পলমকৈ হ’লেও উন্মোচিত কৰিবলৈ সক্ষম হ’ল ভাৰতত হিংসাৰ বলি হোৱা লোকসকলৰ ন্যায় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১৯ চনৰ ডিচেম্বৰ মাহলৈকে সমগ্ৰ ভাৰতৰ বিভিন্ন আদালতত ৩২ লাখতকৈ অধিক গোচৰৰ বিচাৰ চলি আছিল। তথ্য অনুসৰি এটা গোচৰ নিষ্পত্তি কৰিবলৈ আদালতক গড়ে তিনি বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হয়।

এনেদৰে নিষ্পত্তিহীনভাৱে আদালতত গোচৰ চলি থকাৰ কাৰণসমূহ হ'ল বিচাৰ ব্যৱস্থাৰ অপৰ্যাপ্ত আন্তঃগাঁথনি, ন্যায়াধীশ আৰু কৰ্মচাৰীৰ অভাৱ, সঘনাই স্থগিত ৰখা, জটিল পদ্ধতি, সংস্থাসমূহৰ মাজত সমন্বয়ৰ অভাৱ, আৰু শক্তিশালী স্বাৰ্থৰ হস্তক্ষেপ। এই কাৰকসমূহে কেৱল ন্যায়িক ব্যৱস্থাৰ কাৰ্যক্ষমতা আৰু ফলপ্ৰসূতাক প্ৰভাৱিত কৰাই নহয়, ইয়াৰ ন্যায়পৰায়ণতা আৰু বিশ্বাসযোগ্যতাকো প্ৰভাৱিত কৰে।


প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!


ইফালে সৌম্যাৰ হত্যাকাণ্ডৰ গোচৰতো ভাৰতৰ মহিলা আৰু সাংবাদিকসকলৰ উন্নত সুৰক্ষা আৰু সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১৯ চনত ভাৰতত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ৪ লাখতকৈ অধিক গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে ৩২ হাজাৰতকৈও অধিক গোচৰ আছিল ধৰ্ষণৰ গোচৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ হাৰ আছিল মাত্ৰ ২৭.৮ শতাংশ।

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯ চনত ভাৰতত সাংবাদিকৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ২০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে চাৰিটা গোচৰেই আছিল হত্যাৰ গোচৰ। সাংবাদিকৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ হাৰ আছিল মাত্ৰ ২.৫ শতাংশ।

ভাৰতত যে মহিলা আৰু সাংবাদিকৰ ওপৰত সংঘটিত হিংসাৰ আশংকা অধিক আৰু তাৰ বিপৰীতে যে ন্যায়লাভৰ সম্ভাৱনা তেনেই কম, সেই কথাই যেন প্ৰমাণ কৰিছে এই পৰিসংখ্যাই। ভাৰতত লিংগ সমতা, সংবাদ মাধ্যমৰ স্বাধীনতা, মানৱ অধিকাৰ আদি বিষয়সমূহৰ ওপৰত অধিক সজাগতা, শিক্ষা, সংবেদনশীলতাৰ প্ৰয়োজনীয়তাক লৈ বহুতেই মন্তব্য কৰি আহিছে, কিন্তু বাস্তৱক্ষেত্ৰত আজিও সকলো ভেকোঁভাওনাতহে পৰিণত হৈ ৰৈছে।