কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ঐতিহাসিক বিটিচি চুক্তি সম্পন্ন হোৱাৰ পিছত বিটিএডি এলেকাৰ জীৱন ধাৰণৰ মান, অাৰ্থ সামাজিক উন্নয়ন অস্বীকাৰ কৰিব নোৱাৰি যদিও একমাত্ৰ বিটিচি গঠন হোৱাৰ বাবেই ১৮৮ টা পৰিয়াললৈ ঘোৰ অমানিশা নামি অহাৰ বাতৰিয়ে বিটিএডিৰ অান এক অমনোযোগিতাৰ দিশ উদঙাই দিছে। বিটিএডি প্ৰশাসনৰ অমনোযোগিতা অাৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি অন্ধকাৰৰ অটল গহ্বৰত নিমজ্জিত হোৱা ১৮৮ গৰাকী কেজুৱেল কৰ্মীয়ে অাজি ন্যায় প্ৰদানৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

♦ পঞ্চায়ত কেজুৱেল কৰ্মচাৰীৰ ধৰ্ণাত উত্তাল কোকৰাঝাৰ
♦ বঞ্চনা-অৱহেলাৰ জীয়া দলিল বিটিএডিৰ কেজুৱেল কৰ্মী

উল্লেখ্য যে ১৯৯২-৯৩ চনত ৰাজ্যত কেজুৱেল কৰ্মী অৰ্থাৎ পিয়ন ,চকীদাৰ , কৰ সংগ্ৰাহক , অালি মহৰী হিচাপে পঞ্চায়ত বিভাগত ২০০০ গৰাকী লোকে নিযুক্তি লাভ কৰিছিল। ২০০৫ চনত ৰাজ্য চৰকাৰে ৩১০০০ কেজুৱেল, মাষ্টাৰৰোল কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছিল অাৰু ২০১২ চনত চৰকাৰে ২০০০ গৰাকী পঞ্চায়তৰ কেজুৱেল কৰ্মচাৰীৰ ভিতৰত ১৮১২ গৰাকী কৰ্মচাৰীক বিটিএডিৰ বাহিৰত ফিক্সড পে'ত নিযুক্তি দিয়ে। অৰ্থাৎ বিটিএডিত থকা ১৮৮ গৰাকী কেজুৱেল কৰ্মচাৰী নিযুক্তি লাভৰ পৰা বঞ্চিত হয়।

ষষ্ঠ অনুসূচীৰ(সংশোধনী) অধীনত গঠিত হোৱা বিটিচিত যিহেতু পঞ্চায়ত বিভাগ নাই সেয়েহে চৰকাৰে ১৯৯২-৯৩ চনৰে পৰা বিটিএডিত কাৰ্যনিৰ্বাহ কৰি থকা ১৮৮ গৰাকী কৰ্মচাৰীক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। বিটিএডিৰ বঞ্চিত ১৮৮ গৰাকী কৰ্মচাৰীয়ে এনে প্ৰতাৰণাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ৰাজ্য চৰকাৰ অাৰু বিটিচি প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰে যদিও কোনো ধৰণৰ অাশাব্যাঞ্জক ফলাফল লাভ নকৰিলে।

বিটিচি প্ৰশাসনে বিষয়টো ৰাজ্য চৰকাৰলৈ ঠেলি দিয়ে অাৰু ৰাজ্য চৰকাৰে বিষয়টো ওলোটাই বিটিচিলৈ ঠেলি দিয়াত  ১৮৮ গৰাকী কৰ্মচাৰী গভীৰ সমস্যাত পৰে । একেখন ৰাজ্যৰ এক অংশই ফিক্সড পে'ত নিযুক্তি লাভ কৰিলে অাৰু একমাত্ৰ বিটিএডিৰ বাসিন্দা হোৱাৰ বাবেই ১৮৮ গৰাকী কৰ্মচাৰী বঞ্চিত হোৱা কাৰ্যত  তীব্ৰ ক্ষোভ প্ৰকাশেৰে সদৌ বিটিএডি পঞ্চায়ত কেজুৱেল কৰ্মচাৰী সন্থাৰ সভাপতি নৰেশ্বৰ ডেকা অাৰু সম্পাদক বিপিন বড়োই তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি অাহ্বান জনাইছে।

একমাত্ৰ বিটিচি গঠন হোৱাৰ বাবেই তেওঁলোকৰ ভৱিষ্যত জীৱন অন্ধকাৰত নিমজ্জিত হোৱাটো গভীৰ পৰিতাপৰ বিষয় বুলি উল্লেখ কৰি সন্থাই তেওঁলোকৰ দাবী মানি নললে অনাগত সময়ছোৱাত তেওঁলোকৰ পৰিয়ালবৰ্গকো সাঙুৰি  লৈ আন্দোলন কৰিব বুলি মন্তব্য কৰে। ইতিমধ্যে অৰ্থাভাৱৰ বাবেই বিটিএডিৰ ৭-৮ গৰাকী কৰ্মচাৰীয়ে অকালতে প্ৰাণ ত্যাগ কৰিলে বুলি মন্তব্যৰে সন্থাই তেওঁলোকৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰক গুৰুত্ব দিয়াৰ অাহ্বান জনাই সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰিছে। অন্যথাই অনিৰ্দিষ্টকালীন অামৰণ অনশনত বহিব বুলি সন্থাৰ সভাপতি নৰেশ্বৰ ডেকাই ভাবুকি প্ৰদান কৰিছে।

সদৌ বিটিএডি পঞ্চায়ত কেজুৱেল কৰ্মচাৰী সন্থাৰ উদ্যোগত অাজি কোকৰাঝাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতত পুৱা ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত ধৰ্ণাত অংশগ্ৰহণকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ পিছত সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ প্ৰেৰণ কৰে। অাজিৰ ধৰ্ণা কাৰ্যসূচীত সন্থাৰ কোকৰাঝাৰ জিলা সভাপতি পবিত্ৰ নাথ, সম্পাদক জাকিৰ হুছেইনকে অাদি কৰি সন্থাৰ শতাধিক সদস্য উপস্থিত থাকে।