গুৱাহাটীঃ newsnextone.comৰ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হ’ব অহা ২৯ জানুৱাৰীত৷ অসমত সুস্থ সাংবাদিকতাৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াসেৰে যোৱা ২০১৭ বৰ্ষত আৰম্ভ হৈছিল অসমৰ প্ৰথমতো অনলাইন নিউজ পৰ্টেল newsnextone.comৰ যাত্ৰা৷ চাওঁতে চাওঁতে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে এবছৰ সম্পূৰ্ণ কৰিলে অসমৰ প্ৰথমটো সম্পূৰ্ণ মুক্ত বাতৰিৰ নিউজ পৰ্টেল newsnextone.com-এ৷ ৰাজ্য খনত গতানুগতিক সাংবাদিকতাৰ ধাৰাক সলনি কৰি সংবাদ মাধ্যমৰ সৈতে সকলো প্ৰকাৰৰ লোকক জড়িত কৰাৰ এক প্ৰয়াস চলাই এবছৰ সম্পূৰ্ণ কৰিলে newsnextone.com-এ৷

গাঁৱৰ সমস্যা, মহিলাৰ সমস্যা, শিশু, সাধাৰণ মানুহৰ কথা, দুৰ্নীতি, ভ্ৰষ্টচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চেষ্টা চলাই গৈছে নিউজ পৰ্টেলটোৱে৷ চৰকাৰৰ জনবিৰোধী নীতি, দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকৰ ন্যায়ৰ হকে জনমত গঠনৰ বাবে চেষ্টা চলাই গৈছে নিউজ পৰ্টেলটোৱে৷ বৰ্তমানৰ সাংবাদ প্ৰতিষ্ঠান সমূহৰ একাংশ পূঁজিপতি, ৰাজনৈতিক দলৰ নেতাৰ হাতৰ পুতলা সদৃশ হৈ পৰাৰ সময়তে ৱেব মিডিয়াৰ ধাৰণাই বিশ্বত সাংবাদিকতাৰ ধাৰণা সলনি কৰিছে৷ চৰকাৰী পক্ষ আৰু পূঁজিপতিৰ হাতৰ পৰা সংবাদমাধ্যমক পুনৰ ৰাইজৰ ওচৰলৈ অনাৰ বাবে ৱেব মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

পৰম্পৰাগত মিডিয়াবোৰে প্ৰভাৱশালী লোকৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰাৰ সময়তে এতিয়া সাধাৰণ মানুহেও ৱেৱ মিডিয়াৰ জৰিয়তে নিজৰ মনৰ কথা ব্যক্ত কৰাৰ সুবিধা পাইছে৷ সাধাৰণ মানুহৰ কন্ঠক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়াসেৰে ২০১৭ বৰ্ষৰ ২৯ জানুৱাৰীত প্ৰতিষ্ঠা হোৱা newsnextone.com-এ অহা ১০ ফেব্ৰুৱাৰীত প্ৰথম প্ৰতিষ্ঠা দিৱস পালন কৰিব৷ গুৱাহাটীৰ মহানগৰীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বৰ্ষপূৰ্তি পালন কৰাৰ প্ৰস্তুতি চলাইছে newsnextone.com-এ৷

১০ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰথম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী৷ কাৰ্যসূচীত newsnextone.comৰ মুখ্য সম্পাদক ড০ দীনেশ বৈশ্য,মুখ্য অতিথি হিচাপে দেশৰ বিশিষ্ট সাংবাদিক তথা The Wireৰ অন্যতম সম্পাদক বিনোদ ডুৱা উপস্থিত থাকিব৷ আনন্দৰ এই ক্ষণত newsnextone.com-এ আপোনালোকৰ দিহা, পৰামৰ্শ ও সহযোগিতা কামনা কৰিছে৷ ৰাজ্যখনৰ সংবাদ জগতৰ এই নব্য ধাৰাত সহযাত্ৰী হৈ অহা সকলোকে newsnextone.comৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি অনুপ্ৰাণিত কৰিব বুলি গভীৰ প্ৰত্যয়েৰে বাট চাইছে newsnextone.comৰ পৰিয়ালে।