নতুন দিল্লীঃ  প্ৰত্যকটো বৰ্ষৰ শেষত নতুন বছৰক আদৰিবলৈ এইবাৰো সকলোৱে অতি ধুমধামেৰে ‘নিউ ইয়েৰ’ পালন কৰিলে৷ এই বিষয়ত সকলোৱে ইতিমধ্যে অৱগত৷ কিন্তু আপুনি এটা কথা জানেনে যে বছৰৰ প্ৰথম দিনটোত কিমান শিশুয়ে জন্ম লাভ কৰিছে?

শুনি আচৰিত হ’ব যে নৱ-বৰ্ষৰ প্ৰথম দিনটোত শিশু জন্ম দিবলৈ বহু লোক ৰৈ থাকে। ২০১৯ বৰ্ষৰ প্ৰথম ১ জানুৱাৰীত ৭ খন দেশত মুঠ ৩ লাখ ৯৫ হাজাৰ ৭২ টা নৱজাতকে জন্ম লাভ কৰিছে। এই দেশকেইখনৰ মাজত ভাৰতৰ স্থান প্ৰথম৷

আনহাতে, চীনে দ্বিতীয় স্থান, নাইজেৰিয়াই তৃতীয় স্থান, পাকিস্তানে স্থান চতুৰ্থ,  ইণ্ডোনেছিয়াই পঞ্চম স্থান, ডেম’ক্ৰেটিক ৰিপাব্লিক অব কংগোৱে সপ্তম স্থান আৰু বাংলাদেশে দখল কৰিছে অষ্টম স্থান৷ 

ইউনিছেফে উক্ত বিষয়ত অধ্যয়ন কৰিছে। সংস্থাটোৰ মতে, ভাৰতত ৬৯,৯৪৪ৰো অধিক শিশু জন্ম লাভ কৰি প্রথম স্থান দখল কৰিছে। আনহাতে ২০১৯ বৰ্ষৰ ১ জানুৱাৰীৰ দিনটোত চীনত ৪৪,৯৪০, নাইজেৰিয়াত ২৫,৬৮৫, পাকিস্তানত ১৫,১১২, ইণ্ডোনেছিয়াত ১১,০৮৬, কংগোত ১০,০৫২ আৰু বাংলাদেশত ৮,৪২৮ টা শিশু জন্ম হোৱা বুলি জানিব পৰা গৈছে৷

উল্লখ্য যে, সমগ্ৰ বিশ্বত ২০১৭ বৰ্ষত জন্ম লাভ কৰা শিশুসকলৰ প্ৰায় ১০ লাখৰো অধিক নৱজাতকে জন্মৰ প্ৰথম দিনাই মৃত্যুৰ মুখত পৰিছে।  আনহাতে, প্ৰায় ২৫ লাখ নৱজাতক জন্মৰ প্ৰথম মাহতে মৃত্যু হৈছে৷ সন্তান প্ৰসৱত সমস্যা, বীজাণু সংক্ৰমণ আৰু নিউমোনিয়াৰ দৰে ৰোগ হোৱাৰ ফলত নৱজাতকৰ মৃত্যুৰ হয়।