newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত দেওবাৰৰ দিনটোতে অৰ্থাৎ ২০১৬ চনৰ ৫ আগষ্টৰ দিনটোতে দুৰ্ষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলিচালনাত ১৪ জনকৈ নিৰীহ লোক মৃত্যুমুখত পৰাৰ লগতে আন ১৮ জনকৈ নিৰীহ লোক গুৰুতৰভাৱে আহত হৈছিল। 

উক্ত ঘটনাত গুলিচালনা কৰা দুৰ্ষ্কৃতিকাৰীটোও নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল। ব্যাপক চাঞ্চল্যকাৰী ঘটনাই দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ঘটনাস্থলীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতা, ছাত্ৰ নেতাৰ আগমন ঘটিছিল আৰু ন্যায়ৰ হকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। 

কিন্তু উক্ত ঘটনাই দুবছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় প্ৰদান কৰা নহল বুলি অভিযোগ উত্থাপিত হৈছে। দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলিচালনাত নিহতৰ পৰিয়ালবৰ্গৰ সদস্যসকলৰ একাংশই একমাত্ৰ উপাৰ্জনক্ষম পৰিয়ালৰ মূৰব্বীক হেৰুৱাই দিশহাৰা হৈ পৰাৰ বিপৰীতে আহতসকলৰ একাংশই এতিয়াও চিকিৎসা চলাই আছে।

চৰকাৰে প্ৰদান কৰা সামান্য অৰ্থ সাহায্য কেতিয়াবা উদং হোৱাত এতিয়া দুৰ্ষ্কৃতিকাৰীৰ গুলিচালনাত আহত-নিহতৰ পৰিয়ালবৰ্গই জীয়াতু ভূগিছে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিহতৰ পৰিয়ালবৰ্গৰ নিকটাত্মীয়ক চাকৰি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। 

আহত আৰু নিহতৰ পৰিয়ালবৰ্গৰ এনে দূদৰ্শাৰ মাজতে দেওবাৰে বালাজান তিনালী দেবোত্তোৰ বজাৰ সমিতিৰ উদ্যোগত ২০১৬ চনৰ ৫ আগষ্টত দুৰ্ষ্কৃতিকাৰীৰ গুলিচালনাত কৰুণ মৃত্যুক সাৱটি লোৱা মৃতকক সুঁৱৰি এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে। বালাজাান তিনালী বজাৰত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত নিহতৰ পৰিয়ালৰ একাংশ সদস্যই মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি কান্দোনত ভাগি পৰে আৰু আহতৰ একাংশই চৰকাৰৰ উদাসীনতাত ক্ষোভ ব্যাক্ত কৰে।  শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত নিহত-আহত পৰিয়ালৰ একাংশ সদস্য উপস্থিত থকাৰ লগতে বিপিএফৰ স্থানীয় নেতা, ভিচিডিচি চেয়াৰমেন আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।