ডিজিটেল ডেস্কঃ বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হৈ ডিজেল টেংকী বিস্ফোৰণ ঘটাৰ ফলত ২২ জনকৈ লোক অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱতি ল’বলগা হৈছে।

উত্তৰ প্ৰদেশৰ বৰেলী বাইপাছত ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে নিশা ১ বাজি ১০ মিনিটত হোৱা এই দুৰ্ঘটনাত ১৯ জনকৈ লোক আহত হৈছে।

ইয়াৰে ছয় জনৰ অৱস্থা অতি সংকটজনক বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। দুৰ্ঘটনাস্থলীৰ পৰা পুৱা ৫.৪৫ বজাত ২২ টাকৈ মৃতদেহ উদ্ধাৰ হয়।

নিহতসকলৰ মৃতদেহ জ্বলি ছাৰ-খাৰ হোৱাত চিনাক্তকৰণত অসুবিধাৰ সৃষ্টি হোৱা বুলি জানিবপৰা গৈছে। নতুন দিল্লীৰ গোণ্ডা অভিমুখী বাছখনত দুজন ড্ৰাইভাৰ আৰু এজন কণ্ডাক্টৰৰ লগতে ৩৮ জন যাত্ৰী আছিল।

ট্ৰাকখন ছাহজাহানপুৰ জিলাৰপৰা আহি আছিল। ট্ৰাকচালকজন পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জনায়।