'আজি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মনত চৰকাৰৰ প্ৰতি বিৰাগ জন্মিছে৷ শান্তি ত্যাগ কৰি যুৱকসকলে সংগ্ৰামৰ পথ বাছি লবলৈ বাধ্য হৈছে৷ যদি অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়া হয়, তেন্তে অসম পুনৰ সংগ্ৰামী যুৱকেৰে ভৰি পৰিব'

Image from Facebook
Image from Facebook

newsnextone.com | গুৱাহাটীঃ জাতিৰ বাব পুনৰ একত্ৰিত হোৱাৰ সময় হৈছে৷ বিদেশীয়ে অসমীয়াৰ মাটি ভেটি দখল কৰাৰ আগতেই অসমীয়াই হাতে হাত ধৰি একত্ৰিত হোৱাৰ সময়৷ যদি আজিয়েই অসমীয়াই একত্ৰিত নহয়, তেন্তে নিজৰ মাটিতেই এদি অসমীয়াই ভগনীয়া হ’ব লাগিব৷ অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ খনেও আজি ওলেটাখৰ লগাইছে৷ জাতি-মাতি-ভেটি ৰক্ষাৰ হকে মাত মাতিম বুলি কোৱা চৰকাৰখনে এতিয়া অসমৰ মাটিত বিদেশীক থাপি ৰাজ্যবাসীলৈ কাল অমানিশা চপাই অনাৰ চক্ৰান্তত ব্যস্ত হৈ পৰিছে৷ 

এনেবোৰ কথাই এতিয়া অসমীয়াৰ মুখে মুখে শুনিবলৈ পোৱা যায়৷ বহু আশা বুকুত সাচি দুবছৰ পূৰ্বে অসমৰ ৰাজ ভাৰ চমজি লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি অসমবাসীক নিশ্চিত সংকতৰ মাজলৈ থেলি দিব বিছাৰিছে বুলি বহুতেই মন্তব্য কৰিব ধৰিছে৷

উল্লেখ্য যে, ৰাজ্যৰ সৰ্বত্ৰে অসম বিৰোধী বহু বিতৰ্কিত বিধেয়ক খন বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিৰোধী কোনো কামেই নকৰো বুলি ৰাজ্যবাসীক আশ্বাস দিছিল৷ কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে আন আন বিজেপিৰ মন্ত্ৰী বিধেয়কে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে মন্তব্য প্ৰকাশ কৰি আহিছে৷ 

আনহাতে চৰকাৰৰ এনে দুমুখীয়া স্থিতিত পতিয়ন যাবলৈ অনিচ্ছুক জাতীয় দল-সংগঠনসমূহ৷ মুখ্যমন্ত্ৰীয়ে অসম বিৰোধী কাম নকৰো বুলি আশ্বাস দিলেও কেন্দ্ৰৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰখনে অসমীয়া জাতিধ্বংসী বিধেয়কখন গৃহীতকৰণৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ দল-সংগঠন তথা সাধাৰণ জনতাই৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতিধ্বংসী বিধেয়কখন গৃহীত কৰাৰ বিৰুদ্ধে দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ চৰকাৰে অসমৰ মাটিত চক্ৰান্তমূলক ভাৱে সংস্থাপন দিব বিচৰা হিন্দু বাংলাদেশীক অসমীয়াই কেতিয়াও মানি ল’ব নোৱাৰে বুলি মন্তব্য কৰি দল-সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ কিন্তু ইমানৰ পিছতো বিজেপি চৰকাৰখনে নিজৰ সিদ্ধান্ত সলনি নকৰাত মঙলবাৰে একেলগে জাঙুৰ খাই উঠিছে ৰাজ্যখনৰ প্ৰায় ২৮ টা দল-সংগঠন৷

মঙলবাৰে মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত অসম ছাত্ৰ সন্থা সহ ২৮ টা জনগোষ্ঠীয় সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ১১ ঘন্টীয়া গণ অনশন কাৰ্যসূচী পালন কৰে৷ অসম চুক্তি ৰূপায়ণৰ বাবে সময় নিৰ্ধাৰিত কৰ্মসূচীৰ দাবী, খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ  দাবী, অবৈধ বাংলাদেশীক শীঘ্ৰে বহিষ্কৃত কৰাৰ দাবী, বাংলাদেশৰ সৈতে চুক্তি সম্পাদন কৰাৰ দাবী, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীৰ লগতে চৰকাৰে গ্ৰহণ কৰা হিন্দু বাংলাদেশী সংস্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত দল-সংগঠনসমূহে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷

মঙলবাৰে পুৱা ৬ বজাৰ পৰা পালন কৰা গণ অনশন কাৰ্যসূচীত আছুৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈ, দীপাংক নাথ, প্ৰমোদ বড়ো, আদিত্য খাকলাৰীৰ লগতে ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷ 

আনহাতে এই গণ অনশন কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা শিল্পী সাহিত্যিকেও অংশগ্ৰহণ কৰে৷ অনশন কাৰ্যসূচীত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, অভিনেতা অৰুণ হাজৰিকা, শ্যামকানু মহন্ত, অদীপ ফুকন, ময়ুৰ বৰা, সমৰ হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকি দল-সংগঠনসমূহক সহযোগ আগবঢ়ায়৷

আনহাতে অনশন কাৰ্যসূচীত আলফাৰ যুদ্ধ বিৰত গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই অংশ লৈ কয় যে যদি চৰকাৰে জাতিধ্বংসী বিধেয়কখন বাতিল নকৰে তেন্তে আলফাই শান্তি আলোচনা ত্যাগ কৰিব৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ চৰকাৰে বলপূৰ্বক ভাৱে গৃহিত কৰিব বিচাৰিছে বুলি দাবী কৰি অনুপ চেতিয়াই কয় যে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবেই আজি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মনত চৰকাৰৰ প্ৰতি বিৰাগ জন্মিছে৷ শান্তি ত্যাগ কৰি যুৱকসকলে সংগ্ৰামৰ পথ বাছি লবলৈ বাধ্য হৈছে৷ যদি অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়া হয়, তেন্তে অসম পুনৰ সংগ্ৰামী যুৱকেৰে ভৰি পৰিব বুলিও মন্তব্য কৰে আলফাৰ যুদ্ধ বিৰত গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া ৫ বজালৈ চলিব লগীয়া দল-সংগঠনসমূহৰ ১১ ঘন্টীয়া গণ অনশন কাৰ্যসূচীয়ে শাসকীয় চৰকাৰখনক কিমান প্ৰভাৱিত কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে৷