ৰায়পুৰঃ ছত্তীশগড়ৰ কাংকেৰ নামৰ জিলাত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা তুমুল সংঘৰ্ষত চাৰিজন জোৱান ছহিদ হোৱাৰ লগতে দুজন আহত হয়৷ অসমৰ বিপুল বৰাও তাৰেই এজনৰ মাজত ছহিদ হৈছিল।

দেশৰ বাবে আহোপুৰুষাৰ্থ দিয়া তিনিজন ছহিদৰ ভিতৰত সহ উপ-নিৰীক্ষক বিপুল বৰা শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিখৌমুখৰ বাসিন্দা আছিল৷ 

এক প্ৰতিবেদনৰ সূত্ৰে এই সংঘৰ্ষ যোৱা ৪ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত কাংকেৰ জিলাৰ মহলা নামৰ গাঁও এখনত সংঘটিত হৈছিল৷ উক্ত জিলাৰ মহলাত মুঠ ১১৪ জন বেটেলিয়ানৰ দলে যোগদান কৰিছিল৷ নক্সালবাদী থকাৰ সম্ভেদ পাই নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছিল তালাচী অভিযান৷

আৰু লগে লগে আৰম্ভ হৈছিল ধাৰাসাৰ গুলীবৰ্ষনৰ লগতে বোমা বিস্ফোৰণ৷ য’ত চাৰিজন লোক গুলীৰ আঘাতত মৃত্যুক সাবতি ছহিদ হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ 

সহ কমাণ্ডেট বিষয়া গোপু ৰাম আৰু আৰক্ষী গোপাল ৰাম এই সংঘৰ্ষত গুলী লাগি আঘাতপ্ৰাপ্ত হয়৷ ছহিদ বৰাৰ লগতে তিনিজন লোক ৰামকৃষ্ণণ, সোমেশ্বৰ আৰু ইশৰাৰ খানেও দেশৰ হকে প্ৰাণ আহুতি দিয়ে৷ ৰাজ্যত লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে দুখজনক ঘটনাই বিপদৰ সংকেত দিয়া যেন পৰিলক্ষিত হয়৷