Cinemareels
Cinemareels

গুৱাহাটীঃ দেওবাৰে সমগ্ৰ বিশ্বই কেঞ্চাৰ দিৱস পালন কৰিব৷ এই ৰোগে বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰ হৈ পৰিছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহু লোক এই ৰোগত আক্ৰান্ত হৈ আহিছে৷ এই ৰোগবিধ সম্পৰ্কত বিভিন্ন অভিজ্ঞ চিকিৎসক, দল-সংগঠনে সজাগতা সৃষ্টিৰ বাবে কাম কৰি গৈছে৷

যিকোনো বয়সৰ লোকৰ দেহত থিতাপি লব এই ৰোগে। এই ৰোগ যিকোনো বয়সৰ যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশু, কিশোৰ-কিশোৰীৰ দেহত হ’ব পাৰে৷ কেঞ্চাৰ ৰোগ নিৰাময়ৰ বাবে ধৈৰ্য ধৰাৰ প্ৰয়োজন। ধপাত, পান মছলা, উদ্যোগৰ পৰা হোৱা প্ৰদূষণ, যান বাহনৰ পৰা হোৱা প্ৰদূষণ আদিৰ পৰা এইৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷ good life style-এ এই ৰোগৰ পৰা মানুহক দূৰত ৰাখিব পাৰে৷

অভিজ্ঞ চিকিৎকৰ মতে, মানুহৰ দেহত যি কোনো ৰোগ হলেই চিকিৎসকৰ ওচৰলৈ যোৱা উচিত৷ তেতিয়া মানুহৰ দেহত কি ৰোগ হৈছে ধৰা পৰে৷ একাংশ লোকে ৰোগীয়া দেহাৰে চিকিৎসকৰ ওচৰলৈ নগৈ ঘুৰে-ফুৰা কৰি থকাৰ ফলত বিভিন্ন ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তহে চিকিৎসকৰ ওচৰলৈ যায়৷ ৰোগে ভয়াবহ ভাৱে দেহত থিতাপি লোৱাৰ পিছতে হে একাংশ লোকে চিকিৎসকৰ ওচৰলৈ যোৱাৰ ফলত চিকিৎসকে উপয়ুক্ত সহায় কৰিব নোৱাৰা হয়৷

আনহাতে একাংশ লোকে অৱহেলা কৰে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ থাকে৷ একাংশ লোকে অন্তিম অৱস্থাত চিকিৎসকৰ ওচৰ চাপে যদিও তেতিয়ালৈ দেহত ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰে৷ বিশেষকৈ কেঞ্চাৰ ৰোগেৰ সৈতে মনোবল, সাহসেৰে মুখামুখি হ’লে সময় মতে চিকিৎসা গ্ৰহণ কৰিলে মানুহে আৰোগ্য হয়৷ এই ৰোগবিধক অৱহেলা কৰাৰ পৰিবৰ্তে সাহসেৰে মোকাবিলা কৰি চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰিলে মানুহে নতুন জীৱন লাভ কৰে৷

পৃথিৱাত বহু লোকে এই যুদ্ধত জয়ী হৈছে৷ বহু লোকে সম্পৰ্ণ নতুন জীৱন লাভ কৰিছে৷ কেৱল এই ৰোগ বিধৰ প্ৰতিকাৰৰ পৰামৰ্শ গ্ৰহণ কৰাৰ প্ৰয়োজন চিকিৎসকৰ পৰা। বিশ্বত এই ৰোগৰ আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা বহু গুণে বেছি। এই ৰোগৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত অভিজ্ঞ চিকিৎসকে আগবঢ়োৱা পৰামৰ্শ এনে ধৰণৰ....

নহৰুঃ ইয়াত থকা ছালফাৰে শৰীৰক কেঞ্চাৰৰ লগত যুঁজ কৰিবলৈ সহায় কৰে। বহু অধ্যয়নৰ পিছত গম পোৱা গৈছে যে নহৰু বহু ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি। খালি পেটত নহৰু চোবাই খোৱাটো উপকাৰী।

ব্ৰকলিঃ ব্ৰকলি নিয়মিত সেৱন কৰিলে স্বাস্থ্যৰ লগতে কেঞ্চাৰ ৰোগ নিৰাময়ত সহায় কৰে। সিজাই বা বইল কৰি খোৱাতকৈ ইয়াক কেঁচাই খালে বেছি ভাল।

নেমুঃ নেমু, কমলা এনে টেঙা নিয়মিত সেৱন কৰিলে শৰীৰত কেঞ্চাৰ ৰোগ নিৰাময় কৰে। 

কাঠফুলাঃ সেমেকা ঠাইত হোৱা নতুবা কাঠফুলাৰ খেতি কৰা হয়। বগা কাঠফুলাত অধিক মাত্ৰাত ছেলেনিয়ম জমা থাকে যাৰ সহায়ত কেঞ্চাৰক শৰীৰত আক্ৰমণত বাধা দিয়ে।

আদাঃ আদাত কিছুমান এনে অণ্ডশয় কোষ জমা থাকে যিয়ে কেঞ্চাৰৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। মিচিগন বিশ্ববিদ্যালয়ে অধ্যয়ন কৰি কৈছে যে আদা পুৱা খালি পেটত সেৱন কৰিলে বহু বেমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।