গৰৈমাৰীঃ  দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ জোৰশিমুলীত তিনিগৰাকী অপহৃত কিশোৰী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে জোৰশিমুলী আৰক্ষী চকীৰ অধীনস্থ কৰাইবিল গাঁও নিৱাসী কামাল উদ্দিনৰ কিশোৰী কন্যাকেইগৰাকীক কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে মাহীয়েকৰ পৰা ৭০ হাজাৰ টকা উৎকোচ হিচাপে লৈ নাৰী সৰবৰাহকাৰী চক্ৰ এটাই তিনি কিশোৰীক লৈ গুৱাহাটীলৈ লৈ যায়।

নাৰী সৰবহৰাহকাৰী দলটোত আছিল ক্ৰমে বকো সমষ্টিৰ অন্তৰ্গত ছাতাৰোপাৰাৰ বাক্কাৰ দেৱানীৰ দুই পুত্ৰ ছলিম উদ্দিন (৪৫), ৰহিম বাদশ্বাহ (৪০), একে গাঁৱৰে আনোৱাৰ হুছেইনৰ পুত্ৰ মোস্তাফা জামান (৩৫) আৰু বগুৰীগুৰিৰ সাগৰ আলীৰ পুত্ৰ নছিম উদ্দিন। নাৰী সৰবৰাহকাৰী চক্ৰটোৱে কিশোৰী তিনিগৰাকীক গুৱাহাটীৰ পৰা বৰপেটালৈ নি ৰে’লযোগে পুৰণি দিল্লীলৈ ৰাওনা হয়।

ইফালে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ মূল নায়ক ৰহিম বাদশ্বাহে আন এখন ৰেলেৰে দিল্লীলৈ যায়। মূল নায়ক ৰহিম বাদশ্বাহে দিল্লীত আগতে উপস্থিত হৈ কিশোৰীকেইগৰাকীক বিক্ৰী কৰি আগধন লোৱাৰো তথ্য পোহৰলৈ আহিছে।

প্ৰাপ্ত বাতৰি মতে, নাৰী সৰবৰাহকাৰী ছলিম উদ্দিন, মোস্তফা হুছেইন আৰু নছিম উদ্দিনে কিশোৰীকেইগৰাকীক লগত লৈ পুৰণি দিল্লী ৰে’ল ষ্টেশ্যনত নামে। ৰে’ল ষ্টেশ্যনত নমাৰ লগে লগে ছলিম উদ্দিন আৰু মোস্তফাই কিশোৰী তিনিগৰাকীৰ ওচৰত নছিম উদ্দিনক থৈ দুয়ো চাহ খাবলৈ যায়। ৰহিম বাদশ্বাহে কিশোৰীকেইগৰাকীক গাড়ীৰে নিবলৈ অহাৰ আগতেই নছিমে কিশোৰীকেইগৰাকীক বিক্ৰী কৰাৰ কথা অৱগত কৰাত কান্দোনত ভাগি পৰে।

নছিমে উপায়ান্তৰ হৈ কিশোৰীকেইগৰাকীক লৈ পুনৰ নতুন দিল্লীৰ পৰা ৰে’লেৰে জোৰশিমুলীলৈ আহি লম্পটকেইটাৰ ঘৰ বিচাৰি উলিয়াই ৰাইজৰ ওচৰত ন্যায় বিচাৰে। অভিযোগ মতে স্থানীয় ৰাইজে ন্যায় দিয়াতো দূৰৈৰ কথা, ডাবি-ধমকিৰে কিশোৰীকেইগৰাকীক খেদি দিয়ে। অৱশেষত পৰিয়ালে ন্যায় বিচাৰি পুনৰ জোৰশিমুলী যুৱ উন্নয়ন সমিতিৰ সভাপতি আজিৰুল হক সৰকাৰৰ কাষ চাপে।

ইতিমধ্যে যুৱ উন্নয়ন পৰিষদৰ কৰ্ম-কৰ্তাসকলে ভুক্তভোগী কিশোৰীকেইগৰাকীক সহায় কৰিবলৈ আৰক্ষীৰ কাষ চাপিছে। আনহাতে, নাৰী সৰবৰাহকাৰীকেইজনে ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পিছৰ পৰা পলাই থকা বুলি জানিব পৰা গৈছে।