তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোণজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা-পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা আজিও অব্যাহত থকাৰ সময়তে এই ঘটনাৰ সৈতে জড়িত আলফা কেডাৰক চিনাক্ত কৰিছে আৰক্ষীয়ে৷

এই ঘটনা আলফাই সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰাৰ পিছতে খোদ আলফাই সংঘটিত কৰাৰ বুলি স্বীকাৰ কৰিছিল এই ঘটনা৷ আৰক্ষীয়ে দুধৰ্ষ আলফা কেডাৰ কেইজনে এই হত্যাকাণ্ডই নহয় বৰ্তমান ধন দাবী আৰু অপহৰণ কাণ্ড সংঘটিত কৰি আতংকৰ সৃষ্টি কৰি অহা বুলি কয় এই দলটোৱে৷ তিনিচুকীয়া জিলা প্ৰশাসনে তিনিচুকীয়া জিলাৰ বৰডুমছা থানা এলেকাৰ নতুন গাঁৱৰ ৰুদ্ৰেশ্বৰ বৰুৱা ওৰফে জান অসম, তিনিচুকীয়া জিলাৰ সোণজানৰ বুলন মৰাণ ওৰফে বুলবুল আৰু শিৱসাগৰৰ উদয় অসমে পিতা-পুত্ৰ অন্তেশ্বৰ মহন্ত-কৰুণ মহন্তক গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ কৰে৷

আছুৰ কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কৰুণ মহন্তৰ লগতে তেওঁৰ পিতৃ বিজেপিৰ নেতা তথা সমাজ সেৱক অন্তেশ্বৰ মহন্তক গুলীয়াই হত্যা কৰিছিল আলফাই৷ আলফাই এই কাণ্ড সংঘটিত কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ প্ৰতিবাদত উত্তাল হৈ পৰিছিল তিনিচুকীয়া জিলা৷ ১৩ ডিচেম্বৰত তিনিচুকীয়া জিলা বন্ধ সৰ্বাত্মক ভাৱে পালন কৰাৰ পিছত ১৪ ডিচেম্বৰত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ঘটনাৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসুচী পালন কৰি আলফা(স্বা)ক ধিক্কাৰ দিছিল৷

ইতিমধ্যে অসম আৰক্ষীয়ে ৪গৰাকী আলফাৰ কেডাৰক জালত পেলাবলৈ অভিযান অব্যাহক ৰাখিছে৷ আলফা(স্বা)ৰ প্ৰচাৰ সচিব অৰুণোদয় অসমে একবিবৃতি যোগে অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তই আৰক্ষী প্ৰশাসনৰ হৈ চোৰাংচোৰা কৰাৰ লগতে তেনে কামত জড়িত নহবৰ বাবে তিনিবাৰকৈ আলফা(স্বা)ৰ সদস্যই পিতা-পুত্ৰক অনুৰোধ জনোৱাৰ পিছতো চোৰাংচোৰা কৰি থকাৰ লগতে আলফা(স্বা) ৰ সদস্যৰ ঘৰত আত্মসৰ্মপণ কৰিবৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত হত্যাৰ কৰাৰ কথা স্বীকাৰ কৰিছিল৷