ডিব্ৰুগড়ঃ চৰকাৰ সলনি হ’ল যদিও বিষয়া-কৰ্মচাৰীৰ মানসিকতা সলনি নহ’ল৷ বহু বিষয়া জেলত থাকিব লগা হোৱাৰ পিছতো বিষয়া-কৰ্মচাৰীয়ে ধন আত্মাসাৎ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে৷ এইবাৰ পোহৰলৈ আহিছে ডাকঘৰত গ্ৰাহকে জমা কৰা ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াকে কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ডিব্ৰুগড় জিলাৰ ডিকম ডাকঘৰত সংঘটিত হৈছে এই ঘটনা৷ সোমবাৰে গ্ৰাহকে প্ৰাপ্য ধন বিচাৰি ডিকম ডাকঘৰ ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, জিলাখনৰ ডিকম ডাকঘৰৰ অন্তৰ্গত ফুকনৰখাট উপ-ডাকঘৰত একাংশ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ একাংশ দৰিদ্ৰ মহিলাই দীৰ্ঘদিনৰ পৰা কষ্টৰে উপাৰ্জন কৰা ধন জমা কৰা৷

প্ৰায় দুহেজাৰ গ্ৰাহকে প্ৰায় ৪০ লক্ষাধিক টকা জমা কৰে যদিও জমাকৃত ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হয়৷ গ্ৰাহকৰ সাঁচতীয়া ধন আত্মসাতৰ ঘটনা সংঘটিত হৈ অহাৰ বাতৰিয়ে শিৰোণামা দখল কৰি অহাৰ সময়তে ডিব্ৰুগড়ৰ ডিকমত ডাকঘৰৰ পৰাই গ্ৰাহকৰ ধন হৰলুকী হোৱা খবৰ প্ৰচাৰ হোৱাৰ পিছতেই ৰাইজ ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

স্বয়ং ডাক ঘৰৰ বিষয়া-কৰ্মচাৰীয়ে কৌশলেৰে সৰ্বসাধাৰণ গ্ৰাহকৰ সাঁচতীয়া ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ডিকম শাখা ডাকঘৰৰ অধীনৰ ফুকনৰখাট উপ-ডাকঘৰৰ গ্ৰাহকৰ জমাকৃত ধন গ্ৰাহকে উলিয়াবলৈ আহি নিজৰ একাউন্টত ধন বিচাৰি নোপোৱাত হাহাকাৰ লাগে৷ বৃহৎ বিত্তীয় কেলেংকাৰীৰ তথা পোহৰলৈ অহাৰ পিছতেই গ্ৰাহকসকল শংকিত হৈ পৰে৷

বিগত ২০১৪ চনৰ পৰাই সংঘটিত হৈ অহা এই ধন আত্মসাতৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ অহাত প্ৰায় দুই শ-শ গ্ৰাহকে সোমবাৰে উত্তাল কৰি তোলে ডিকম ডাকঘৰ। অভিযোগ মতে একোজন গ্ৰাহকৰ পঞ্চাশ হেজাৰ পৰা আঢ়ৈ লাখলৈকে প্ৰায় চল্লিছ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয় ডিকম ডাকঘৰ আৰু ফুকনৰখাট শাখা ডাকঘৰৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে৷

সোমবাৰে গ্ৰাহকে জমা ধন ঘুৰাই দিয়াৰ দাবীত ডাকঘৰ ঘেৰাও কৰাৰ লগতে ডাকঘৰৰ ভিতৰত অৱস্থান গ্ৰহণ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পুৱা এঘাৰ বজাৰ পৰা আবেলি তিনি বজা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰাত ডাকঘৰৰ কাম-কাজ অচল হৈ পৰে৷