ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে প্ৰতিদিনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৪১০জনকৈ লোকে৷ ২০১৬ চনৰ এই পৰিসংখ্যাই পূৰ্বৰ বছৰতো বাদেই, একেবাৰে যোৱা ৪৬ বছৰৰ সকলো সীমা অতিক্ৰম কৰিছে৷ ২০১৫ চনত প্ৰতিদিনে পথ দুৰ্ঘটনাত নিহত হৈছিল ৪০০ জনকৈ লোক৷

টাইমছ অব ইণ্ডিয়াৰ এটি বাতৰিত প্ৰকাশ পাইছে এই তথ্য৷ বাতৰিটোত কোৱা হৈছে যে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰে ২০১৬ বৰ্ষত অভিলেখ সৃষ্টি কৰিছে৷ বিগত বৰ্ষত সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ বলি হৈছে ডেৰ লক্ষাধিক লোক৷ ২০১৫ বৰ্ষত এই সংখ্যা আছিল ১.৪৬ লাখ৷ মিজোৰাম, চণ্ডীগড়, দমন আৰু ডিউ, দাদৰা নগৰ হাভেলীৰ বাদে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পথ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ উক্ত তথ্য বাতৰিটোত উল্লেখ কৰা হৈছে৷

এই সন্দৰ্ভত পৰিবহণ মন্ত্ৰণালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই জনাইছে, ‘এই পৰিসংখ্যা সঁচাকৈয়ে চিন্তাৰ কাৰণ৷ আমি আহতৰ সংখ্যা আৰু দুৰ্ঘটনা ধীৰে ধীৰে কমাবলৈ চেষ্টা অব্যাহত ৰাখিছো৷’ উল্লেখ্য যে অহা ৩ বছৰৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৫০ শতাংশ কম কৰাৰ লক্ষ্য হাতত লৈছে বুলি জানিবলৈ দিছে চৰকাৰে৷

পৰিসংখ্যা অনুযায়ী ২০১৬ বৰ্ষত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰত৷ এই তালিকাত বিহাৰৰ পিছতে আছে পশ্চিমবংগ, উত্তৰপ্ৰদেশ, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ৷ এই ৬ খন ৰাজ্যত দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১৯৭০ চনৰ পিছত এই প্ৰথমবাৰ দ্ৰুত হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ দুৰ্ঘনাত নিহতৰ সংখ্যা হ্ৰাস পাইছে মাত্ৰ ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত৷