newsnextone.com | ডিজিটেল ডেস্কঃ ৪৮ ঘণ্টা ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ বিভিন্ন এলেকাৰ জনসাধাৰণৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। ইতিমধ্যে বান আৰু ব্ৰজ্ৰপাতত কমেও ৪৯ গৰাকী লোকৰ মৃত্যু হৈছে যোৱা তিনিটা দিনত। 

সকলোতকৈ বেছি লোকৰ মৃত্যু হৈছে আগ্ৰাত। আগ্ৰাত এতিয়ালৈ ৬গৰাকী লোকৰ মৃত্যু হৈছে। মিৰাটত তিনিজন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ মতে, উত্তৰ প্ৰদেশৰ আন আন ঠাইত বান পানীৰ বাবে ৩৩গৰাকী লোকৰ মৃত্যু হৈছে।

 ২৬ জুলাইৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰষুণ দি থকাৰ ফলতেই বাঢ়নী পানীয়ে বহি ঠাই ডুবাই পেলায়। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উদ্ধাৰ অভিযান চলাই যাবলৈ নিৰ্দেশ দিয়ে। মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে চৰকাৰে। বৰষুণৰ ফলত নৈ সমূহৰ পানী বাঢ়ি অহাৰ ফলতেই ৰাস্তা ঘাট ডুব যোৱাৰ লগতে বিদ্যুতৰ সংযোগ ব্যাহত হৈ পৰিছে।