পাঞ্জাবাৰীঃ মহানগৰীৰ উন্মুক্ত শিলসাকো বিলত সলিল সমাধি ঘটে এটি ৫ বছৰীয়া শিশুৰ। এই শিশুটি হৈছে সাতগাঁও নিবাসী হালিম আলীৰ পুত্ৰ হাছেন আলী।

লগৰীয়াৰ সৈতে ওমলি থাকোতে হঠাৎ আজি দিনৰ এক বজাত শিলসাকোৰ পানী যুঁৱলিত পিছলি পৰে ৫ বছৰীয়া হালিম।
লগে লগে হুৱা-দুৱা লাগে ওচৰ-চুবুৰীয়াৰ মাজত। খবৰ দিয়া হয় চৰকাৰী পক্ষক। কিন্তু বহু পলমকৈহে দুৰ্ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফৰ দল।

কেবাঘণ্টাৰ অন্তত স্থানীয় ৰাইজৰ তৎপৰতাত এছ ডি আৰ এফে শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে। এছ ডি আৰ এফ বাহিনী সময়মতে ঘটনাস্থলীত উপস্থিত হ'লে শিশুটিক জীৱন্তে উদ্ধাৰ কৰিব পৰা গ'লহেতেন বুলি মন্তব্য কৰি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

"সময়মতে অহা হ'লে শিশুটিৰ মৃত্যু নহ'লহেতেন। দেওবাৰৰ দিনটোত কোনো ধৰণৰ যান-জঁট নথকাৰ পিছতো কিয় ইমান সময় ল'লে সেয়া সঁচাকৈয়ে আশ্বৰ্যজনক। ইমান লেহেমীয়া হ'লে কিহৰ দুৰ্যোগ ব্যৱস্থাপনা?"-এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে দীপু আহমেদ নামৰ স্থানীয় এজন সমাজ সচেতক লোকে।