newsnextone.com | ডিজিটেল ডেস্কঃ  দিল্লীৰ বুৰাৰীত একেটা পৰিয়ালৰ ১১গৰাকী লোকে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ ঝৰখাণ্ডৰ হাজিৰাবাগত একেটা পৰিয়ালৰ ৬ গৰাকী লোকে আত্মহত্যা কৰে৷ ঝৰখাণ্ডৰ হাজিৰাবাগ জিলাত শনিবাৰে নিশা একেটা পৰিয়ালৰ ৬গৰাকী লোকে গণ আত্মহত্যা কৰে৷ পৰিয়ালটোৰ ৫গৰাকী লোকে চিপ লৈ আৰু এগৰাকী লোকে বিল্ডিংৰ পৰা জপিয়াই আত্মহত্যা কৰে৷

হাজিৰাবাগৰ মহাবীৰ চ’কত খাদ্য সামগ্ৰী বিক্ৰী কৰা এখন দোকান আছে পৰিয়ালটোৰ৷ মহাবীৰ মহাশ্বেৰী পৰিয়ালটোৰ মুৰব্বী৷ মহাবীৰ মহেশ্বৰীৰ লগতে পত্নী কিৰণ মহেশ্বৰী, পুত্ৰ নৰেশ অাগৰৱাল, বোৱাৰী প্ৰীতি আগৰৱাল, ১১ বছৰীয়া নাতি ইমন, ৬ বছৰীয়া নাতিনী য়ানবীয়ে আত্মহত্যা কৰে৷  

দিল্লীৰ ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানেও উদ্ধাৰ হোৱা নাই যদিও ঝৰখাণ্ডৰ পৰিয়ালটোৱে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ লগতে জীৱন যুদ্ধত ভাগৰি পৰি আত্মহত্যা কৰা বুলি জানিব পৰা যায়৷ আত্মহত্যা কৰাৰ পূৰ্বে লিখি থৈ যোৱা এখন নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে বৰ্তমানেও ঘটনাৰ তদন্ত কৰি আছে৷ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷