ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া তথ্য মতে মণিপুৰৰ লিচাং গাঁও খনত বিদ্যুতৰ সংযোগ দিয়াৰ লগে লগে দেশৰ প্ৰতি খন গাঁৱতে বিদ্যুৎ সংযোগ সম্পূৰ্ণ হ’ল৷ চৰকাৰী তথ্য মতে হয়তো লিচাং গাঁও খনক সদায় নমত ৰাখিব লাগিব৷ দেশৰ চৰকাৰে দিল্লীৰ পৰা আৰম্ভ কৰা দিন দয়াল আঁচনিৰ জৰিয়তে  অন্তিম খন গাঁৱে বিদ্যুতৰ পোহৰ লাভ কৰাৰ লগে লগে চৰকাৰে আঁচনি সফল হোৱা বুলি দাবী কৰে৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ৰাজহুৱাকৈ সমূহ গাঁৱে বিদ্যুৎ সংযোগ লাভ কৰা বুলি কয়৷ ২৮ এপ্ৰিলত কেন্দ্ৰীয় শক্তিমন্ত্ৰী পিয়ুষ গোৱেলে এই খন চৰকাৰৰ অন্যতম আঁচনি দীনদয়াল আঁচনিয়ে লক্ষ্যত উপনীত হোৱা বুলি কয়৷ 

দেশৰ আগশাৰীৰ ইংৰাজী নিউজ চেনেল টাইমছ নাৱত প্ৰকাশ পোৱা বাতৰি মতে, একাংশ লোকে চৰকাৰৰ এই দাবীত আট্টহাস্য কৰে৷ চেনেলটোৰ মতে দেশৰ ৯৭ শতাংশ গাঁৱত মোডী চৰকাৰ অহাৰ পূৰ্বেই বিদ্যুতৰ সংযোগ দিয়া হৈছিল৷ ইউপিএ চৰকাৰৰ দিনত ৭৯ শতাংশৰ পৰা ৯৭ শতাংশ গাঁৱত বিদ্যুতৰ সংযোগ দিয়া হৈছিল৷

তাৰ লগে লগে দেশৰ অন্যতম অৰ্থনীতিবিদ ৰূপা সুব্ৰমনিয়ামে টুইট কৰি আন এটি তথ্য দিয়ে৷ অৰ্থনীতিবিদগৰাকীয়ে ২০১৩ চনতে ৯৪ শতাংশ গাঁৱত বিদ্যুতৰ সংযোগ দিয়া হৈছিল বুলি কয়৷