newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিৰোধী দলৰ এটা প্ৰতিনিধি দলে অসমৰ এনআৰচিৰ বিষয়ত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰিব। কংগ্ৰেছ. টিএমচি, এছপি, বিএছপি, বাম মৰ্চাৰ লোকৰ এটা প্ৰতিনিধি দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ৪০ লাখ লোক বাদ পৰা বিষয়ত হস্তক্ষেপ বিচাৰিব বুলি জানিব পৰা গৈছে। দলটোৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই দাবী জনাব। ৰাষ্ট্ৰপতিক সাক্ষাত কৰি এজনো ভাৰতীয় যাতে এনআৰচিৰ পৰা বাদ নপৰে তাৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিব। 

উল্লেখ্য যে, ৩০ জুলাইৰ পুৱা ১০ বাজি ১৯ মিনিটত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিছিল এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে। পুৱা ১০ বজাত এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবাঞ্চলৰ দায়িত্বত থকা সচিব সত্যেন্দ্ৰ গাৰ্গে সংবাদ মেল সম্বোধন কৰি এনআৰচিৰ খচৰা মুকলি কৰিছিল। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৩ কোটি ২৯ লাখ লোকে আৱেদন কৰা এনআৰচিৰ খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিবিষ্ট কৰা হৈছে আৰু ৪০ লাখ লোক বাদ পৰিছে বুলি জানিবলৈ দিয়ে। তাৰ পিছতে সংসদ উত্তাল হৈ পৰাৰ লগতে সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।